গুৱাহাটীঃ শিক্ষাবিদ, কটন কলেজৰ প্ৰাক্তন অধ্যাপক তথা উপাধ্যক্ষ, সক্ৰিয় ৰাজহুৱা কৰ্মী, গ্ৰাহক সুৰক্ষাৰ অধিকাৰ আৰু ওৰেতো জীৱন অসমীয়া ভাষা ৰক্ষাৰ স্বাৰ্থত মাত মাতি অহা দেৱেন দত্ত আৰু নাই। ১৮ আগষ্টৰ পুৱাৰ ভাগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে নিজকে সক্ৰিয় ৰাজহুৱা কৰ্মী হিচাপে চিনাকি দি ভালপোৱা দেৱেন দত্তই। আজীৱন অসমীয়া ভাষাৰ উচ্চাৰণ আৰু প্ৰসাৰৰ বাবে কাম কৰি যোৱা দত্তৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ।

শ্বেত ধূম্ৰদণ্ডিকা...

'শ্বেত ধূম্ৰদণ্ডিকা স্বাস্থ্যৰ বাবে হানিকাৰক’! শুনিবলৈ আচহুৱা লাগিলেও এয়াই আছিল তেওঁৰ ব্যক্তিত্ব। ইংৰাজী ভাষাত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পিছতো তেওঁ অসমীয়া ভাষাক মনে-প্ৰাণে ভাল পাইছিল। সেয়ে সদায় তেওঁ কথা কওতে শুদ্ধ অসমীয়াৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ চিগাৰেট বুলি নকৈছিল, কৈছিল- শ্বেত ধূম্ৰদণ্ডিকা বুলি। তেওঁ টৰ্চ বা চিলিণ্ডাৰ বুলি ক’বলৈ বেয়া পাইছিল। তাৰ পৰিৱৰ্তে তেওঁ ব্যৱহাৰ কৰিছিল 'চুঙা চাকি’ বা 'বায়ু ঢোল’।

১৯৪৪ চনৰ ৫ এপ্ৰিলত শিৱসাগৰ জিলাৰ নাজিৰাত জন্মগ্ৰহণ কৰিছিল তেওঁ। পিতৃ আছিল এগৰাকী বিদ্যালয় শিক্ষক। নাজিৰাতে প্ৰাথমিক শিক্ষা গ্ৰহণৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয় আৰু পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।

১৯৬৫ চনত তেওঁ বৰ্তমানৰ কটন বিশ্ববিদ্যালয় (তেতিয়া কটন মহাবিদ্যালয়)ত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে অধ্যাপনা আৰম্ভ কৰে। ২০০১ চনত তেওঁ শিক্ষা প্ৰতিষ্ঠানখনৰ উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে। ১৯৭৭ চনত তেওঁ দূৰদৰ্শন আৰু আকাশবাণীৰ বাতৰি পৰিৱেশক হিচাপে জনপ্রিয়তা অর্জন কৰা অৰুন্ধতী দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দুয়োৰে জীৱন ভৰাই তুলিছিল এহাল পুত্ৰ-কন্যাই। ২০১৬ চনত এক দুৰাৰোগ্য ৰোগত বিয়োগ ঘটিছিল তেওঁৰ পত্নীৰ।   

অসমীয়া ভাষাৰ তেওঁ আছিল আজীৱন সাধক

মহাবিদ্যালয়ত তেওঁ পাঠদান কৰা বিষয় আছিল ইংৰাজী। কিন্তু কথা যেতিয়া তেওঁ কৈছিল, কথাৰ মাজত ইংৰাজী শব্দ উচ্চাৰিত হ’বলৈও দিয়া নাছিল। তেওঁৰ সন্মুখত আনে অসমীয়া-ইংৰাজী মিশ্ৰিত ভাষা ক’লেও তেওঁৰ খং উঠিছিল। অসমীয়া হোৱাৰ স্বাভিমান জিলিকি থকা চকুহাল ৰঙা কৰি তেওঁ কৈছিল, 'ক’লে অসমীয়া কওক, নহ’লে ইংৰাজী কওক।’ 

