Printer-friendly version

মঙ্গলদৈঃ অসম চৰকাৰৰ হস্ততাত আৰু বস্ত্ৰ শিল্প বিভাগৰ অন্যতম প্ৰতিষ্ঠান অসম এপেক্স উইভাৰছ এণ্ড আৰ্টিচেন কো-অপাৰেটিভ ফেডাৰেচন লিমিটেড চমুকৈ "আৰ্টফেড"-এ বিভাগটোৰ সৈতে জড়িত শিপিনীসকলক লৈ বিভাগটোক নতুন ৰূপত গঢ়ি তোলাৰ তৎপৰতা অৱলম্বন কৰিছে। 

আনকি সোণালী সুতাৰ দেশ ৰূপে খ্যাত ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ এই হস্ততাত বস্ত্ৰ শিল্প বিভাগটোক চৰকাৰ তথা বিভাগীয় মন্ত্ৰীৰ সহযোগত আধুনিকীকৰণৰ জৰিয়তে বিশ্ব বানিজ্যলৈ সম্প্ৰসাৰিত কৰাৰো প্ৰচেষ্টা চলোৱা বুলি জানিবলৈ দিয়ে আৰ্টফেড কৰ্মচাৰী সন্থাই৷ আৰ্টফেড কৰ্মচাৰী সন্থাৰ সভাপতি সূৰ্য কান্ত ৰাভা আৰু সাধাৰণ সম্পাদক ধীৰেন কুমাৰ নাথে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়া অনুসৰি আৰ্টফেডত পঞ্জীয়নভুক্ত প্ৰায় ২০ লাখ শিপিনীক ২০ শতাংশ ৰেহাই মূল্যত সূতা, অত্যাধুনিক তাঁতশাল যোগান ধৰাৰ উপৰিও শিপিনী সকলক প্ৰয়োজনীয় প্ৰশিক্ষণ পৰ্যন্ত প্ৰদান কৰি বিভাগটোক গতিশীল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সন্থাই প্ৰকাশ কৰে।

বিবৃতিটোত কৰ্মচাৰী সন্থাই উল্লেখ কৰা অনুসৰি সন্থাৰ দাবী ভিত্তিত তথা আলোচনা মৰ্মে বিভাগীয় মন্ত্ৰী ৰনজিৎ দত্ত, আৰ্টফেডৰ পৰিচালনা সঞ্চালক মুকুল চন্দ্ৰ ডেকা, উপ-মহাপ্ৰৱন্ধক আজিজুৰ ৰহমান আৰু অধ্যক্ষ বিধায়ক দীপক ৰাভাই ৰাজ্যখনত থকা আৰ্টফেডৰ ৬১ টা শাখা শীঘ্ৰে কাৰ্যক্ষম কৰাৰো সমান তৎপৰতা চলোৱাৰ কথা কৰ্মচাৰী সন্থাই জানিবলৈ দিয়ে। 

একেদৰে ৰাজ্যখনৰ বিভিন্ন স্থানত থকা বিশেষকৈ দীৰ্ঘদিন ধৰি কেঁচা সামগ্ৰী যোগানৰ অভাৱত বন্ধ হৈ থকা উৎপাদন প্ৰকল্প সমূহো কায্যক্ষম কৰি তুলিবলৈ চৰকাৰ তথা আৰ্টফেডৰ পৰিচালনা-সঞ্চালক গৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও প্ৰকাশ কৰে সন্থাই। 

উল্লেখ্য যে, দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে হস্ততাত আৰু হস্তশিল্পৰ সামগ্ৰী দেখি বিভাগটোক ভূয়সী প্ৰশংসা কৰাৰ পিছতে বিভাগীয় মন্ত্ৰীৰ সৈতে আৰ্টফেডৰ বিষয়া-কৰ্মচাৰী সকলৰ তৎপৰতা বৃদ্ধি পায়। শেহতীয়াভাৱে আৰ্টফেড কৰ্মচাৰী সন্থাৰ দাবীৰ ভিত্তিত পৰিচালন সঞ্চালক মুকুল চন্দ্ৰ ডেকা আৰু উপ মহা প্ৰৱন্ধক আজিজুৰ ৰহমানে বিভাগটোত খালি হৈ থকা পদসমূহ পূৰণ, ষষ্ঠ আৰু সপ্তম সংশোধিত দৰমহা আদায় দিয়াৰো তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিবৃতিটোত সন্থাই প্ৰকাশ কৰি চৰকাৰ তথা বিভাগটোৱে গ্ৰহণ কৰা আধুনিকীকৰণৰ তৎপৰতাক সন্থাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰা হয়৷