newsnextone.com | বঢ়মপুৰঃ ৰাজ্যৰ ভিতৰতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পশ্চিম কাৰ্বি আংলং জিলা। তিৱা, কাৰ্বি, খাচি আদি বিভিন্ন জনজাতীয় লোকসকলে অতীজৰে পৰা পশ্চিম কাৰ্বি আংলং জিলাত বসবাস কৰি আহিছে। প্ৰাকৃতিক সম্পদেৰে চহকী জিলাখনৰ উন্নয়নৰ কথা সময়ে সময়ে বিভিন্ন মাধ্যমত প্ৰকাশ হৈ আহিছে। কিন্তু জিলা খনত এখন এনেকুৱা অঞ্চল আছে যিটো অঞ্চলক প্ৰত্যক্ষ কৰিলে অঞ্চলটোক স্বাধীন ভাৰতৰ ঠাই যেন নালাগে। পশ্চিম কাৰ্বি আংলঙৰ প্ৰায় ৯০ শতাংশ লোকে কৃষি কৰ্মৰ সৈতে জৰিত। 

পশ্চিম কাৰ্বি আংলং জিলাৰ মনোমোহা ঠাই হৈছে আমৰি অঞ্চলৰ কথাতে কৈছোঁ। জনজাতীয় বিভিন্ন শিল্প, পৰম্পৰা, কুঁতিৰ শিল্প, লোক কৃষ্টি-সংস্কৃতিৰ ভঁৰাল আমৰি। আমৰিক অসমৰ কৃষ্টি-সংস্কৃতিৰ ভঁৰাল বুলি কলে বঢ়াই কোৱা নহ'ব আমৰি অঞ্চলক। পশ্চিম কাৰ্বি আংলং জিলাৰে নহয় সমগ্ৰ ৰাজ্যৰ বাবে পৰ্যটন ক্ষেত্ৰৰ এক সম্ভাৱনা পূৰ্ণ অঞ্চল আমৰি।

কিন্স্বাতু আমৰিৰ ৰাইজে চকুলো টুকি সময় পৰা কৰিব লগা হয়। ধীনতাৰ ৭০ টা বছৰ অতিক্ৰম কৰাৰ পাছতো পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰিত বসবাস কৰা লোকসকলে নেদেখিলে উন্নয়নৰ মুখ। চৰকাৰ-জনপ্ৰতিনিধি কাৰোৰে আহৰি নাই আমৰিৰ উন্নয় সাধন কৰিবৰ বাবে। বিশুদ্ধ খোৱা পানী, ৰাস্তা-ঘাট, স্বাস্থ্য, শিক্ষাৰ দিশত আজিলৈ উন্নয়ন নহ'ল আমৰি অঞ্চল। মৌলিক অধিকাৰৰ পৰাও বঞ্চিত এটা অঞ্চল আমৰি। 

সহজ সৰল জনজাতীয় লোকসকলক বছৰ বছৰ ধৰি একাংশ লোকে ভোটৰ লালসাত ব্যৱহাৰ কৰি আহিছে যদিও সদায় প্ৰতাৰিত আৰু বঞ্চিত হৈ থাকিল। কৈ সমাপ্ত কৰিব নোৱাৰি তেওঁলোকৰ জীৱন ধাৰণৰ কথা। এদিন বৰষুণ দিলে এসপ্তাহ পৰ্যন্ত বহিঃজগতৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে। সন্তানে সকলে বিদ্যালয়লৈ যাব নোৱাৰা হয়। ৰাজপথৰ বোকা আৰু পানীৰ বাবে গৃহবন্দী হৈ পৰে আমৰিৰ ৰাইজ। বছৰ বছৰ ধৰি পথ সমূহত মাটি এচপৰা নপৰাৰ ফলত বৰষুণ দিলে পানী জমা হৈ বোকাময় হা পৰে। ফলত গাড়ী-মটৰটো দূৰৰ কথা খোজকাঢ়িব পৰিবেশ নাথাকে।

