ৰাজস্থানঃ গোৰক্ষাৰ নামত নৰহত্যাৰ প্ৰতিবাদত উতপ্ত হৈ পৰে আজি ৰাজস্থানৰ উচ্চ সদন৷ শনিবাৰে ৰাজস্থানৰ অলবৰত গোৰক্ষাৰ নামত কৰা আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৩ জন আহত হৈছিল৷ আৰক্ষীৰ তথ্য অনুসৰি বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ কিছু কৰ্মীয়ে আক্ৰমণ কৰিছিল এইসকল লোকক।

আজি উক্ত বিষয়টো লৈ উতপ্ত হয় উচ্চ সদন৷ তদুপৰি মৃত পেহলু খানৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে পৰিয়ালটোক ১কোটি টকা দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় পিপ’লছ ইউনিয়ন ফ’ৰ চিভিল লিবাৰ্টিছ দলটোৱে৷

উল্লেখযোগ্য যে  দেশৰ ২২ খন ৰাজ্যত গোৰক্ষকৰ দল আছে৷ গোৰক্ষকৰ  সভাপতি  বাটুলাল জাংগিয়ে কয় যে গো ৰক্ষাই কৰাই তেওঁলোকৰ একমাত্ৰ লক্ষ্য৷  সমগ্ৰ দেশতে প্ৰায় ১৫হাজাৰ  গোৰক্ষক আছে৷ কিন্তু তেওঁলোকৰ পঞ্জীয়ন নাই৷ এনে অবৈধ গোৰক্ষকৰ কাৰ্যকলাপৰ ফলত দেশৰ শান্তি-সম্প্ৰীতি বিনস্ত হ'ব পাৰে বুলি বহুতে মন্তব্য কৰিছে। 

ৰাষ্ট্ৰীয় মহিলা গোৰক্ষক দলৰ নেত্ৰী সাধবী কমলৰ হেচাত ৰাজস্থানৰ এখন হোটেলত গোমাংস বিক্ৰী    প্ৰশাসনে বন্ধ কৰি দিছিল হোটেলখন৷  আনহাতে মেও মুছলিমৰ সৈতে জড়িত ৰাখানৰ মেৱাত অঞ্চলৰ সমাজকৰ্মী নুৰ মহম্মদে কয় যে গোৰক্ষা কৰাটো এক বৃত্তি৷  ৰাজ্যখনৰ আৰক্ষীৰ তথ্য অনুসৰি প্ৰত্যেকদিনাই ৰাজ্যখনত এটা গৰু চালান দিয়া হয়৷  ২০১৬ চনত ৰাজ্যখনত প্ৰায় ৪৭৪টা গৰু চালান দিয়া হৈছে৷