ডিজিটেল ডেস্কঃ সময়ে সময়ে গো হত্যাৰ অপৰাধত দলিতৰ ওপৰত আক্ৰমণ সংঘটিত হয়৷ দেশৰ দলিতক ঘোৰা কিনিলেও আক্ৰমণ কৰি হত্যা কৰা হয়৷ দেশত যেন এতিয়া নিতৌ সংঘটিত হ’ব ধৰিছে সংখ্যালঘু দলিত তথা পিছপৰা শ্ৰেণীৰ লোকৰ ওপৰত আক্ৰমণ৷ 

গুজৰাটৰ ভাবনগৰ জিলাৰ টিম্বি গাঁৱত ঘোৰা কিনাৰ অপৰাধত দলিত যুৱকক আক্ৰমণ কৰি হত্যা কৰিছিল যোৱা ৩০ মাৰ্চত৷ এইবাৰ বিজেপি শাসিত ৰাজস্থানত দলিত দৰাই ঘোৰাৰ পিঠিত উঠি কইনা আনিবলৈ যোৱাৰ বাবেই মাৰধৰ কৰাৰ খবৰ আহিছে৷ দেওবাৰে ৰাজস্থানৰ ভিলৱাৰাৰ গোৱাৰ্ধনপুৰাৰ দলিত দৰাক ঘোৰাৰ পিঠিত উঠি কইনা আনিবলৈ যোৱাৰ সময়তে একাংশ উচ্চ বৰ্ণৰ লোকে দৰাক জোৰ জুলুম কৰি ঘোৰাৰ পৰা নমাই মাৰধৰ কৰে৷  

জানিব পৰা মতে, গোৱাৰ্ধনপুৰাৰ নিবাসী ভম্বৰলাল নামৰ লোকজনৰ ভাতৃৰ দেওবাৰে বিয়া বুলি দুদিন পূৰ্বে আৰক্ষীক খবৰ দিছিল৷ দেওবাৰে বিয়া অনুষ্ঠিত হোৱাৰ পিছতে দৰাই ঘোৰাৰ পিঠিত উঠি কইনাৰ ঘৰলৈ আহি আছিল৷ সমীপৰে বিন্দুলী নামৰ গাঁওখনত আছিল কইনাৰ ঘৰ৷ গাঁওখনত সোমোই কইনাৰ ঘৰলৈ যোৱাৰ সময়তে দৰাক আগুৰি ধৰে একাংশ লোকে আৰু ঘোৰাৰ পৰা নমাই মাৰধৰ কৰে৷ 

হঠাৎ হোৱা আক্ৰমণত কেইবাগৰাকী লোক আহত হয়৷ এছটি-এছচি আইনৰ অধিনত গোচৰ ৰুজু কৰাৰ পিছতে ৭গৰাকী লোকক আটক কৰে আৰক্ষীয়ে৷ ঘটনাৰ পিছতে অঞ্চলটোত উত্তেজনাই বিৰাজ কৰে৷ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়িব লগা হয়৷ দেশৰ বিভিন্ন প্ৰান্ত দলিত আৰু সংখ্যালঘুৰ ওপৰত এনেদৰে ঘটনা সংঘটিত হৈ অহাত একাংশ লোকে চৰকাৰৰ একাংশ মন্ত্ৰীয়ে প্ৰায়ে দি অহা মন্তব্য সমূহক দোষাৰোপ কৰে৷