গুৱাহাটীঃ দেওবাৰে গুৱাহাটী মহানগৰীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চিপিআইএমৰ এখন সমাবেশ অনুষ্ঠিত হয়৷ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৰেল-যাত্ৰীবাহী বাছ আদিৰে পুৱাৰে পৰা সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত সমবেত হয় শ-শ লোক৷ চিপিআইএমৰ অসম ৰাজ্যিক সন্মিলন উপলক্ষে অনুষ্ঠিত হয় সমাবেশ।চিপিআইএম নেতা উদ্ধব বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত চিপিআইএমৰ পলিটব্যুৰৰ সদস্য এছ আৰ পিল্লাই অংশ গ্ৰহণ কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি দৰিদ্ৰ বিৰোধী চৰকাৰ আখ্যা দিয়ে৷

বাজেটত মধ্যবিত্ত, মহিলা, শ্ৰমিকৰ বাবে একো নাই বুলি সকলো বিভাগকে ব্যক্তিগত খণ্ডক গতাই চৰকাৰে ব্যৱসায়ীৰ স্বাৰ্থ পূৰণৰ চেষ্টা কৰা বুলি কয়। দেশত এতিয়া সম্পূৰ্ণ সাম্প্ৰদায়িক আৰু কৰ্পৰেট গোষ্ঠীৰ চৰকাৰ চলা বুলি অভিযোগ কৰে পিল্লায়ে৷ মোডীয়ে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা দেশত কৃষকে আত্মহত্যা কৰাৰ ঘটনাই ৰেকৰ্ড কৰা বুলি কয়৷ দেশৰ আৰ্থিক অৱস্থা বেয়াৰ দিশে যোৱাৰ ফলতেই যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন হেৰুওৱাৰ লগতে উদ্যোগ বন্ধ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে চিপিআইএমৰ নেতাগৰাকীয়ে।

দেশ এতিয়া মহা বিপদত তথা ভয়ংকৰ দিশে গতি কৰাৰ লগতে গণতন্ত্ৰ সংকটত পৰা বুলি কয় পিল্লায়ে। চিপিআইএমৰ নেতা বিমান বসু সমাবেশত উপস্থিত থাকি দেশক এতিয়া ভয়ংকৰ শক্তিয়ে নেতৃত্ব দিয়া বুলি কয়। ঐক্যবদ্ধ সংগ্ৰাম কৰিহে এই শক্তিক পৰাস্ত কৰিব লাগিব বুলি কয় বসুৱে। দৰিদ্ৰ শ্ৰমিক, কৃষকসকলে ঐক্যবদ্ধ হৈ যুজ দিলেহে এই শক্তিক পৰাস্ত কৰিব পৰা যাব বুলি কয়৷

চিপিআইএমৰ জ্যেষ্ঠ নেতা হেমেন দাসে দেশত আজি অসহিষ্ণু পৰিবেশে বিৰাজ কৰা বুলি কয়৷ তাৰ মাজতো সকলোকে এইখন সংগ্ৰাম আগবঢ়াই নিবলৈ আহ্বান জনাই৷ গেৰুৱা দল বিজেপিয়ে দেশত সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰি সকলোকে ভাগ ভাগ কৰিব খোজা বুলি কয়৷ সমাবেশত মহিলা নেত্ৰী সত্যবতী ভূঞা গণ শিল্পী ঘন ডেকা উপস্থিত থাকে৷ আনহাতে চিপিআইএমৰ ২২ সংখ্যক অসম ৰাজ্যিক সন্মিলন দেওবাৰৰ পৰা মহানগৰীৰ মাজমজিয়াৰ পাঞ্জাবাৰীত অনুষ্ঠিত হয়৷