গুৱাহাটীঃ অৱশেষত নিজ নিজ ঘৰ পালেহি কটনৰ নিখোজ তিনি ছাত্ৰই৷ বৃহস্পতিবাৰৰ পৰা হঠাৎ নিখোজ হৈ পৰা মেধাৱী ছাত্ৰ কেইজনে হাওৰাৰ পৰা ৰেলেৰে আহি আজি গুৱাহাটীত উপস্থিত হয়৷ 

পৰীক্ষাত উৰ্ত্তীৰ্ণ হ'ব নোৱাৰি পৰিয়ালৰ লোকৰ সৈতে মুখামুখি হ'বলৈ ভয় কৰি ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ পাৰ্থ প্ৰতিম, তন্ম. কাথাৰ আৰু ৱাহেদুৰ ৰহমানে ঘৰ এৰি ৰেলযোগে হাওৰা অভিমুখে ৰাওনা হৈছিল ৷

বৃহস্পতিবাৰে তিনিওজন ছাত্ৰই ঘৰৰ পৰা ওলাই গৈ সময়মতে উভতি নহাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে৷ পিছত পৰিয়ালৰ লোকে মহানগৰ আৰক্ষীৰ কাষ চাপে।

পৰিয়ালৰৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ছ'চিয়েল মিডিয়াযোগে তেওঁলোকৰ অৱস্থিতি সম্পৰ্কে অৱগত হয় ৷ আৰক্ষীয়ে তদন্ত কৰাৰ সমানে সমানে পৰিয়ালৰ লোকেও সন্ধান অব্যাহত ৰখাৰ উপৰিও ছাত্ৰ কেইজনক ঘৰলৈ উভতি আহিবলৈ কাকুতি মিনতি জনাই আহিছিল ৷ 

পৰিয়ালৰ লোকৰ আহ্বানত ঘৰমুৱা হয় মেট্ৰিকত ভাল দেখুৱাই উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত আশানুৰূপ ফল আগবঢ়াব নোৱাৰি লজ্জিত হোৱা ছাত্ৰ কেইজনে ৷ ছাত্ৰ কেইজনে ঘৰ আহি পোৱাত দুঃচিন্তাত দিন পাৰ কৰা পৰিয়ালৰ লোকসকল উৎফুল্লিত হৈ পৰে।

উল্লেখ্য যে এই ঘটনাৰ সৈতে চিকিৎসক ডাঃ মৃণাল শৰ্মাৰ নাম সাঙোৰ খাই পৰিছিল ৷ অনাহকত চিকিৎসকগৰাকীৰ নাম সাঙোৰ খাই পৰাত আজি নিজ নিজ ঘৰত উপস্থিত হৈ ছাত্ৰ কেইজনে দুখ প্ৰকাশ কৰে৷ 

ছাত্ৰ কেইজনৰ পৰিয়ালে কোনো ছাত্ৰ-ছাত্ৰীক কেতিয়াও এনে সিদ্ধান্ত নল'বলৈ আহ্বান জনায় ৷ শেষত পৰিয়ালৰ ওচৰত চকুলো টুকি অনুতপ্ত হৈ নিজকে শুধৰণি কৰাৰ পণ লয় ছাত্ৰ তিনিজনে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও মহাবিদ্যালয়খনৰ কেবাজনো ছাত্ৰই আশানুৰূপ প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হৈ এনেদৰে পলায়ন কৰি পিছত পুনৰ ঘৰমুৱা হৈছিল।