গুৱাহাটীঃ চাকৰি নিয়মীয়াকৰণৰ দাবীত আজি ৰাজপথলৈ ওলাই আহিল ঠিকাভিত্তিক শিক্ষকসকল। সাত বছৰ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাইস্কুল পৰ্যায়ত শিক্ষাদান কৰি থকা ঠিকাভিত্তিক শিক্ষকৰ জীৱনক লৈ হেতালি খেলিছে ৰাজ্যৰ শিক্ষা বিভাগে- এই অভিযোগ উত্থাপন কৰিছে ২০১০ চনতে নিযুক্তি পায়ো অনিশ্চয়তাত ডুবি থকা ৬৫০৬ জন ঠিকাভিত্তিক শিক্ষকে।

অনিশ্চয়তাত ভোগা ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত দীঘলীপুখুৰীৰ পাৰত আজি অৱস্থান ধৰ্মঘটেৰে উক্ত অভিযোগেৰে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাই। লগতে সমূহ জিলা সদৰ আৰু কামৰূপ (মহানগৰ) জিলা সমিতিয়েও এই তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘটত যোগদান কৰে। 

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে শিক্ষকৰ যোগ্যতা পৰীক্ষা (টেট) নোহোৱাকৈয়ে এইসকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে নিৰ্দেশ দিয়াৰ লগতে শিক্ষা বিভাগে গঠন কৰি দিয়া সংসদীয় স্থায়ী কমিটিয়েও একেই পৰামৰ্শ দিছিল। কিন্তু কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত এই নিৰ্দেশাৱলী গালো বালো খোলাকটিৰ তাল হোৱা বুলি মন্তব্য কৰিছে শিক্ষকসকলে। 

আজি কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অনিশ্চয়তাত বুৰ গৈ থকা শিক্ষকসকলৰ মৰ্যাদা প্ৰদান কৰিবলৈ আহ্বান জনোৱা সন্থাই চাকৰি বিনাচৰ্তে নিয়মীয়াকৰণ কৰাৰ লগতে ডিআৰএচচি প্ৰতিবেদন কাৰ্যকৰী কৰা, আদালতৰ পুনৰীক্ষণৰ আবেদন প্ৰত্যাহাৰ কৰাৰ বাবেও দাবী উত্থাপন কৰে। সমান কামৰ বাবে সমান মজুৰিৰ কথাও দোহাৰে সন্থাই। 

উল্লেখ্য যে দীৰ্ঘদিন ধৰি বিভিন্ন দল-সংগঠনে এই সম্পৰ্কে মাত মাতি অহা স্বত্বেও আজি পৰ্যন্ত শিক্ষাবিভাগে এই বিষয়ত কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰি অৰ্হতাসম্পন্ন আৰু দায়িত্বশীল শিক্ষকসকৰ জীৱনলৈ চৰম হতাশা নমাই আনিছে বুলি প্ৰতিবাদকাৰীসকলে মতপোষণ কৰে।

এনে হেমাহীয়ে বিগত সাতবছৰ ধৰি হাইস্কুলসমূহত নিষ্ঠাৰে শিক্ষাদান কৰি অহা ঠিকাভিত্তিক শিক্ষকসকলৰ মনোবল ভাঙি পেলাব বুলিও আশংকা ব্যক্ত কৰিছে শৈক্ষিক মহলে।