ডেহৰাডুনঃ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বি জে পি এটা নিৰ্বাচনত প্ৰতিশ্ৰুতি আছিল অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ৷ এই প্ৰতিশ্ৰুতিৰে হিন্দুত্বৰ কাৰ্ড খেলিছিল বি জে পিয়ে৷ কিন্তু বি জে পিৰ হিন্দুত্বৰ এই কাৰ্ড এতিয়া হাইজেক কৰিছে কংগ্ৰেছে৷ 

কংগ্ৰেছৰ সাধাৰম সম্পাদক হৰিশ ৰাৱতে শুকুৰবাৰে কয় যে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ শাসনলৈ আহিলে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিব৷ 

আনকি তেওঁ এইটোও স্পষ্ট কয় যে তেওঁ ৰাম মন্দিৰ সন্দৰ্ভত আগৰেপৰা সংবাদ মাধ্যমত এনেদৰে কৰি আহিছে আৰু দলে এই ভাষ্যত কোনো নেতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নায়৷ 

ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত বি জে পিক আন্তৰিকতা নাই বুলি অভিযোগ কৰি তেওঁ মন্তব্য কৰে যে গেৰুৱা দলটোৱে ৰাম মন্দিৰ নিৰ্মাণক লৈ মাত্ৰ ৰাজনীতিহে কৰিছে৷