এইগৰাকী ভাষা পণ্ডিতে অসম সাহিত্য সভাৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি তেওঁ আছিল অসম চৰকাৰে উপায়ৰ পৰামৰ্শ দিবলৈ গঠন কৰা অসম ভাষা আয়োগৰ সদস্যও। অসমীয়া ভাষাৰ ব্যৱহাৰক প্ৰসাৰিত কৰিবলৈ তেওঁ আজীৱন সৰ্বতোপ্ৰকাৰে চেষ্টা চলাইছিল।

অসমীয়া ভাষাৰ বৈষম্যমূলক চৰকাৰৰ নীতিৰ সমালোচক আছিল তেওঁ। অসমৰ সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠানত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰৰ বাবে তেওঁ দাবী উত্থাপন কৰি আহিছিল। অসমীয়া ভাষা সংৰক্ষণ আৰু প্ৰসাৰৰ গুৰুত্বৰ ওপৰতো তেওঁ বিস্তৃতভাৱে লিখিছিল।


পত্নীৰ সৈতে দেৱেন দত্ত

অসমীয়া ভাষাৰ বাবে তেওঁৰ অৱদান

অসমীয়া ভাষাৰ প্ৰতি তেওঁ আগবঢ়োৱা অৱদান অনস্বীকাৰ্য। এই অৱদানে প্ৰজন্মৰ পিছত প্ৰজন্মক সমল আৰু সাহস যোগাই যাব। লিখিত কামৰ উপৰিও তেওঁ অসমীয়া ভাষাৰ গুৰুত্বৰ ওপৰতো বিস্তৃতভাৱে বৰ্ণনা কৰিছিল। সাহিত্যানুষ্ঠান আৰু সন্মিলনত তেওঁ নিয়মীয়াকৈ অতিথি হিচাপে উপস্থিত আছিল, য’ত তেওঁ প্ৰায়ে ভাষাটো সংৰক্ষণ আৰু প্ৰচাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভাষণ দিছিল। অসমীয়া ভাষাৰ প্ৰচাৰৰ বাবে কাম কৰি থকা কেইবাখনো সমিতি আৰু সংগঠনৰ সদস্যও আছিল তেওঁ।

অসমীয়া ভাষাৰ ভুল প্ৰয়োগ, শব্দ বিভ্ৰাট, ভুল উচ্চাৰণ আদিৰ বিস্তৃত আলোচনা আগবঢ়াই 'চিৰ চেনেহী মোৰ ভাষা ফেদেলী’ৰ দৰে গ্ৰন্থ লিখিছিল তেওঁ। অসমীয়া ভাষাৰ উত্তৰণৰ সৈতে কাহানিও আপোচ নকৰা এইগৰাকী ভাষাবিদ, শিক্ষাবিদ আছিল কেইবাখনো অসমীয়া-ইংৰাজী কাকত-আলোচনীৰ নিয়মীয়া লেখক।

সময়ানুৱৰ্তিতা মানি চলা সক্ৰিয় ৰাজহুৱা সমাজকৰ্মী 

ভাষাৰ উত্তৰণৰ হকে কাম কৰাৰ সমান্তৰালভাৱে তেওঁ আছিল এগৰাকী সক্ৰিয় সমাজকৰ্মী। সমাজৰ বিভিন্ন বিষয়ত সজোৰে মাত মাতি অহা শিক্ষাবিদগৰাকী আছিল অসম আন্দোলন, দুৰ্নীতি বিৰোধী আন্দোলনৰ এগৰাকী সক্ৰিয় অংশগ্ৰহণকাৰী। দুৰ্নীতি, প্ৰদূষণ আদি বিষয়ক লৈ মাত মতাৰ লগতে তেওঁ চৰকাৰৰ ভুল নীতিৰো সংকোচহীন সমালোচনা কৰিছিল। 

