প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | গুৱাহাটীঃ এফালে মোডী চৰকাৰে জনধন আঁচনি ৰূপায়ণ কৰি দৰিদ্ৰ লোকসকলক ডিজিটেল যুগৰ সৈতে চিনাকি কৰাই দি শূন্য বেলেঞ্চত জনধন একাউন্ট খুলি দিছে যদিও আনফালে গ্ৰাহক সকলৰ ওপৰত মাধমাৰ শোধাইছে বেংক সমূহে৷ 

বেংকত পৰ্যাপ্ত ধনৰাশি নাথাকিলে বেংকসমূহে এটা নিৰ্দিষ্ট ফীজ কাটি ৰাখি গ্ৰাহকসকলক বিবুদ্ধিত পেলোৱাৰ বিপৰীতে এইবাৰ অন্য বেংকৰ পৰা এটিএম যোগে জমা ধন উলিয়ালেও গ্ৰাহকে ভৰিব লাগিব অতিৰিক্ত ৫ টকা৷

উল্লেখ্য যে, বৰ্তমান অন্য বেংকৰ এটিএম ব্যৱহাৰেৰে মাহত ৫ বাৰতকৈ অধিক লেনদেন কৰিলে ১৫ টকা আৰু নন কেছ ট্ৰেনজেক্সনৰ বাবদ ৫ টকা গ্ৰাহকসকলে ভৰি আহিছে৷ 

কিন্তু বেংকসমূহৰ নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা অন্য বেংকৰ এটিএমৰ পৰা ৫ বাৰতকৈ আধিক ধনৰ লেনদেন কৰিলেই ৫ টকা অতিৰিক্ত ভাৱে ভৰিব লাগিব গ্ৰাহকসকলে৷