কোকৰাঝাৰঃ  সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ নেতা সকলে নিজৰ প্ৰকৃত পৰিচয় সুপ্ত ৰাখি নিজকে কোচ ৰাজবংশী বুলি পৰিচয় দি কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰনৰ দাবী উত্থাপন কৰা কাৰ্য প্ৰকৃততে দালালিৰ হে নামান্তৰ৷ এই বিস্ফোৰক অভিযোগ কৰিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই ৷

⇒ আক্ৰাছুৰ নেতাক তীব্ৰ সমালোচনা বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ
⇒ কোচ সকলক মেচ বংশৰ ঠাল আখ্যা
⇒ অাক্ৰাছুৰ অাান্দোলনৰ ব্যয় বহন কৰে বিপিএফে : জনকলাল

আজি এক প্ৰেছ বিবৃতিযোগে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰী আৰু সম্পাদক জয়ন্ত বড়োই উক্ত অভিযোগ উত্থাপন কৰি আক্ৰাছুৰ নেতা ক্ৰমে- বিশ্বজিৎ ৰায়,হিতেশ্বৰ বৰ্মন আৰু গোকুল বৰ্মনক তীব্ৰ সমালোচনা কৰি কোচ ৰাজবংশী নামেৰে কোনো জাতি নাই বুলি মন্তব্য কৰে।

বিবৃতিত আক্ৰাছুৰ নেতাই কোচ নোহোৱাকৈ কোচ আৰু ৰাজবংশ নোহোৱাকৈ ৰাজবংশী বুলি পৰিচয় দিয়া কাৰ্য কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলিও তীৰ্যক মন্তব্য কৰে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই ৷ প্ৰেছ বিবৃতিটোত জনজাতি সুৰক্ষা মঞ্চই দাবী কৰা মতে কোচ সকল প্ৰকৃততে মেচ বংশৰহে এটা ঠাল আৰু ৰাজবংশী সকলৰ ভাষা সংস্কৃতমূলীয় ৰংপুৰীয়া বাংলা ভাষাহে ৷

পশ্চিমবংগত কোচ আৰু ৰাজবংশী নামেৰে দুটা পৃথক পৃথক অনুসূচীত জাতি অাছে আৰু অসমত কোচ আৰু ৰাজবংশীয়ে পৃথকে পৃথকে অ.বি.চি হিচাপে স্বীকৃত হৈ আহিছে ৷ সেয়েহে আক্ৰাছুৰ নেতা সকলে কোচ ৰাজবংশী বুলি পৰিচয় দিয়াটো ছদ্মবেশীৰ পৰিচয়ৰ নামান্তৰ বুলি উল্লেখ কৰি ১৯৪৯ চনৰ ৮ আগষ্টত কোচবিহাৰ ৰাজ্যক ভাৰতৰ লগত চামিল কৰাকে কমতাপুৰ ৰাজ্যৰ চুক্তি হোৱা বুলি আক্ৰাছুৰ নেতা সকলে জাহিৰ কৰাটো অজ্ঞতাৰহে পৰিচয় বুলি জনজাতি সুৰক্ষা মঞ্চই মন্তব্য কৰিছে ৷

প্ৰকৃততে কোচবিহাৰৰ ৰজা সকল হাওৰীয়া মেচ বংশৰ নাতি পুতিহে আছিল আৰু ব্ৰাহ্মণসকলে মেচ ৰজাক হিন্দু ধৰ্মান্তকৰনৰে কোচ বুলি মাতিছিল ৷ গতিকে কোচ ৰাজবংশী সকলৰ কোনো ধৰনৰ বংশ সম্পৰ্ক নাই বুলি দাবী কৰিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰী আৰু সম্পাদক জয়ন্ত বড়োই ৷

আনহাতে আক্ৰাছুৰ নেতা সকলে অৰ্থৰ লোভত বিপিএফ দলৰ নেতাৰ নেগুৰত ধৰি ঘূৰি ফুৰা কথাটো সঁচা বুলি পুনৰবাৰ দোহাৰি আক্ৰাছু নেতা সকলৰ আন্দোলনৰ সম্পূৰ্ণ ব্যয় বিপিএফ নেতাই বহন কৰে বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই । আক্ৰাছুৰ নেতা ক্ৰমে হিতেশ্বৰ বৰ্মন আৰু গোকুল বৰ্মনৰ প্ৰকৃত উপাধি মদাচি আৰু বিশ্বজিৎ ৰায়ৰ প্ৰকৃত উপাধি সূত্ৰধৰহে  বুলিও চাঞ্চল্যকৰ মন্তব্য কৰিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰী আৰু সম্পাদক জয়ন্ত বড়োৱে ৷