প্ৰতীক ফটো
প্ৰতীক ফটো

নগাঁওঃ চাইবাৰ ক্ৰাইম চক্ৰৰ কবলত পৰি এইবাৰ বুজন পৰিমাণৰ জমা ধন হেৰুৱাবলগীয়া হ’ল নগাঁৱৰ এজন চৰকাৰী কৰ্মচাৰীয়ে৷ দুৰ্ভগীয়া এই কৰ্মচাৰীজন হৈছে জিলাখনৰ গোমোঠাগাঁৱৰ চন্দ্ৰ কান্ত বৰা৷

জানিব পৰা মতে, এই চৰকাৰী কৰ্মচাৰীজনলৈ ৭৪৯২৯-৫৬৭১২ নম্বৰৰ মোবাইলৰ পৰা হিন্দী ভাষী কোনো অজ্ঞাত লোকে ভাৰতীয় ষ্টেট বেংকৰ মুম্বাইস্থিত এ টি এম চেন্টাৰৰ কৰ্মচাৰী বুলি চিনাকি দি বৰাৰ ৯৭০৬০-৫৬৪৭২ নম্বৰৰ মোবাইললৈ ফোন কৰি তেওঁৰ এ টি এমৰ যাবতীয় তথ্য বিচাৰে৷

আনকি বিশ্বাস জন্মাবলৈ অজ্ঞাত লোকজনে বৰাৰ এ টি এমৰ বৈধ সীমা ২০২২ চনৰ পৰিৱৰ্তে ২০৩৫ চনলৈ সম্প্ৰসাৰণ কৰাৰ প্ৰলোভনেৰে এ টি এমৰ যাৱতীয় তথ্য বৰাৰ পৰা কৌশলেৰে সংগ্ৰহ কৰে ৷ এই তথ্য সংগ্ৰহ কৰাৰ পিছতেই অজ্ঞাত লোকজনে বৰাৰ ভাৰতীয় ষ্টেট বেংকৰ নগাঁও শাখাৰ ১০৯৬৫২৯১০০০ নম্বৰৰ একাউন্টৰ পৰা ৮ বাৰকৈ ধন উলিয়াই সৰ্বমুঠ ৬৮,৪৯৯ টকা লুটি নিয়ে৷

কিন্তু ইয়াৰ পিছৰবাৰ পুনৰ ধন উলিয়াবলৈ চেষ্টা কৰোতে বেংক কৰ্তৃপক্ষৰ সন্দেহ হোৱাত এ টি এম কাৰ্ডখন ব্লক কৰি দিয়াত ইয়াতকৈ অধিক ধন লুট হোৱাৰ পৰা ৰক্ষা পৰে কৰ্মচাৰীজন৷ এই ঘটনাত স্তম্ভিত হৈ পৰা দুৰ্ভগীয়া কৰ্মচাৰী চন্দ্ৰ কান্ত বৰাই ইতিমধ্যে বেংক কৰ্তৃপক্ষক সমগ্ৰ বিষয়টো অৱগত কৰাৰ বিপৰীতে নগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে৷

উল্লেখ্য যে, এনেধৰণৰ চাইবাৰ অপৰাধৰ ঘটনা ৰাজ্যত সঘনে সংঘটিত হৈ অহাৰ পিছতো বেংকৰ গ্ৰাহকসকল সজাগ নোহোৱাৰ বাবেই পুনৰবাৰ এনে ঘটনা ঘটিব পালে বুলি বহুতে মন্তব্য কৰিছে।