কোকৰাঝাৰঃ দৈহিক সুষমাৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হোৱা এগৰাকী অসম কন্যাই এইবেলিৰ শ্ৰীয়া মিছ ইণ্ডিয়া-২০১৮ ৰেম্পত খোজ দিবলৈ সাজু হৈছে৷ বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ এগৰাকী যুৱতীগৰাকীয়ে শ্ৰীয়া মিছ ইণ্ডিয়া-২০১৮লৈ নিৰ্বাচিত হোৱাত কোকৰাঝাৰস্থিত গৃহ চহৰত আনন্দৰ বন্যা অব্যাহত আছে৷

উল্লেখ্য যে, ফেশ্বন জগতত নিজৰ নাম উজলাবলৈ সক্ষম হোৱা ২১ বছৰীয়া যুৱতীগৰাকী হৈছে কোকৰাঝাৰ চহৰৰ  ৮নং ওৱাৰ্ডৰ হাদানপাৰাৰ নিবাসী সুভাষ বসুমতাৰী আৰু মিনু বসুমতাৰীৰ দ্বিতীয় কন্যা ডেইজী বসুমতাৰী।

ইংৰাজী বিষয়ত মেজৰলৈ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ স্নাতক মহলৰ অন্তিম বৰ্ষত অধ্যয়নৰত ডেইজী বসুমতাৰীয়ে শ্ৰীয়া মিছ ইণ্ডিয়া-২০১৮ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চূড়ান্ত সৌন্দৰ্য প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে। প্ৰতিযোগিতা অহা মাৰ্চ মাহত ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱাত উৎফুল্লিত হৈ পৰিছে ডেইজী বসুমতাৰীয়ে।

সাংবাদিকৰ আগত ডেইজীয়ে সদৰী কৰা মতে তেওঁ ২০১৬ চনত অনুষ্ঠিত মিছ বড়োলেণ্ড সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হৈ ‘মিছ হাইনা সুন্দৰী’ বিজয়ীৰ খিতাপ অৰ্জন কৰাৰ উপৰিও যোৱা ২০১৭ চনত অনুষ্ঠিত মিছ মেগা নৰ্থ ইষ্ট প্ৰতিযোগিতাৰ ছেমী ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল।

আঞ্চলিক আৰু ৰাজ্যিক পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতা সমুহত নিজৰ পাৰদৰ্শিতাৰে বিজয়ী হৈ সম্প্ৰতি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে ডেইজীয়ে। তেওঁ যাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হৈ বড়োলেণ্ডৰ উপৰিও অসমৰ নাম উজলাবলৈ সক্ষম হয় তাৰ বাবে ডেইজী বসুমতাৰীয়ে সকলোৰে আশীষ বিচাৰিছে৷