কোভিড মহামাৰীৰ তৃতীয় ঢৌৱে কপাব নেকি বিশ্ব?

ডিজিটেল ডেস্ক,নিউজ নেক্সট ৱান : ক’ভিড–১৯ৰ দ্বিতীয় ঢৌ সম্পূৰ্ণৰূপে  হ্রাস পোৱাৰ পুৰ্বেই পুনৰ মহামাৰী ভাইৰাছটোত আক্রান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে সমগ্ৰ দেশত৷ বিগত সপ্তাহ ধৰি প্রতিদিনে আক্রান্তৰ সংখ্যা ৪০ সহস্রাধিক হৈ থকাত ক’ভিড–১৯ৰ তৃতীয় ঢৌৰ সম্ভাৱনাই শংকিত কৰি তুলিছে সকলোকে।

দেশজুৰি চলিত মাহতে ক’ভিড–১৯ৰ তৃতীয় ঢৌো আৰম্ভ হ’ব বুলি আই আই টি, হায়দৰাবাদৰ অধ্যাপকে সকীয়নি দিছে৷ আই আই টি, হায়দৰাবাদ আৰু কানপুৰৰ গৱেষক–অধ্যাপক মথুকুমালি বিদ্যাসাগৰ আৰু মনীন্দ্র আগৰৱালে প্রকাশ কৰা প্রতিবেদন মতে আগষ্ট মাহত ভাৰতত ক’ভিড–১৯ৰ তৃতীয় ঢৌ আৰম্ভ হ’ব আৰু আক্টোবৰ মাহত ই শিখৰত উঠিব৷ এই সময়ছোৱাত দেশত প্রতিদিনে ডেৰ লক্ষাধিক লোক আক্রান্ত হ’ব৷ ব্ল’মবার্গত প্রকাশিত প্রতিবেদন অনুসৰি অধ্যাপকদ্বয়ৰ অধ্যয়নত এই কথাও স্পষ্ট কৰি দিয়া হৈছে যে  ক’ৰোনা ভাইৰাছৰ তৃতীয় ঢৌ ভাৰতত আগষ্টত আৰম্ভ হৈ অক্টোবৰত ভয়ানক ৰূপ ল’ব৷ এই সময়ছোৱাত নুন্যতম ১ লাখ লোক আক্রান্ত হৈ সর্বোচ্চ ডেৰ লাখ লোকলৈকে আক্রান্ত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ চলিত বর্ষত ক’ভিড–১৯ৰ দ্বিতীয় ঢৌৰ তথ্যৰ ভিত্তিত চলোৱা অধ্যয়নৰ অন্তত প্রকাশিত প্রতিবেদনখনত জুলাইৰ মধ্য ভাগৰ পৰা আগষ্টলৈকে কেৰালাত ক’ভিড–১৯ আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধিয়ে দেশত ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ প্রাদুর্ভাৱ প্রায় নিশ্চিত কৰি তুলিছে৷

লক্ষণীয় যে দেশত ক’ভিড–১৯ৰ তৃতীয় ঢৌৰ সংহাৰ তুলনামূলকভাৱে দ্বিতীয় ঢৌৰ ভয়াৱহতাতকৈ কিছু হ্রাস পাব৷ ইপিনে, এইমছৰ মুৰব্বী ডাঃ ৰণদীপ গুলেৰীয়াই ইতিমধ্যে দেশত ক’ভিড–১৯ৰ তৃতীয় ঢৌৰ আগজাননী দি চৰকাৰক সাৱধান হবলৈ সকীয়নি দিছে৷ কেন্দ্রীয় চৰকাৰে ক’ভিড–১৯ৰ তৃতীয় ঢৌৰ পৰা দেশবাসীক সুৰক্ষিত কৰিব ৰাখিবলৈ বিভিন্ন ব্যৱস্থা গ্রহণ কৰিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি বিগত সপ্তাহ ধৰি প্রতিদিনে আক্রান্তৰ সংখ্যা ৪০ হাজাৰৰো অধিক হৈ আছে৷ যোৱা ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ৪০,১৩৪জনৰ আৰু মৃত্যু ঘটিছে ৪২২জনৰ৷ আক্রান্তৰ তুলনাত সুস্থ লোকৰ সংখ্যা হ্রাস পাইছে৷ যোৱা ২৪ ঘণ্টাত ৪০ সহস্রাধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৩৬,৯৪৬জন৷ ইয়াকে লৈ সুস্থ হোৱা লোকৰ সংখ্যা ৩,০৮,৫৭,৪৬৭জনলৈ বৃদ্ধি পাইছে৷ যোৱা ২৪ ঘণ্টাত ৪২২জন লোকৰ মৃত্যু ঘটাত মৃতকৰ সংখ্যা ৪,২৪,৭৭৩জনলৈ বৃদ্ধি পাইছে৷ দেশত বর্তমান সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৪,১৩,৭১৮জন৷

স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেশত আজিলৈকে ৪৭,২২,২৩,৬৩৯জনক ভেকচিন প্রদান কৰা হৈছে৷ তাৎপর্যপূর্ণ যে ভাৰত বায়’টেকৰ ক’ভিড ভেকচিন ক’ভাক্সিন ক’ৰোনা ভাইৰাইছৰ ডেল্টা প্লাছ প্রকৰণৰ বিৰুদ্ধেও ফলপ্রসূ হ’ব৷

তৃতীয় ঢৌত ৰ্শিসুসকল সৰ্বাধিক আক্ৰান্ত হোৱাৰ আশংকাত চিন্তিত হৈ পৰিছে সকলো।শিসু সকলৰ বাবে কোনোধৰণৰ ভেকচিন এতিয়ালৈ আৱিষ্কাৰ নোহোৱা কথাটোৱেও শংকিত কৰি তুলিছে সকলোকে।