তেওঁ এবাৰ কৈছিল- 'অসম আৰু অসমীয়াৰ বাবে মই মৰিবলৈকো সাজু।’ অসমীয়া সত্বাক সদায় নিজৰ মাজত জাগ্ৰত কৰি ৰখা শিক্ষাবিদগৰাকীয়ে বিভিন্ন সামাজিক বিষয়ৰ ওপৰত প্ৰায়ে সংবাদমেলৰ আয়োজন কৰিছিল। এই সংবাদ মেলবোৰ তেওঁ এক মিনিটো পলম নোহোৱাকৈ পূৰ্ব নিৰ্ধাৰিত সময়তেই সম্বোধন কৰিছিল। 

আনকি সেই সময়ত তেওঁৰ সংবাদমেলত সাংবাদিকসকল উপস্থিত নাথাকিলেও তেওঁ অপেক্ষা কৰা নাছিল। তেওঁ প্ৰায়ে কৈছিল- সময়েই সম্পদ। সময়ানুবৰ্তিতা মানি চলি সকলোৱে কাম কৰিব লাগে। যিদৰে ভুল অসমীয়া ক’লে তেওঁৰ খং উঠিছিল, সেইদৰে সময়ানুবৰ্তিতা মানি নচলিলেও তেওঁ খং কৰিছিল। 

সংবাদমেলৰ উপৰিও প্ৰায়েই তেওঁ বিভিন্ন জ্বলন্ত বিষয়ক লৈ নিজৰ মতামত লিখি বাতৰি কাকতসমূহলৈ ফেক্স আৰু পিছলৈ মেইল কৰিছিল। সেই মতামতৰ তলত সদায়েই চহীটোৰ তলত নিজকে সক্ৰিয় ৰাজহুৱা সমাজ কৰ্মী বুলি লিখিছিল দত্তই।

দলীয় ৰাজনীতিত ভাগ্য পৰীক্ষা

কটন মহাবিদ্যালয়ৰ পৰা উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণৰ পিছতে ৰাজনীতিৰ পথাৰত ভৰি দিয়াৰ মন মেলে তেওঁ। ২০০৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা তৃণমূল গণ পৰিষদৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়।

অৱশ্যে ৰাজনীতি তেওঁৰ বাবে আছিল এক যেন এক্সপেৰিমেণ্ট। 'দ্য টেলিগ্ৰাফ’ক সেই সময়ত দিয়া এক সাক্ষাৎকাৰত তেওঁ কৈছিল, 'মই সদায় ৰাজনীতিৰ সৈতে জড়িত আছিলো। কিন্তু এয়া কেৱল দলীয় ৰাজনীতিয়েই নাছিল, এই ৰাজনীতি আছিল শিক্ষা, স্বাস্থ্য আৰু গ্ৰাহকৰ অধিকাৰৰ। মই এই ৰাজনীতিৰ লগত জড়িত হৈ আহি মোৰ মতামত ৰাজহুৱাভাৱে প্ৰচাৰ কৰি আহিছো আৰু কেইবাবছৰৰ ধৰি ইয়াৰ সৈতে জড়িত হৈ আছো।’ তেওঁ লগতে কৈছিল, 'ৰাজনীতি কৰিবলৈ হ’লে ৰাজহুৱা জীৱন যাপন কৰিব লাগিব।’

অৱশ্যে ২০০৪ চনৰ সেই নিৰ্বাচনত পৰাজিত হ’বলগীয়া হৈছিল তেওঁ। সমষ্টিটোৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী কিৰিপ চলিহাই বিজয় সাব্যস্ত কৰিছিল। লগে লগে অন্ত পৰিছিল শিক্ষাবিদগৰাকীৰ দলীয় ৰাজনীতৈক জীৱনৰো।

