News Next One হৈছে ক্ৰাউডফাণ্ডিঙৰ জৰিয়তে চলি অহা অসমীয়া ভাষাত বাতৰি প্ৰকাশ কৰা এটা মুক্ত, স্বতন্ত্ৰ আৰু লাভবিহীন নিউজ ৱেবছাইট। News Next One-এ ব্ৰেকিং নিউজৰ পৰিৱৰ্তে বিতং বাতৰি আৰু 'মচলা’ খবৰৰ পৰিৱৰ্তে গ্ৰাউণ্ড ৰিপ’ৰ্টিঙত গুৰুত্ব দিয়ে। ক্ৰাউডফাণ্ডিঙৰ জৰিয়তে মাহিলি লাভ কৰা সামান্য ধনৰ ওপৰত নিৰ্ভৰ কৰি 'মুক্ত, স্বতন্ত্ৰ আৰু লাভিবিহীন সাংবাদিকতা’ত বিশ্বাসী কেইগৰাকীমান সাংবাদিকৰ দ্বাৰা News Next One চলি আহিছে।

মালিকবিহীন নিউজ ৱেবছাইট News Next One-এ সমাগত নৱবৰ্ষ অৰ্থাৎ ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা নতুন ৰূপত গ্ৰাউণ্ড ৰিপ’ৰ্টিং আৰু অনুসন্ধানমূলক বা-বাতৰি প্ৰকাশৰ পৰিকল্পনা কৰিছে। পিছে আপোনালোকৰ সহায় অবিহনে সেই পৰিকল্পনা কেৱল পৰিকল্পনা হৈয়েই ৰ’ব। সেয়ে এই ছেগতে বিগত সময়ছোৱাত সাধ্যানুযায়ী সহায় কৰি অহা প্ৰতিগৰাকী শুভকাংক্ষীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি News Next One-এ ক্ৰাউডফাণ্ডিঙৰ বাবে আজিৰে পৰা আৰম্ভ কৰিছে 'ক্ৰাউডফাণ্ডিং ফৰ গ্ৰাউণ্ড ৰিপ’ৰ্টিং’ অভিযান। 

ওপৰৰ লিংকত ক্লিক কৰি 'মুক্ত, স্বতন্ত্ৰ আৰু লাভবিহীন সাংবাদিকতা’ত বিশ্বাসী প্ৰতিগৰাকী পঢ়ুৱৈক সাধ্যনুযায়ী সহায় আগবঢ়াবলৈ News Next One-ৰ পৰিয়ালৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনোৱা হ’ল। বেংক একাউণ্টযোগেও আমাক সহায় আগবঢ়াব পাৰে। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch।

কিয় এই অভিযান?

বহুতে ভাবিব পাৰে বা ওপৰৰ শিৰোনামটো দেখি কমেণ্ট কৰিব পাৰে যে 'ইঁহতক বাতৰি কৰিবলৈকো ৰাইজেহে পইছা দিব লাগে নেকি?’ মাজতে দুই-এজন ব্যক্তিয়ে ৰাইজৰ পৰা বৰঙণি বিচাৰি আহ্বান জনোৱা পোষ্টত কমেণ্ট কৰি কৈছে যে আমি হেনো অসমৰ ৩ কোটি মানুহৰ পৰা ১টকাকৈ লৈ কোটিটকীয়া ব্যৱসায় কৰিব বিচাৰিছো। 

তেনে মনোভাৱৰ ব্যক্তিসকল সন্দৰ্ভত News Next One-ৰ সৈতে জড়িত 'মুক্ত, স্বতন্ত্ৰ আৰু লাভিবিহীন সাংবাদিকতা’ত বিশ্বাসী সাংবাদিককেইগৰাকীয়ে কয়, ''আমি আগতে কেবাটাও ভাল সংবাদ প্ৰতিষ্ঠানত ভাল দৰমহাত কাম কৰিছিলো। কিন্তু সেইবোৰত বাতৰি প্ৰকাশৰ ক্ষেত্ৰত মালিক পক্ষৰ পৰা বহুত হেঁচা আহে। বহু সময়ত অসত্য বাতৰি পৰিৱেশন কৰিবলগীয়া হয়। বহু সময়ত গ্ৰাউণ্ড ৰিপ’ৰ্টিং কৰি পোৱা প্ৰকৃত সত্যৰ পৰিৱৰ্তে মচলাযুক্তকৈ বাতৰিৰ স্ক্ৰিপ্ট লিখিবলগীয়া হয়। এনেবোৰ কাৰ্যত অতিষ্ঠ হৈয়েই আমি সেই চাকৰি এৰি ধনৰ অভাৱ হ’লেও ৰাইজৰ প্ৰতি আস্থা ৰাখি News Next One-ৰ সৈতে জড়িত হোৱাৰ সিদ্ধান্ত লৈছিলো।’’

