বিহালীঃ বিশ্বনাথ জিলাৰ বিহালীত অনুষ্ঠিত হৈছে ক্ৰিকেট প্ৰতিযোগীতা৷ বৰভীল স্পৰ্ট ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হোৱা তৃতীয় বাৰ্ষিক ৰোচন ভুজেল সোঁৱৰণি ক্ৰিকেট খেল প্ৰতিযোগীতা ৩ দিন ধৰি অনুষ্ঠিত হ’ব৷ শুকুৰবাৰে ৰোচন ভুজেলৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি প্ৰতিযোগীতাৰ শুভৰাম্ভ কৰে বৰভীল চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কৰুন নেওগে।

খেলপথাৰ মুকলি কৰে বাগিচাৰ সহকাৰী পৰিচালক ৰাজেন শুক্লাই। আদিবাসী ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক অজিত কুৰ্মী, অসম চাহ মজদুৰ সংঘৰ হেলেম শাখাৰ উপ-সভাপতি লৱ গোৱালা, ৰভীল চাহ বাগিচা প্ৰাথমিক গোটৰ সভাপতি টিপু কুৰ্মী, আটছাৰ বৰভীল প্ৰাথমিক গোটৰ সভাপতি বিৰজু তচা, স্থানীয় সমাজ সেৱক মজেন্দ্ৰ নাহেকীয়া, বৰভীল চাহ বাগিচা মজদুৰ ক্লাৱৰ সম্পাদক যুগল নাহেকীয়াই উপস্থিত থাকে। বৰভীল স্পৰ্ট ক্লাৱৰ সভাপতি জয় চক্ৰৱৰ্তী আৰু সম্পাদক অশোক নাহেকীয়াই ক্ৰিকেট খেল প্ৰতিযোগীতাত বিহালীৰ ২৫টা দলে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।