সমাজ, শিক্ষা, ভাষা, ৰাজনীতি সকলো ক্ষেত্ৰতে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি এগৰাকী গভীৰ আত্মবিশ্বাসী আৰু অনিসন্ধিৎসু মনৰ গৰাকী বুলি নিজকে পৰিচয় দিবলৈ সক্ষম হোৱা সেইগৰাকী ভাষাবিদ, শিক্ষাবিদেই হৈছে দেৱেন দত্ত। 

GMCHত তেজ লাভ নকৰাৰ অভিযোগ

স্বাস্থ্যজনিত অসুস্থতাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল শিক্ষাবিদ দেৱেন দত্তক। তাতেই শুকুৰবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে কটন কলেজৰ প্ৰাক্তন উপাধ্যক্ষগৰাকীয়ে। বিশিষ্ট শিক্ষাবিদগৰাকীৰ মৃত্যুৱে যেন উদঙাই থৈ গ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ বাবে থকা সা-সুবিধাৰ অন্ধকাৰ দিশটোও।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অধ্যাপক দত্তৰ সৈতে থকা তেওঁৰ কেয়াৰ টেকাৰ গৰাকীয়ে অভিযোগ কৰা মতে, প্ৰয়োজনীয় সময়ত হাস্পতালত তেজ লাভ নকৰাৰ বাবেই মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় দেৱেন দত্তই।

দত্তৰ কেয়াৰ টেকাৰগৰাকীয়ে অভিযোগ কৰা মতে, গেষ্ট্ৰাইটিছ (জি আই)ৰ বৃহৎ ৰক্তক্ষৰণত আক্ৰান্ত দেৱেন দত্তৰ বাবে প্ৰয়োজনীয় ব্লাড বিচাৰি তেওঁ ব্লাড বেংকত কান্দি কান্দি মিনতি কৰিছিল যদিও সময়মতে ব্লাড ইউনিটৰ সুবিধা লাভ কৰা নাছিল। যেতিয়া হাস্পতালখনে তেজ যোগান ধৰিছিল তেতিয়ালৈকে শেষ নিশ্বাস ত্যাগ কৰিছিল শিক্ষাবিদগৰাকীয়ে।

অন্যহাতে কেয়াৰ টেকাৰজনৰ এই গুৰুতৰ অভিযোগ খণ্ডন কৰি জিএমচিএইচৰ অধীক্ষক অভিজিত শৰ্মাই কয় যে  ১৭ আগষ্টৰ পুৱা তেজ পৰীক্ষাৰ পিছত যি প্ৰেছক্ৰিপচন দিয়া হৈছিল, সেই অনুসৰি ৰোগীজনক প্ৰায় ৪:৩০ বজাত তেজ দিয়া হৈছিল। ..দ্বিতীয় ব্লাড ইউনিটৰ বাবে ৰিকুইজিচন ১১:৩০ বজাত দিয়া হৈছিল। কিন্তু তেতিয়ালৈকে শেষ নিশ্বাস ত্যাগ কৰিছিল দত্তই।

তদুপৰি অধীক্ষকগৰাকীয়ে কয় যে দেৱেন দত্তৰ গেষ্ট্ৰাইটিছ (জি আই)ৰ বৃহৎ ৰক্তক্ষৰণ হৈছিল যাৰ বাবে তেওঁৰ মৃত্যু হয়। তেওঁ লগতে কয় যে কেয়াৰ টেকাৰৰ বাহিৰে তেওঁৰ পৰিয়ালৰ কোনোৱেই এই বিষয়টোক লৈ অভিযোগ উত্থাপন কৰা নাই।

অধীক্ষকগৰাকীয়ে লগতে দাবী কৰে যে ১৭ আগষ্টত দেৱেন দত্তৰ পৰিয়ালৰ কোনো সদস্যই তেজৰ প্ৰয়োজনীয়তাৰ দৰে কোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে তেওঁৰ ওচৰলৈ অহা নাছিল। তথাপিও সমগ্ৰ অভিযোগ সন্দৰ্ভত তেওঁ তদন্ত আৰম্ভ কৰা বুলিও জানিবলৈ দিয়ে অভিজিত শৰ্মাই। তেওঁ কয়, 'আজিৰ যুগত চিকিৎসালয়ত তেজৰ অভাৱত এজন ব্যক্তিৰ মৃত্যু হোৱাটো অসম্ভৱ।’

