বিশেষ প্ৰতিবেদনঃ এসময়ত লোকসভাত মাত্ৰ দুগৰাকী সাংসদেৰে ৰাজনৈতিক ভেটি গঢ়িবলৈ সপোন দেখা দলটো আজি সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ৰাজনৈতিক দল। হঠাৎ নামি অহা এক জোৱাৰে অবিশ্বাস্যভাৱে উত্থান ঘটোৱা দলটোক আজি অনেকেই অপ্ৰতিৰোধ্য বুলি অভিহিত কৰিব বিচাৰে। দুবাৰকৈ কেন্দ্ৰত ক্ষমতাৰ বাঘজৰী হাতত লোৱাৰ পিছত তৃতীয়বাৰৰ বাবেও ক্ষমতা লাভ কৰিব বুলি দৃঢ় বিশ্বাসী হৈ আছে দলটোৰ নেতৃত্ব। ইতিমধ্যে এই বিশ্বাস পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ৭৭তম স্বাধীনতা দিৱসৰ ভাষণতো।

আজি বিশ্বৰ সৰ্ববৃহৎ দল হিচাপে পৰিচিত হোৱা এই দলটোৱেই হৈছে ভাৰতীয় জনতা পাৰ্টী। গাঁৱৰ পৰা দিল্লীলৈ মানুহৰ মাজত অপ্ৰতিৰোধ্যভাৱে শিপাবলৈ সক্ষম হোৱা এই দলটোৰ আজিৰ বাঘজৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতত। দলৰ জয়যাত্ৰাক এক আন্দোলন হিচাপে গঢ়ি তুলিবলৈ সক্ষম হোৱা এই দুই কেন্দ্ৰীয় নেতাৰ কথাতেই আজি পৰিচালিত হয় গোটেই দল।

কিন্তু ২০১৪ৰ পূৰ্বে এই দলৰ নেতৃত্ব আছিল আনৰ হাতত। অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, মুৰুলী মনোহৰ যোশীৰ দৰে নেতাৰ বিজেপিয়ে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু কোৱা হয়, তেতিয়াৰ বিজেপিত এক আদৰ্শ আছিল। সেয়া আছিল উন্নয়নৰ আদৰ্শ। ধৰ্ম আৰু সম্প্ৰদায়ৰ উৰ্ধ্বত দেশৰ বিকাশৰ কথা অধিক চিন্তা কৰা হৈছিল তেতিয়াৰ বিজেপিৰ মাজত। সেয়ে হয়তো জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে এবাৰ কৈছিল- 'লাগিলে এখন আসনৰ বাবেও পৰাজয় মানি ল’ম, তথাপি আদৰ্শৰ পাৰ্থক্য থকা কোনো দলৰ সৈতে মিত্ৰতা নকৰোঁ।’

সময় সলনি হয়। ২০১৪ৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰূপে নৰেন্দ্ৰ মোদীৰ নাম ঘোষণা কৰাৰ পিছতে সমগ্ৰ দেশজুৰি মোদীৰ এক নতুন জোৱাৰ উঠে। সেয়া আছিল পৰিৱৰ্তনৰ জোৱাৰ। কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে, দুৰ্নীতিৰ বিৰুদ্ধে, বিকাশহীনতাৰ বিৰুদ্ধে উঠা সেই জোৱাৰে মাত্ৰ কেইটামান মাহৰ ভিতৰতে সমগ্ৰ দেশক বিজেপিমুখী কৰি তুলিছিল।

পৰিণতি আছিল ২০১৪ৰ নিৰ্বাচনত বিজেপিৰ বৃহৎ সাফল্য। প্ৰথমবাৰৰ বাবে ২৮২খন আসনত জয়লাভ কৰি সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় জনতা পাৰ্টীয়ে। গুজৰাটৰ এখন সৰু গাঁৱৰ পৰা আহি প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ কৰিছিল 'ষ্টেচনত চাহ বিক্ৰী কৰা’ নৰেন্দ্ৰ মোদীয়ে।

২০১৯ৰ নিৰ্বাচনতো অব্যাহত থাকে এই জয়ৰ ধাৰা। সেইবাৰ ৩০৩ খন আসন লাভ কৰি বিজয় ধ্বজা উৰুৱায় মোদী বাহিনীয়ে। দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণৰ সুযোগ লাভ কৰে নৰেন্দ্ৰ মোদীয়ে।

