ফটোঃ ধনঞ্জয় নাথ
ফটোঃ ধনঞ্জয় নাথ

কোকৰাঝাৰঃ বৃহস্পতিবাৰে নিশা অহা প্ৰৱল ঘূৰ্ণী বতাহৰ ফলত কোকৰাঝাৰত ব্যাপক ক্ষতিসাধন হয়। জিলাখনৰ বিভিন্ন প্ৰান্তত ঘূৰ্ণী বতাহৰ ফলত বহু বাসগৃহৰ টিনৰ চাল উৰুৱাই নিয়াৰ লগতে বৈদ্যুতিক খুটা, বিএছএনএলৰ টাৱাৰ অাদিও ভাঙি পৰে।

নিশা ৮ বজাৰ পৰা আৰম্ভ হোৱা প্ৰৱল বৰষুণৰ সৈতে অহা এজাক ঘূৰ্ণী বতাহে বালাজানৰ মুন্দুৰা মুহলীৰ বাসগৃহটো সম্পূৰ্ণৰূপে ধ্বংসস্তুৱত পৰিণত কৰে। মন্দুৰা মুহলীৰ পৰিয়ালটোৱে বিপদৰ অাগজাননী পাই ঘৰৰ পৰা বাহিৰ হোৱাৰ লগে লগেই বাসগৃহটো ভাঙি পৰে অাৰু দৈব্যক্ৰমে পৰিয়ালটো ৰক্ষা পৰে।

♦ ধ্বংসস্তুপত পৰিণত বহু বাসগৃহ 
♦ দুটাকৈ অাশ্ৰয় শিবিৰ মুকলি 
♦ ২৯১টা পৰিয়ালৰ আশ্ৰয় গ্ৰহণ

মধ্য বালাজানৰ অজয় নাথৰ বাসগৃহতো প্ৰকাণ্ড গছ এডাল বাগৰি পৰাত বাসগৃহটোৰ ক্ষতিসাধন হয় আৰু অজয় নাথো হাতত আঘাত পায়। বালাজান তিনালীৰ বানোৰাম নাথৰ দোকানগৃহটোত গছ বাগৰি পৰাত দোকানগৃহটোৰ বিস্তৰ ক্ষতিসাধন হয়।

বালাজান তিনালী ৰঙালী বিহু উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয়ো ঘূৰ্ণী বতাহে উৰুৱাই নিয়ে। নিশা ১২ বজালৈ তাণ্ডব সৃষ্টি কৰা ঘূৰ্ণী বতাহৰ ফলত জিলাখনৰ বহু অঞ্চলত বিদ্যুতৰ খূটা ভাঙি পৰাৰ উপৰিও ছেৰফাংগুৰীৰ নেপালপাৰাত থকা বিএছএনএল টাৱাৰ ভাঙি মাটিত পৰে।

ছেৰফাংগুৰীৰ থানাকে ধৰি জিলাখনৰ কেৱাটাও আৰক্ষী চকীৰ ক্ষতিসাধন হোৱাৰ লগতে  জনতা কলেজৰ কাষত থকা অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ উপ ষ্টেচন এটাৰো বিস্তৰ ক্ষতিসাধন হয়। আফলাগাঁও স্বাস্থ্যকেন্দ্ৰৰ কোৱাৰ্টাৰ সমুহো প্ৰৱল ঘূৰ্ণী বতাহৰ ফলত যথেষ্ট ক্ষতিসাধন হয়।

গোসাঁইগাঁও মহকুমাৰ মাকটাইগাঁওৰ বাসিন্দা তথা শিক্ষক মানিক নাৰ্জাৰীয়ে সদৰি কৰা মতে পূৰ্বে তেওঁলোকে এনে ধৰণৰ ভয়ংকৰ ঘূৰ্ণী বতাহ দেখাৰ কথা মনত নপৰে। ঘূৰ্ণী বতাহৰ ফলত অঞ্চলটোৰ কমেও ২০-২৫ টা ঘৰৰ ব্যাপক ক্ষতিসাধন হোৱাৰ লগতে সাপকাটা সমবায় গৃহৰ টিনপাত উৰি যোৱাৰ ফলত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বাবে মজুত কৰি ৰখা চাউলসমুহ বৰষুণৰ পানীত তিতি যায়।

জিলাখনৰ ছেৰফাংগুৰী , কচুগাঁও , কাৰিগাঁও , বালাজান তিনালী , তিতাগুৰী , হাব্ৰুবাৰী , ভোটগাঁও , ফকিৰাগ্ৰাম , চেচাঁপানী , দোতমা অাদি অঞ্চলৰ শতাধিক বাসগৃহ ঘূৰ্ণী বতাহৰ ফলত ক্ষতিসাধন হোৱাৰ উপৰিও জিলাখনৰ বহু খাৰিফা শস্যৰো বিস্তৰ ক্ষতিসাধন হয়। জিলাখনত বৰ্তমানলৈকে বিদ্যুত যোগান ব্যাহত হৈ আছে অাৰু বিদ্যুতৰ খূটাসমুহ ভাঙি পৰা তথা গছ পৰি বিদ্যুতৰ তাঁৰ ছিঙি যোৱাৰ ফলত অাগন্তুক ৩৬ ঘণ্টালৈ  ঠায়ে ঠায়ে বিদ্যুত যোগান ব্যাহত হৈ থাকিব বুলি জানিব পৰা গৈছে।

ইপিনে ঘূৰ্ণী বতাহে ব্যাপক ক্ষতিসাধন কৰা দোতমা অঞ্চলৰ ক্ষতিগ্ৰস্থ এলেকা আজি পৰিদৰ্শন কৰে বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী আৰু বিটিচিৰ নিৰ্বাচিত সদস্য জ্যোতিৰিন্দ্ৰ ব্ৰহ্মই। পৰিদৰ্শনৰ সময়ছোৱাত তেওঁলোকে ক্ষতিগ্ৰস্থলোকসকলক সাহাৰ্য দিয়াৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। 

অানহাতে অাজি পুৱাৰে পৰা জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰী আৰু আৰক্ষী অধীক্ষক ৰাজেন সিঙে জিলাখনৰ ক্ষতিগ্ৰস্ত এলেকা পৰিভ্ৰমণ কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। উচ্চপদস্থ  বিষয়া দুয়োগৰাকীয়ে প্ৰাকৃতিক দুৰ্যোগৰ তাণ্ডব দেখি হতচকিত হৈ পৰে আৰু ক্ষতিগ্ৰস্থলোকসকলক সহায় কৰাৰ আশ্বাস প্ৰদান কৰে।

ইতিমধ্যে হাব্ৰুবাৰী মধ্য ইংৰাজী বিদ্যালয়ত ২৬৬ টা পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰিছে আৰু পূৱ হোকমাবিল মধ্য ইংৰাজী বিদ্যালয়ত ২৫ টা পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰাৰ কথা সদৰী কৰি জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰীয়ে আশ্ৰয় শিৱিৰলৈ ইতিমধ্যেই ৰেচন পাতি পঠিওৱা হৈছে বুলি জানিবলৈ দিছে।