ৰাজ্যজুৰি শোক

শুকুৰবাৰে পুৱাই তেওঁৰ বিয়োগৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে শোকাহত হৈ পৰে তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈ অসমীয়া ভাষাক গভীৰভাৱে ভাল পাবলৈ শিকা অলেখ অসমীয়া। সামাজিক মাধ্যমতো এতিয়া শোকৰ জোৱাৰ উঠিছে। 

অসমীয়া ভাষাৰ প্ৰতি নিজৰ জীৱন উৎসৰ্গা কৰা এজন ব্যক্তি হিচাপে তেওঁক স্মৰণ কৰিব সকলোৱে। তেওঁ ভাষা-সংস্কৃতিৰ অক্লান্ত পোষকতা কৰিছিল আৰু তেওঁ যি বিশ্বাস কৰিছিল তাৰ বাবে যুঁজিবলৈ কেতিয়াও এৰি দিয়া নাছিল। তেওঁক চিনি পোৱা সকলোৰে হৃদয় আৰু মনত তেওঁৰ উত্তৰাধিকাৰ জীয়াই থাকিব। হৃদয়ত তেওঁ আছিল এজন প্ৰকৃত অসমীয়া, যাৰ বাবে আজি তেওঁক হেৰুৱাই শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী।

শ্যামকানু মহন্তই শোক প্ৰকাশ কৰি লিখিছে, 'দেৱেন দত্ত ছাৰৰ বিয়োগৰ খবৰে অত্যন্ত মৰ্মাহত কৰিছে৷ কটন কলেজত উচ্চতৰ মাধ্যমিক পঢ়োতে ক্লাছৰুমত শিক্ষাৰ্থী হিচাপে প্ৰথম ছাৰক লগ পাইছিলো। ছাৰৰ মুখত ইংৰাজী শুনি, ষ্টাইল, ডিকচন দেখি বিমুগ্ধ হৈছিলো। ছাৰৰ মুখত মেকবেথ নাটকৰ ডাইলগ শুনি ঘৰত আহি ছাৰৰ নিচিনাকৈ ক'বলৈ চেষ্টা কৰিছিলো। আমি অসমীয়া মাধ্যমত পঢ়ি ডাঙৰ হোৱা, ছাৰৰ ইংৰাজী শুনি ইংৰাজী ক'বলৈ আগ্ৰহী হৈছিলো। ছাৰে অসমীয়া ভাষাটোক সমৃদ্ধ কৰিবলৈ আপোচবিহীনভাৱে যুঁজি আছিল। পাছত টিভি ষ্টুডিঅ'ত পেনেলিষ্ট হিচাপে ছাৰক বহুবাৰ লগ পাইছো। আগৰ সেই শ্রদ্ধাৰ বাবে ছাৰৰ কোনো মন্তব্য মনঃপুত নহ'লেও বিৰোধ কৰাৰ সাহস কৰিব পৰা নাছিলো। তেখেতৰ বিয়োগে এক শূন্যতাৰ সৃষ্টি কৰিলে৷ শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।’

মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ

বিশিষ্ট শিক্ষাবিদ, পণ্ডিত দেৱেন দত্তৰ বিয়োগত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে শোক ব্যক্ত কৰি লিখিছে, 'বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক দেৱেন দত্তৰ বিয়োগত খবৰ পাই মৰ্মাহত হৈছোঁ। ভাষা-সাহিত্যৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা কটন কলেজৰ প্ৰাক্তন অধ্যাপক দত্তৰ মৃত্যু অসমৰ সামাজিক আৰু শৈক্ষিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি।’