মোদী জোৱাৰত একাষৰীয়া আদৱানী-যোশী

কিন্তু মোদীৰ বিজেপিৰ এই বিজয় যাত্ৰাৰ মাজতে অভিযোগ উত্থাপন হয় দলৰ জ্যেষ্ঠ পুৰণি নেতা্সকলক এলাগী কৰাৰ। বিশেষকৈ দলৰ প্ৰত্যাহ্বানৰ সময়তো যি দুগৰাকী নেতাই বিজেপিৰ হকে অহৰহ কাম কৰি দলটোক পুনৰ শক্তিশালী কৰি তোলাৰ বাবে উঠিপৰি লাগিছিল, সেই দুগৰাকী জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানী আৰু মুৰুলী মনোহৰ যোশীক মোদীৰ নতুন বিজেপিয়ে মূল সূঁতিৰ পৰা আতৰাই ৰখাৰ অভিযোগ উঠে।

এই দুই প্ৰবীণ নেতাক মোদী আৰু শ্বাহ নেতৃত্বাধীন 'ক্ষমতাশালী’ বিজেপিয়ে কোনো গুৰুত্বপূৰ্ণ পদ প্ৰদান নকৰা কাৰ্যই ক্ষুব্ধ কৰি তোলে দলটোৰ জন্মলগ্নৰে পৰা জড়িত হৈ থকা বহু প্ৰবীন নেতা-কৰ্মীক। নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিজেপিৰ বহু পুৰণি সদস্য অশোক শৰ্মায়ো এই সন্দৰ্ভত NNOৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত কয়, ''বিজেপিৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আদৱানীজী, যোশীজীক অন্য গুৰুত্বপূৰ্ণ পদ দিব পৰা গ’লহেঁতেন। কিন্তু সেয়া কৰা নহ’ল। মোৰ বোধেৰে সেয়া সঠিক নহ’ল।’’

অসমত বিজেপিৰ জয়ধ্বজা

অসমত বিজেপিৰ বিৱৰ্তন নাটকীয়তকৈ কম নাছিল। আঞ্চলিকতাবাদ আৰু কংগ্ৰেছৰ দুৰ্গসদৃশ অসম বিজেপিৰ বাবে আছিল তীব্ৰ প্ৰত্যাহ্বান। কিন্তু তাৰ পিছতো একাংশ বিজেপি নেতাই ২০১৪ৰ পূৰ্বে ক্ৰমান্বয়ে তৃণমূল পৰ্যায়ত বিজেপিৰ ভেটি শক্তিশালী কৰাৰ কামত দেহে-কেহে নামি পৰিছিল।

২০১৪ত সমগ্ৰ দেশত বিজেপিয়ে সৃষ্টি কৰা পৰিৱৰ্তনৰ জোৱাৰৰ প্ৰভাৱ পৰে অসমতো। তাৰ পিছতে ক্ৰমশঃ অসমত উত্থান ঘটিবলৈ ধৰে বিজেপিৰ। ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ আৰু অসমৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়নৰ বাবে দিয়া প্ৰতিশ্ৰুতিয়ে অসমৰ ভোটাৰৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰে।

সেই সময়তে কংগ্ৰেছ এৰি বিজেপিত চামিল হোৱা জালুকবাৰী সমষ্টিৰ বিধায়ক হিমন্ত বিশ্ব শৰ্মায়ো নিজৰ জনপ্ৰিয়তাৰ সৎব্যৱহাৰ কৰি বিজেপিক অসমত শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।ইয়াৰে পৰিণামস্বৰূপে ২০১৬ৰ বিধানসভা নিৰ্বাচনত আঞ্চলিকতাবাদী দল অসম গণ পৰিষদৰ সৈতে মিলি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় বিজেপিয়ে। মুখ্যমন্ত্ৰী পদৰ শপত লয় সৰ্বানন্দ সোণোৱালে।