অঞ্চলটোৰ লোকসকলে আজিলৈ বিশুদ্ধ খোৱাপানীৰ ধাৰণা কৰিবই নোৱাৰে। অঞ্চলটোত নাই এটাও পানী যোগান আঁচনি। পাহাৰীয়ে অঞ্চলটোৰ লোকসলে পানীৰ বাবে হাহাকাৰ কৰিব লগা হয়। এটুপি খোৱা পানীৰ বাবে মহিলাসকলে নিজৰা বিচাৰি ফুৰিব লগা হয়। ইখনৰ পিছত সিখন পাহাৰলৈ গৈ নিজৰাৰ পানী সংগ্ৰহ কৰি সেৱন কৰে ৰাইজে।

নিজৰাই অঞ্চলৰ একমাত্ৰ খোৱা পানীৰ ভৰষা। চৰকাৰৰ খোৱা পানী যোগান আঁচনিয়ে ঢুকি নোপোৱা পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি এলেকাত। বিশুদ্ধ খোৱা পানীৰ অভাৱত অঞ্চলটোত মেলেৰিয়া, জণ্ডিচ, ডায়েৰীয়া আদি ৰোগে প্ৰায়ে দেখা দিয়ে। অঞ্চলটোত উপযুক্ত চিকিৎসা ব্যৱস্থা নথকাৰ বাবে সাধাৰণ ৰুগীয়ে ৪০-৫০ কিঃমিঃ অতিক্ৰম কৰি নেলী নতুবা জাগীৰোডত চিকিৎসাৰ বাবে আহিব লগা হয়। চৰকাৰৰ মৃত্যুঞ্জয় সেৱা অঞ্চলটোত সোমাবলৈ নাই পথ। বাৰিষা-শৰালি বোকা আৰু পানীৰে ভৰি থাকে পথসমূহ। ফলত চৰকাৰী এম্বুলেন্স সেৱাই স্বাধীনতাৰ পিছৰে পৰা আজিলৈ ঢুকি পোৱা নাই অঞ্চলটোক। গাড়ী মটৰ সোমাব নোৱাৰা অঞ্চলটোৰ লোকসকলে চাইকেল নতুবা খোজাকাঢ়ি যাতায়াত কৰিব লগা হয়। 

যাতায়তৰ বাবে নাই সু-ব্যৱস্থা। এজাক বৰষুণতে বাট-পথত একাঁঠু পৰ্যন্ত বোকা হয়।ইমানে নহয় অঞ্চলটোত নাই এখনো উচ্চ শিক্ষানুষ্ঠান। যাৰ ফলত একাংশ যুৱক-যুৱতীয়ে অৰ্থৰ অভাৱত হাই-স্কুলৰ ডেওনা পাৰ হৈ ঘৰতে থাকি খেতি কৰিব লগা হয়। আৰ্থিক অভাৱৰ বাবে উচ্চ শিক্ষাৰ বাবে আন ঠাইলৈ গৈ  শিক্ষাগ্ৰহণ কৰিব পৰা আৰ্থিক ক্ষমতা নাই পৰিয়ালসমূহৰ। যাব বাবে বহু ছাত্ৰ-ছাত্ৰী আধাতে শিক্ষা সাং কৰিব লগা হয়। ঠায়ে ঠায়ে আজিও নাই বিদ্যু সেৱাৰ ব্যৱস্থা। এই অঞ্চলটোলৈ প্ৰত্যক্ষ কৰিলে কেন্দ্ৰীয় চৰকাৰৰ শ্ল'গান 'চবকা সাথ চবকা বিকাশ' অসাৰ প্ৰতিপন্ন হৈছে বুলি কব পাৰি। এতিয়া প্ৰশ্ন হৈছে পৰিৱৰ্তন কথা কৈ শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰে ঢুকি পাবনে আমৰিক?