photo by NNO Laluk
photo by NNO Laluk

লালুকঃ বিধস্ত বাট-পথে দীৰ্ঘদিন ধৰি জ্বলা-কলা খুৱাই আহিছে লখিমপুৰ জিলাৰ দক্ষিণ লালুক গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ আমপৰাবাসীক। অঞ্চলবাসীয়ে এই সন্দৰ্ভত প্ৰশাসনৰ লগতে স্থানীয় বিধায়কক বাৰম্বাৰ আবেদন-নিবেদন জনাই আহিছে যদিও কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে।

উল্লেখ্য যে আমপৰা অঞ্চলৰ পৰা ওৱাহাট সংযোগী একমাত্ৰ পথটোত যদুমণি নৈৰ ওপৰত থকা বাঁহৰ দলঙেৰেই যাতায়ত অব্যাহত ৰাখিছে বৃহত্তৰ অঞ্চলটোৰ লোকসকলে। কিন্তু মেৰামতিৰ অভাৱত ৰাইজে বাৰিষাৰ সময়ত দলঙৰ পৰিৱৰ্তে টিয়নি সলাই পানীৰেই যাতায়ত কৰিবলগীয়া হৈ আহিছে।

দলঙৰ এনে দুৰৱস্থাৰ বাবে বিগত বৰ্ষসমূহত বাৰিষা অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়লৈ যোৱাতো ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়াত পৰিছে। আনকি বহু ছাত্ৰ-ছাত্ৰীয়ে দলঙৰ বাবেই একেৰাহে কেবাদিনো বিদ্যালয় খতি কৰিবলৈকো বাধ্য হৈ পৰিছে বুলি স্থানীয় লোকসকলে জানিবলৈ দিছে।

কিছু বছৰ পূৰ্বে গাওঁ পঞ্চায়তৰ অধীনস্থ পথটোত এটি পকী কালভাৰ্ট নিৰ্মাণ কৰা হৈছিল যদিও বাৰিষাৰ যদুমনি নৈৰ বাঢ়নী পানীয়ে বিধস্ত কৰি পেলায়। তেতিয়াৰে পৰা স্থানীয় ৰাইজে বাঁহৰ অস্থায়ী দলং নিৰ্মাণ কৰি যাতায়ত অব্যাহত ৰাখিছে।

কিন্তু দিন যোৱাৰ লগে লগে বাঁহৰ দলংখনেৰে যাতায়ত কৰাতো অসম্ভৱ হৈ পৰিছে। স্থানীয় ৰাইজে নিজে দান-বৰঙণি সংগ্ৰহ কৰি শ্ৰমদানেৰে দলংখন মেৰামতি কৰিবলৈ পৰিকল্পনা কৰিছিল যদিও এইবাৰ আগতীয়াকৈ বৰষুণ আৰম্ভ হোৱাত সেই পৰিকল্পনা স্থগিত ৰাখিবলৈ বাধ্য হৈ পৰে। 

এনে পৰিপ্ৰেক্ষিতত এতিয়া পৰিৱৰ্তনৰ সপোন দেখুৱাই শাসনৰ গাদী দখল কৰা চৰকাৰখনলৈ বাট চাই ৰৈছে অঞ্চলবাসীয়ে। কিন্তু বাৰিষা আহিবলৈ মাজত মাথো কেইদিনমান থকা অৱস্থাতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এইবাৰো যে যন্ত্ৰণাদায়কভাৱে যাতায়ত কৰিবলগীয়া হ'ব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰাত ক্ষুব্ধ হৈ পৰিছে  আমপৰাবাসী।