কিন্তু সময় বাগৰাৰ লগে লগে যেন ক্ৰমশঃ অসম বিজেপিয়ে দুটা ধাৰা আৰম্ভ হয়। এটা হ’ল- বিজেপিৰ সৈতে বহু বছৰৰ পৰা জড়িত হৈ থাকি দলক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পুৰণি বিজেপিৰ আৰু আনটো হ’ল কংগ্ৰেছকে ধৰি অন্য ৰাজনৈতিক দলৰ পৰা আহি যোগদান কৰা নতুন বিজেপিৰ। এই দুটা ভিন্ন বিজেপিৰ ধাৰাৰ পৰিপ্ৰেক্ষিততে ২০২১ৰ নিৰ্বাচনত অসমত পুনৰ বিজেপিৰ জয়লাভৰ পিছত সৰ্বানন্দ সোণোৱালক আঁতৰাই মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয় হিমন্ত বিশ্ব শৰ্মাক। 

'পুৰণি-নতুন বুলি কোনো কথা নাই। অসমৰ সকলোৱে স্বীকাৰ কৰিব লাগিবই যে দলে আজি ৰাজ্যখনত ৰাজনৈতিকভাৱে আৰু সাংগঠনিকভাৱে যি শক্তিশালী স্থিতি লাভ কৰিছে তাৰ মূলতেই হৈছে ড০ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা অবিহনে অসমত বিজেপি কোনোপধ্যেই শক্তিশালী হ’ব নোৱাৰিলেহেতেন। সেয়ে পুৰণিসকলেও হিমন্ত বিশ্বক উলাই কৰি চলাতো সম্ভৱ নহয়।’-এইদৰে কয় দাস উপাধিৰ মধ্য অসমৰ এগৰাকী ন-বিজেপি নেতাই। 

ৰাজ্যিক বিজেপিত বিভাজনঃ পুৰণি বিজেপিৰ অসন্তুষ্টি

অসমত বিজেপিৰ উত্থানৰ সমান্তৰভাৱে এক গোপন অসন্তুষ্টি জাগৃত হৈছিল দলৰ প্ৰবীণ নেতাসকলৰ মাজত। কাৰণ এই কথা লাহে লাহে স্পষ্ট হৈ পৰিছিল যে নতুন বিজেপিত কেৱল সেই সকল নেতাকহে আগস্থান দিয়া হৈছে, যিসকলে মাত্ৰ কেইবছৰমান পূৰ্বে অন্য দলৰ পৰা দল পৰিৱৰ্তন কৰি বিজেপিত যোগদান কৰিছে। এনে পৰিপ্ৰেক্ষিতত দলৰ পুৰণি নেতাসকল উপেক্ষিত হোৱাৰ অভিযোগ ক্ৰমান্বয়ে উত্থাপন হ’বলৈ ধৰিছিল।

২০১৭ চনত ৰাজ্যৰ একাংশ পুৰণি বিজেপি কৰ্মীয়ে দলৰ হৈ কাম কৰা প্ৰবীণ নেতা-কৰ্মীক একাষৰীয়া কৰাৰ অভিযোগ তুলি প্ৰথমবাৰৰ বাবে সৰৱ হৈ পৰিছিল। দলৰ মূল মূল্যবোধ আৰু নীতি-নিয়ম শিথিল হোৱা বুলি তেওঁলোকে আক্ষেপ ব্যক্ত কৰিছিল। ৰাজহুৱা সভা আৰু নীৰৱ প্ৰতিবাদেৰে তেওঁলোকে ন-বিজেপিৰ বিৰুদ্ধে নিজৰ আখেজ জাহিৰ কৰিছিল।

কিছুদিন পূৰ্বে ন-বিজেপিৰ বিৰুদ্ধে মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰি চৰ্চালৈ আহিছিল নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা। ২০১৬ৰ বিধানসভা নিৰ্বাচনত তেওঁ নলবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিবলৈ সক্ষম হৈছিল। সমষ্টিবাসীৰ মাজত তেওঁৰ প্ৰভাৱ থকা স্বত্বেও কিন্তু ২০২১ৰ নিৰ্বাচনত পৰিকল্পিতভাৱে তেওঁক আঁতৰাই তেওঁৰ ঠাইত ন-বিজেপি জয়ন্তমল্ল বৰুৱাক টিকট প্ৰদান কৰে নেতৃত্বই। 

