ডিজিটেল ডেস্কঃ সোণৰ পদক লাভ কৰা প্ৰতিশ্ৰুতিৰে কমনৱেলথ গেমছৰ বক্সিং ৰিঙত নামিছে মেৰিকম৷ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কমনৱেলথ গেমছত দেওবাৰে শ্ৰেষ্ঠ খেল প্ৰদৰ্শন কৰা বুলি চৰ্চা আৰম্ভ বৈছে৷ বিশ্ব চেম্পিয়ন এমচি মেৰিকমে কমনৱেলথ গেমছত পদক নিশ্চিত কৰিছে একপ্ৰকাৰ৷ 

দেওবাৰে মহিলা বক্সিঙৰ ৪৮ কেজি শাখাত চেমি ফাইনেলত প্ৰৱেশ কৰিছিল মেৰিকমে৷ অলিম্পিকত ব্ৰঞ্জৰ মেডেল বিজয়ী ৩৫ বছৰীয়া বক্সাৰ মেৰিকমে প্ৰতিদ্বন্দ্বি স্কটলেণ্ডৰ মেগান গৰ্ডনক ৫-০ ধৰাশয়ী কৰিলে৷ পোন প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছত ভৰি দিছে মেৰিকমে৷ অহা ১১ এপ্ৰলিত চেমি ফাইনেলত শ্ৰীলংকাৰ অনুষা দিলৰক্ষীৰ সৈতে মুখামুখি হ’ব৷ 

মহিলাৰ ৪৮ কেজি শাখাত সোণৰ পদক লাভ কৰিব বুলি দাবী কৰে মেৰিকমে৷ ইতিমত্যে কিছুদিনৰ ভিতৰতে এচিয়ান চেম্পিয়নশ্বিপ আৰু ইণ্ডিয়ান অপেনত দুটাকৈ সোণৰ পদক লাভ কৰিছে মেৰিকমে৷