দেৰগাঁওঃ একাংশ আৰক্ষী বিষয়াই বীৰত্ব দেখুৱাই অহাটো ডাঙৰ কখা নহয়৷ ক্ষমতাৰ ৰাগীত মাতাল একাংশ আৰক্ষী বিষয়াই মানৱতাক সম্পূৰ্ণ উলংঘা কৰি অনৈতিক কাৰ্য সংঘটিত কৰাটো যেন তেওলোকৰ বাবে ফেশ্বনত পৰিণত হৈছে৷ দেওবাৰেও অসম আৰক্ষীৰ এগৰাকী বিষয়াই মানৱতাক ভৰিৰে মোহাৰি সংঘটিত কৰিলে বৰ্বৰ কাণ্ড৷ গোলাঘাট জিলাৰ দেৰগাঁৱত আৰক্ষী বিষয়াই এগৰাকী ৬৫ বছৰীয়া লোকক বৰ্বৰ ভাৱে নিৰ্যাতন চলোৱাৰ ঘটনাই মানৱ অধিকাৰ আইন উলাংঘা কৰাৰ নহয় মানৱতাক ভুলুন্ঠিত কৰে৷

জানিব পৰা মতে, দেৰগাঁৱৰ মাজুকুচি কৈৱত গাঁৱৰ এগৰাকী ৬৫ বছৰীয়া লোকে দেওবাৰে চোমনিগাঁও আৰক্ষী চকীৰ সন্মুখেৰে হাতীয়েখোৱা সাপ্তাহিক বজাৰত পাচলি বিক্ৰী কৰিবলৈ গৈ আছিল৷ দৰিদ্ৰ বৃদ্ধগৰাকীয়ে আৰক্ষী চকীৰ সন্মুখেৰে পাৰ হ’ব খোজেতেই আৰক্ষী বিষয়া শৰৎ কলিতাই বৃদ্ধগৰাকীক তেওৰ আৱাস গৃহলৈ মাতি নিয়ে৷

তাৰ পিছতেই আৰম্ভ হয় অকথ্য নিৰ্যাতন৷ প্ৰথমে বৃদ্ধ পাচলি ব্যৱসায়ীগৰাকীৰ চকুত আঘাত কৰি ‘‘তই বুঢ়া হলি চকু দুটা সোমাই গৈছে বুলি কয়৷’’ ইয়াৰ পিছত অসহায় ৬৫ বছৰীয়া বৃদ্ধগৰাকীৰ পেটত আক্ৰমণ কৰে আৰক্ষী বিষয়াগৰাকীয়ে৷ নিৰ্লজ্জ ভাৱে শৰৎ কলিতা নামৰ বিষয়াগৰাকীয়ে বৃদ্ধগৰাকীক আঘাত কৰে৷ এই খবৰ প্ৰচাৰ হোৱাৰ পিছতেই জাঙুৰ খাই উঠে স্থানীয় ৰাইজ৷ ৰোগীয়া বৃদ্ধগৰাকীক মাৰ-ধৰ কৰাৰ সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষী বিষয়াগৰাকীক অৱগত কৰে৷

আৰক্ষী বিষয়াগৰাকীয়ে বৃদ্ধজনৰ চিকিৎসাৰ খৰচ বহন কৰিম বুলি দায়িত্ব সামৰে৷ আৰক্ষী বিষয়াগৰাকীয়ে বৃদ্ধগৰাকীৰ কাকডোঙাৰ মাজুকুচি কৈৱত গাঁৱলৈ মঙলবাৰে সন্ধিয়া ৮ বজাত আহি ক্ষতিপূৰণৰ বাবদ ১ হেজাৰ টকা দিব বিচাৰে৷ তাৰ পিছত একাংশ লোক সমৱেত হয় বৃদ্ধগৰাকীৰ ঘৰত৷ ক্ৰমান্বয়ে লোকৰ সমাৱেশ বৃদ্ধি হোৱাত ৰাইজ উত্তেজিত হৈ পৰে৷

ৰাইজে চোমনিগাঁঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শৰৎ কলিতাক আৱদ্ধ কৰে৷ আৰক্ষী বিষয়াগৰাকীক ৰাইজে আৱদ্ধ কৰি ৰখাৰ খবৰ লাভ কৰে দেৰগাঁও আৰক্ষীয়ে৷ দেৰগাঁও আৰক্ষী আহি উপস্থিত হৈ অভিযুক্ত আৰক্ষী বিষয়া শৰৎ কলিতাক দেৰগাঁও থানালৈ যায়৷ আনহাতে, সাংবাদিকে বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰাৰ লগতে দেৰগাঁও আৰক্ষী থানাৰ বিষয়াই সাংবাদিকৰ কেমেৰা কাঢ়ি নি ঘটনাৰ তথ্য সংগ্ৰহ কৰাত বাধা প্ৰদান কৰে৷ কিছু সময় যুক্তি-তৰ্কৰ অন্তত আৰক্ষী বিষয়াগৰাকীয়ে সাংবাদিকৰ কেমেৰা উভতাই দিয়ে৷ স্থানীয় ৰাইজে আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে স্থানীয় দল-সংগঠনে মাত নিদিয়াত ৰহস্যৰ সৃষ্টি হোৱা বুলি কয়৷