The Financial Express
The Financial Express

ডিজিটেল ডেস্কঃ বিজেপি চৰকাৰ যোৱা ০১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তি. বাজেট সংসদত উত্থাপন কৰাৰ পিছত লাহে লাহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে দেশৰ শ্ৰমিক, কৃষক সংগঠনে সমূহে৷ ইতিমধ্যে বিজেপিৰ ভাতৃ সংঠনে বাজেটত শ্ৰমিক, মহিলা, অংগনৱাড়ী মহিলাৰ বাবে একো নাই বুলি ক্ষোভ জাহিৰ কৰিছে৷ তাৰ তাৰ লগে দেশৰ আগশাৰীৰ ৰাজনৈতিক বিশ্লেষক তথা চৰকাৰৰ বিৰুদ্ধে সততে সৰৱ ভূমিকা পালন কৰি অহা যোগেন্দ্ৰ যাদৱে চৰকাৰক তীব্ৰ সমালোচনা কৰে৷

স্বৰাজ ইণ্ডিয়া নামৰ সংগঠনটোৰ সৈতে জড়িত যোগেন্দ্ৰ যাদৱৰ নেতৃত্বত দেশৰ প্ৰায় ১৮০টাকৈ সংগঠনে দিল্লীৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে গণ আন্দোলন কৰিবলৈ সাজু হৈছে৷ কৃষক সংগঠন সমূহে এবছৰৰ মূৰকত অনুষ্ঠিত হ’ব লগা লোকসভা নিৰ্বাচনৰ পূৰ্বে গণ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে। সংবাদ মাধ্যমৰ সৈকে মুখামুখি হৈ যাদৱে বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে নূন্যতম সমৰ্থন মূল্য এছএছপীৰ উৎপাদিত সামগ্ৰ্ৰীৰ লাভ ডেৰ গুণ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে যদিও স্বামীনাথন আয়োগৰ চৰ্তত নিৰ্ধাৰন কৰা বুলি জনায়।

কেৱল কৃষক বুলি বাৰে বাৰে বাজেটত উল্লেখ কৰিলে সমস্যাৰ সমাধান নহয় বুলি কৈ ইয়াৰ বাবে টকা আৱন্টন দিব লাগিব বুলিও কয় যাদৱে। চৰকাৰে কৃষকসকলক মূৰ্খ সজোৱাৰ অভিযোগ উত্থাপন কৰি যাদৱে অহা মাৰ্চ মাহৰ পৰা আন্দোলন কৰাৰ হুংকাৰ দিয়ে। লোকসংঘ মৰ্চাৰ নেতা প্ৰতিভা সিন্দে আৰু স্বাভিমানী শ্বেতকাৰী সংগঠন এছএছএছৰ প্ৰতিনিধি ৰবিকান্ত তুপকৰেও চৰকাৰে কৃষকক বাজেটে একো দিয়া নাই বুলি কৈ ক্ষোভ উজাৰে৷