তেওঁৰ কাৰ্যকালৰ সময়তে নলবাৰীত নিৰ্মাণকাৰ্য আৰম্ভ হোৱা উৰণীয়া সেতুখন যোৱা ৩ জুলাইত উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এই উৰণীয়া সেঁতুখনৰ আধাৰশিলা স্থাপনত থকা অশোক শৰ্মাৰ নাম পৰিকল্পিতভাৱে মচি পেলোৱাত আক্ষেপ ব্যক্ত কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে। ইয়াৰ পিছতে তেওঁ সংবাদ মাধ্যমৰ মুখামুখি হৈ নতুন বিজেপিৰ নেতৃত্বত পুৰণি বিজেপি নেতা-কৰ্মীসকলক উপেক্ষা কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

ন-বিজেপিয়ে আমাকহে কংগ্ৰেছীকৰণ কৰাৰ চেষ্টা চলাইছেঃ অশোক শৰ্মা

NNOৰ আগত প্ৰাক্তন বিধায়কগৰাকীয়ে এই সন্দৰ্ভত কয়, ''মাকে যিদৰে সন্তানৰ লালন-পালন কৰি ডাঙৰ-দীঘল কৰে, আমিও তেনেকৈ বহু দুখ-কষ্টৰ মাজেৰে দলক সংগঠিত কৰিছো। অন্য দলৰ পৰা আহি বিজেপিত যোগ দিয়া সকলক আমি আদৰণি জনাও। তেওঁলোকক বিজেপিকৰণ কৰিব লাগিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাকহে এতিয়া কংগ্ৰেছীকৰণ কৰা হৈছে। এনে সংস্কৃতি আমাৰ বিজেপিত পূৰ্বে নাছিল।’’

অশোক শৰ্মাই পুনৰ কয়, ''পুৰণি বিজেপিৰ আদৰ্শ আছিল সমাজৰ উন্নয়ন। এই আদৰ্শৰে আমি চৰকাৰখন আনিব বিচাৰিছিলো। কিন্তু এতিয়াৰ আদৰ্শ হৈছে কেনেকৈ চৰকাৰখন বৰ্তাই ৰাখিব পাৰি।’’ প্ৰাক্তন বিধায়কগৰাকীয়ে লগতে কয় যে আজিৰ সময়ত হিতাধিকাৰী সৃষ্টি কৰি ভোট লাভৰ চেষ্টা চলোৱা হৈছে।


ফটোঃ প্ৰাক্তন বিধায়ক অশোক শৰ্মা

বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্ৰক লৈ বিজেপিত ধুমুহা

বিজেপিৰ ভিতৰচ’ৰাত অব্যাহত থকা এই মতানৈক্যৰ মাজতে শেহতীয়াকৈ চৰ্চালৈ আহিছে পূব-গুৱাহাটী সমষ্টিৰ বিধায়ক, প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম। বিজেপিৰ কিষাণ মৰ্চাৰ সম্পাদিকা ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ পিছত একাংশ ন-বিজেপিৰ ষড়যন্ত্ৰৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰিছে সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

দৰাচলতে যোৱা ১১ আগষ্টত মহানগৰীত আত্মহত্যা কৰিছিল বিজেপি কিষাণ মৰ্চাৰ গোলাঘাট জিলা সমিতিৰ সম্পাদিকা ইন্দ্ৰাণী তহবিলদাৰে। ৪৪ বছৰীয়া বিজেপি নেত্ৰীগৰাকীয়ে আত্মহত্যা কৰাৰ পিছতে পোহৰলৈ আহিছিল তেওঁৰ বন্ধ কোঠাৰ এখন গোপন ফটো।

তাৰ পিছতে ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ সৈতে নাম সাঙোৰ খাই পৰিছিল বিজেপি নেতা অনুৰাগ চলিহা, জেল ফেৰৎ দ্বিবন ডেকাৰ নাম। সমান্তৰালভাৱে ইন্দ্ৰাণী তহবিলদাৰৰ গোপন ফটো ভাইৰেল কৰাৰ অভিযোগত চৰ্চালৈ আহিছিল প্ৰবীণ বিজেপি নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্য। একে সময়তে পূব সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যক খলনায়ক সজাব বিচাৰি চৰ্চালৈ আহিছে আন এগৰাকী বিজেপি নেত্ৰী ৰিয়া দাসৰ নাম।

ঘটনাটোৰ পিছতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ এখন পত্ৰ লিখি একাংশ বিজেপি নেতা-কৰ্মীৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি অভিযোগ কৰে সিদ্ধাৰ্থ ভট্টাচাৰ্যই। সংবাদমেলযোগেও তেওঁ এই কথা অৱগত কৰে।

ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতালৈ লিখা পত্ৰখনত বিধায়কগৰাকীয়ে লিখিছে, ‘এজন দলীয় কৰ্মীৰ আত্মহত্যাৰ সৈতে মোৰ নাম জড়িত কৰি ৰহস্যজনকভাৱে বাৰে বাৰে উল্লেখ কৰা হৈছে। টেলিফোনিক বাৰ্তালাপত মোৰ নাম উল্লেখ কৰাৰ সন্দৰ্ভত একাংশ লোকে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে।’’ ৰাজ্যিক বিজেপিয়ে তেওঁক কোনো বিশেষ দায়িত্ব নিদিয়াৰ বাবে বলিৰ পঠা সজোৱাৰ ভয়ংকৰ অভিযোগো উত্থাপন কৰে ভট্টাচাৰ্যই।

এই কথা উল্লেখ কৰি তেওঁ দলটোক বিষয়টোৰ সম্যক তদন্ত নিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, ‘এই ঘটনাৰ সঠিক তদন্ত নিশ্চিত কৰিবলৈ অনুৰোধ জনালোঁ। বিষয়টোৰ লগত জড়িত ব্যক্তিসকলক যথাযথ শাস্তি প্ৰদান কৰিব লাগে। এই ঘটনাত মই জড়িত হোৱাৰ কোনো প্ৰমাণ থাকিলে দলে মোক উপযুক্ত শাস্তি প্ৰদান কৰক।”

প্ৰবীন বিজেপি নেতাগৰাকীৰ এই পত্ৰৰ পিছতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে কোনোৱে দলৰ অনুশাসন ভংগ কৰিলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেওঁ কয়, “বিধায়ক ভট্টাচাৰ্য আমাৰ দলৰ এজন জ্যেষ্ঠ নেতা আৰু তেওঁক যথাযথ সন্মান দিয়া হৈছে।” লগতে কয় যে, “তেওঁক অপমান কৰাটো কোনোপধ্যেই মানি ল’ব নোৱাৰি।”


ফটোঃ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্ৰখনৰ প্ৰথম পৃষ্ঠা, উৎস- Ishan Newsৰ ফেচবুক পেজ

ইন্দ্ৰাণীৰ আত্মহত্যা কাণ্ডত নাম সাঙোৰ খাই পৰা কোন এই ৰিয়া দাস?

বিজেপি কিষাণ মৰ্চাৰ সম্পাদিকা ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ পিছতে পোহৰলৈ আহিছে ন ন তথ্য। ইন্দ্ৰাণীৰ গোপন ফটো ভাইৰেল কৰাৰ অভিযোগত জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম চৰ্চিত হোৱাৰ সময়তে চৰ্চিত হৈছে আন এটা নাম ৰিয়া দাস। কিন্তু কোন এই ৰিয়া দাস?

জেলফেৰৎ বিজেপি নেতা দ্বিবন ডেকাৰ সৈতে ভাইৰেল হৈ পৰিছে ৰিয়া দাস নামৰ বিজেপি নেত্ৰীগৰাকীৰ টেলিফোনিক বাৰ্তালাপৰ এটা ক্লিপ। য’ত তেওঁ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পিছতে এতিয়া লাগি থাকিব লাগিব বুলি স্পষ্টকৈ কোৱা শুনা গৈছে। অৱশ্যে উদ্দেশ্য কি, সেয়া এতিয়াও স্পষ্ট নহয়।

উল্লেখ্যে যে, ২০১৭ চনত এইগৰাকী ৰিয়া দাসৰ নেতৃত্বতে গুৱাহাটীৰ দিঘলী পুখুৰীৰ পাৰত বিজেপিৰ বিৰুদ্ধে মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল তিনিগৰাকী মহিলাই। কিন্তু তাৰ পিছতে তেওঁ গেৰুৱা বসন পিন্ধি বিজেপিৰ নেত্ৰী হৈ পৰে। একাংশৰ দাবী এতিয়া বিজেপিৰ বহু শীৰ্ষ নেতাৰ ঘনিষ্ঠ হৈ পৰিছে ৰিয়া দাস।

দলৰ অস্থিৰতাক লৈ কি কয় ৰাজ্যিক সভাপতি ভৱেশ কলিতাই?