মন কৰিবলগীয়া কথাটো হ’ল, যেতিয়া এখন বাতৰি কাকত, এটা ছেটেলাইট নিউজ চেনেল বা এটা নিউজ পৰ্টেল কোনো মালিকে চলায় তেতিয়া সেই বাতৰি কাকত, চেনেল বা পৰ্টেলটোৱে অধিকাংশ সময়তে সাংবাদিকতাৰ প্ৰকৃত ধৰ্মৰ পৰা ফালৰিকাটিবলগীয়া পৰিস্থিতি আহি পৰে। কেতিয়াবা যদি কোনো ৰাজনৈতিক নেতা-মন্ত্ৰীক বিজ্ঞাপনৰ বাবে তৈলমৰ্দনযুক্ত বাতৰি পৰিৱেশন কৰিবলগীয়া হয় কেতিয়াবা আকৌ আক্ৰোশমূলক বাতৰিও প্ৰকাশ কৰিবলগীয়া হয়। বিজ্ঞাপন লাভৰ বাবে টিআৰপিৰ কথাও আহি পৰে। টিআৰপিৰ বাবে নিম্নৰুচিৰ বাতৰি পৰিৱেশন কৰিবলৈ মালিক-সম্পাদকৰ পৰা তলৰ সাংবাদিক, উপ-সম্পাদকসকললৈ নিৰ্দেশ আহে। ফলত মানুহে প্ৰকৃত সত্যৰ পৰা বঞ্চিত হৈ ৰ’বলগীয়া হয়।

সেয়ে এই সময়ত সমগ্ৰ বিশ্বতে মালিকবিহীন আৰু লাভবিহীন সাংবাদিকতাৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে। যদিহে News Next One-এ কোনো ৰাজনৈতিক নেতা আৰু ব্যৱসায়ীসকলৰ পৰা দান-বৰঙণি বিচাৰে তেন্তে নিশ্চয় ৰাজনৈতিক নেতা আৰু ব্যৱসায়ীসকলে কেবা লাখ টকা হাঁহিমুখে দি দিব। কিন্তু সেই লাখ টকাৰ বিনিময়ত নেতা আৰু ব্যৱসায়ীয়ে বাতৰিৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিব। সেয়ে News Next One-এ কোনো ব্যক্তি বিশেষৰ পৰা লাখ বা কোটি টকা কেতিয়াও বিচাৰি যোৱা নাই আৰু নাযাবলৈ প্ৰতিজ্ঞাৱদ্ধ। আনকি একাধিক তেনে প্ৰস্তাৱ পোৱাৰ পিছতো সেয়া হাঁহিমুখে প্ৰত্যাখ্যান কৰি আহিছে News Next One-এ। 

ইয়াৰ বিপৰীতে ব্ৰেকিং নিউজ আৰু মচলাযুক্ত বাতৰিৰ ভিৰৰ মাজত গ্ৰাউণ্ড ৰিপ’ৰ্টিং কৰিবলৈ News Next One-এ বাচি লৈছে ক্ৰাউডফাণ্ডিঙৰ দৰে প্ৰত্যাহ্বানমূলক ব্যৱস্থাক। ৰাইজে নখ জোকাৰিলে নৈ বয়। যদিহে ৰাইজে এই যাত্ৰাৰ প্ৰতি সহাৰি আগবঢ়ায় তেন্তে প্ৰতিটো মুহূৰ্ততে কেৱল ৰাইজৰ প্ৰতি দায়ৱদ্ধ হৈ অসমৰ সংবাদক্ষেত্ৰখনত এক নতুন জাগৰণ সৃষ্টি কৰিবলৈ সংকল্পৱদ্ধ News Next One। এই উদ্দেশ্যৰেই News Next One-এ আৰম্ভ কৰিছে এই বিশেষ অভিযান।

বিঃদ্ৰঃ সম্প্ৰতি আমাৰ ৱেবছাইটত গুগলৰ বিজ্ঞাপন লগাই থোৱা হৈছে যদিও তাৰ পৰা লাভ কৰা ধনেৰে মাহটোৰ ইণ্টাৰনেটৰ বিল দিয়াটোও সম্ভৱ নহয়। বিপৰীতে উক্ত বিজ্ঞাপনৰ বাবে বহু পঢ়ুৱৈয়ে বাতৰি পঢ়াত অসুবিধা পোৱা বুলিও আমাক জনাইছে। সেয়ে ২০২৪ৰ পৰা গুগলৰ বিজ্ঞাপন ডিএক্টিভেট কৰিবলৈকো গুণা-গথা কৰি থকা হৈছে।