দলৰ ভিতৰতে দেখা দিয়া এনে বিসংগতিৰ পিছত এতিয়া ভৱেশ কলিতাৰ ঘোষণা- নতুন সদস্যৰ প্ৰফাইল আৰু বেকগ্ৰাউণ্ড পৰীক্ষা কৰাৰ পিছতহে দলত অন্তৰ্ভূক্ত কৰা হ’ব। সকলো কাম এতিয়াৰে পৰা মূল দলৰ তত্বাৱধানত হ’ব। কলিতাই লগতে কয়, ‘এতিয়াৰ পৰা সকলো বিষয়তে বিজেপি কঠোৰ হ’ব।’ 

অন্যহাতে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এই পত্ৰক লৈ প্ৰতিক্ৰিয়া দি প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কয়, ''সিদ্ধাৰ্থদাৰ সৈতে ঘটা এই ঘটনাৰ বিষয়ে জানি মই বৰ দুখ পাইছো। তেওঁ নিজেই ক’বলগীয়া হৈছে যে তেওঁক বলিৰ পঠা সজোৱা হৈছে। ... প্ৰবীণ নেতাসকলক এনেকৈয়ো হত্যা কৰাৰ ষড়যন্ত্ৰ চলিছে।’’

বিজেপিৰ সক্ৰিয় কৰ্মী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা আৰু ইয়াৰ সৈতে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম সাঙোৰ খাই পৰা কাৰ্যই এতিয়া বিশ্বৰ আটাইতকৈ শক্তিশালী দলটোৰ মাজতো এতিয়া অক মৃদু অস্থিৰতাই যে দোলা দিছে সেয়া একপ্ৰকাৰ স্পষ্ট কৰি তুলিছে বুলিও ৰাজনৈতিক মহলে মন্তব্য কৰা দেখা গৈছে। তৃণমূল পৰ্যায়তে ইয়াৰ নিৰাময় নকৰিলে এদিন এই অস্থিৰতাই ভীষণ বিসম্বাদৰ সৃষ্টি কৰিব পাৰে বুলিও আশংকা ব্যক্ত কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

দাগী দুই নেতাক বহিষ্কাৰ ৰাজ্যিক বিজেপিৰ!

ইন্দ্ৰানী তহবিলদাৰৰ আত্মহননৰ ঘটনাই বিজেপিৰ আভ্যন্তৰত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰাৰ পিছতে ঘোষণা কৰা অনুযায়ী কঠোৰ সিদ্ধান্ত ল’বলৈ চেষ্টা চলাইছে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। এই অনুযায়ী দলৰ পৰা দুজনকৈ নেতাক বহিষ্কাৰ কৰা হয়। এই নেতা দুগৰাকী হৈছে ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ সৈতে নাম সাঙোৰ খাই পৰা অনুৰাগ চলিহা আৰু তৃষ্ণা শৰ্মা। সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা অনুৰাগ চলিহাক ঘটনাটো পোহৰলৈ অহাৰ কেইদিনমান পিছতেই দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰা হৈছিল।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী তৃষ্ণা শৰ্মাই ৪০ লাখ টকা সংগ্ৰহ কৰি অনুৰাগ চলিহাক প্ৰদান কৰিছিল। এই সন্দৰ্ভত চানমাৰি থানাত অনুৰাগ চলিহাৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছিল নেত্ৰীগৰাকীয়ে। উল্লেখ্য যে বিজেপিৰ কৃষক মৰ্চাৰ ৰাজ্যিক কাৰ্যালয় সম্পাদিকা (যুটীয়া)ৰ দায়িত্বত আছিল তৃষ্ণা শৰ্মা। বুধবাৰে এক নিৰ্দেশযোগে এইগৰাকী নেত্ৰীকো তাৎক্ষণিকভাৱে দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়ে।


ফটোঃ পত্ৰযোগে তৃষ্ণা শৰ্মাক বহিষ্কাৰ দলৰ

বিজেপিৰ কাৰ্যালয়ৰ ভিতৰত উদ্ধাৰ মৃতদেহ!

বিজেপিৰ ভিতৰচ’ৰাত দেখা দিয়া অসন্তুষ্টি, বিসংগতিৰ পিছত যি সময়ত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সকলো ক্ষেত্ৰতে কঠোৰ হোৱাৰ ঘোষণা কৰিছিল, সেই সময়তে কাছাৰত সংঘটিত পোহৰলৈ আহিছে আন এক অনাহূত ঘটনা। বৃহস্পতিবাৰে কাছাৰৰ বিজেপিৰ কাৰ্যালয়ৰ ভিতৰতে উদ্ধাৰ হয় এজন অচিনাক্ত ব্যক্তিৰ উলংগ মৃতদেহ। কাৰ্যালয়ৰ ভিআইপি ৰূপত মৃতদেহটো উদ্ধাৰ হোৱা বুলি সংবাদ মাধ্যমে বাতৰিত প্ৰকাশ কৰিছে।

অভিযোগ অনুসৰি, মৃতদেহটো উদ্ধাৰৰ বিষয়টো কাছাৰ বিজেপিৰ নেতা-কৰ্মীয়ে গাপ দিয়াৰ চেষ্টা চলাইছিল যদিও বিফল হয়। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

দলৰ বহু নেতা-কৰ্মীৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপিত বিভিন্ন অভিযোগৰ মাজতে দলীয় কাৰ্যালয়ৰ ভিতৰত এনেদৰে মৃতদেহ উদ্ধাৰ হোৱা কাৰ্যইও স্বাভাৱিকতে চৰ্চা লাভ কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও কাছাৰ বিজেপিৰ নেতৃত্বই মৃতদেহটো উদ্ধাৰক লৈ এই প্ৰতিবেদন যুগুত কৰা সময়লৈকে কোনো মন্তব্য দিয়াৰ পৰা বিৰত আছে।

হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ পিছত অসম বিজেপি

২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ কিছুমাহ পূৰ্বে ২০১৫ৰ ২৩ আগষ্টত বিজেপিত সদলবলে যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ লগতে একেলগে কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিছিল পল্লৱলোচন দাস, পীযুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা আদিয়েও।

সেই সময়ত সমগ্ৰ অসমত আৰম্ভ হৈছিল মোদী লহৰ। কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিৰ বৃহত্ সাফল্যৰ পিছত অসমতো তাৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছিল। একে সময়তে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি আগমণে অসমত অধিক শক্তিশালী কৰি তুলিছিল ৰাজ্যত তেতিয়ালৈ কাহানিও জয়ৰ সোৱাদ লাভ কৰিবলৈ সক্ষম নোহোৱা দলটোক। কংগ্ৰেছৰ শাসনতো এগৰাকী শীৰ্ষ নেতা আছিল হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পিছতে লোৱা হৈছিল তেওঁৰ নাম। বহুতে দাবী কৰিছিল- পৰৱৰ্তী চৰকাৰ কংগ্ৰেছৰ হলে, মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হব পাৰে হিমন্ত বিশ্ব শৰ্মা।

কিন্তু এনে পৰিপ্ৰেক্ষিততো তেওঁ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাত ৰহস্যঘন হৈ পৰিছিল সকলো। একাংশই অভিযোগ কৰিছিল- তেওঁৰ বিৰুদ্ধে উত্থাপিত চীট ফাণ্ড কেলেংকাৰীৰ তদন্ত বিজেপিয়ে ঘোষণা কৰাৰ পিছতে ত্ৰস্তমান হৈ তেওঁ গেৰুৱা বসন পৰিধান কৰে। আন একাংশই চৰ্চা চলাইছিল- কংগ্ৰেছত মুখ্যমন্ত্ৰীৰ আসনখন লাভ নকৰিব বুলি জানিয়েই তেওঁ বিজেপিমুখী হয়। এই সকলো চৰ্চাৰ মাজতো ৰাজনৈতিক কৌশলেৰে হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলতো নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সমৰ্থ হয়। সেয়ে বিজেপিলৈ আগমনৰ পিছতো তেওঁ সমানেই প্ৰভাৱ বিস্তাৰ কৰি গেৰুৱা বাহিনীৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছিল। 

২০১৬ত চৰকাৰ গঠনৰ পিছত মুখ্যমন্ত্ৰী পদ লাভ কৰে সৰ্বানন্দ সোণোৱালে। বিত্ত আৰু স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰে হিমন্ত বিশ্ব শৰ্মাই। একেদৰে তেওঁৰ ঘনিষ্ঠ পীযুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা আদিকো বিভিন্ন পদত অধিষ্ঠিত কৰোৱা হয়। তেওঁ স্বাস্থ্যমন্ত্ৰী হৈ থকা সময়তে সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰিছিল কোভিড মহামাৰীয়ে। এই দুৰ্বিসহ কালছোৱাত স্বাস্থ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা ভূমিকাই তেওঁক অধিক ওচৰ চপাই নিছিল জনতাৰ।

এনে কাৰণতে, আৰু বিজেপিৰ ভিতৰচ’ৰাত সৃষ্টি হোৱা দুটা ফৈদৰ ৰাজনৈতিক অংকত ২০২১ৰ নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী হিচাপে কেন্দ্ৰীয় নেতৃত্বই বাচনি কৰে হিমন্ত বিশ্ব শৰ্মাৰ নাম। পৰিৱৰ্তে সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব দি দিল্লীলৈ মাতি পঠিওৱা হয়।

ইতিমধ্যে মুখ্যমন্ত্ৰী হিচাপে প্ৰায় ডেৰ বছৰ সম্পূৰ্ণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই সময়ছোৱাত সাধাৰণ ৰাইজৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰি তেওঁ একপ্ৰকাৰ জনতাক প্ৰলোভিত কৰি ৰখাত সফল হোৱা দেখা গৈছে। কিন্তু ইমানৰ পিছতো বিগত কিছু মাহৰ পৰা একাংশ জনতাই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ মুকলিকৈ ক্ষোভ ব্যক্ত কৰিবলৈকো আৰম্ভ কৰিছে। চৰকাৰৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থতা, আঁচনি প্ৰদানৰ নামত ঋণৰ বোজা আদিয়ে কিছু জনতাক অতিষ্ঠ কৰি তোলাও পৰিলক্ষিত হৈছে।

সঁচা হ’ল তৰুণ গগৈৰ সেই ভৱিষ্যদ্বাণী!

কংগ্ৰেছৰ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ একালৰ সোঁহাতস্বৰূপ আছিল হিমন্ত বিশ্ব শৰ্মা। শিক্ষা, স্বাস্থ্য, বিত্তৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব গ্ৰহণ কৰিছিল কংগ্ৰেছৰ শাসনত শৰ্মাই। কিন্তু তাৰ পিছতো এদিন আকস্মিকভাৱে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ খবৰে ক্ষুব্ধ কৰি তুলিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈকো।

হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি গমনৰ পিছতে তৰুণ গগৈয়ে কৈছিল, 'হিমন্ত বিশ্ব শৰ্মাই যি কৰে কেৱল ক্ষমতাৰ বাবে কৰে। মুখ্যমন্ত্ৰী হোৱাৰ লালসাতে তেওঁ বিজেপিলৈ গৈছে। গতিকে কিমান দিন তাত ধৈৰ্য ধৰি থাকিব পাৰিব। আজি মোক পিছফালৰ পৰা ছুৰী মাৰিছে। এদিন সৰ্বানন্দকো তেনে কৰিব।’

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে সেই ভৱিষ্যদ্বাণী পূৰ্বেই কৰিছিল যে সৰ্বানন্দ সোণোৱালক ওফৰাই এদিন মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা। লক্ষণীয়ভাৱে ২০২১ৰ নিৰ্বাচনৰ পিছত আখৰে আখৰে মিলি গ’ল তৰুণ গগৈৰ সেই মুখৰ কথা। 

বিজেপিৰো ভিতৰচ’ৰাৰ বহুতে অভিযোগ কৰে যে ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ বাবেই হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ আহিছিল। বিজেপিলৈ আহিয়েই তেঁও কংগ্ৰেছৰ সতীৰ্থসকলক লগত লৈ প্ৰথমে দলটোৰ নীতি-আদৰ্শ সলনি কৰিবলৈ লয় আৰু তাৰ পিছত বিভাজনৰ ৰাজনীতিৰে নিজৰ গাদী সুৰক্ষিত কৰিবলৈ এতিয়া চেষ্টা চলাই গৈছে বুলিও অভিযোগ কৰিছে দলটোৰ একাংশ পুৰণি কৰ্মীয়ে।