newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লী উচ্চ ন্যায়ালয়ে ইউটিউবে বিতৰ্কিত ভিডিঅ' আঁতৰ নকৰাৰ অপৰাধত ৯ লাখ ৫০ হাজাৰ টকা জৰিমনা বিহে৷ দিল্লীৰ এগৰাকী ডাক্তৰ সম্বন্ধিত বিতৰ্কিত ভিডিঅ’ ইউটিউবৰ মজিয়াৰ পৰা আঁতৰ নকৰাৰ বাবেই ইউটিউব কৰ্তৃপক্ষক উচ্চ ন্যায়ালয়ে জৰিমনা বিহে৷

উল্লেখ্য যে, এক ট্ৰায়েল আদালতৰ দ্বাৰা ২০১৫ চনৰ জুন মাহতে এগৰাকী ডাক্তৰৰ বিতৰ্কিত ভিডিঅ’টো গুগল আৰু ইউটিউবৰ পৰা ডিলিট কৰাৰ বাবে এক নিৰ্দেশ জাৰি কৰা হৈছিল৷ কিন্তু এই নিৰ্দেশৰ পিছতো প্ৰতিবাৰ শুনানিতে ইউটিউবে ভিডিঅ’টো আঁতৰ কৰিবলৈ অপৰাগ হোৱাৰ বিষয়ে মন্তব্য কৰি আহিছিল৷ আদালতৰ সন্মুখত ইউটিউব কৰ্তৃপক্ষই প্ৰদান কৰা ভাষ্য অনুসৰি, সেই বিবাদিত ভিডিঅ’টো ইউটিউবৰ মজিয়াৰ পৰা আঁতৰ কৰিব পৰা নাযায়৷ কিন্তু ভিডিঅ’টো মানুহৰ দৃষ্টিৰ পৰা আঁতৰাই ৰাখিব পাৰি৷

সংবাদ মাধ্যম টইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি, ঘটনা সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰাৰ পিছতেই ন্যায়াধীশ নজমী বজীৰীয়ে আদালতৰ সময় নষ্ট কৰাৰ অপৰাধত ইউটিউবক প্ৰত্যেক শুনানি কালত ৫০ হাজাৰ টকা জৰিমনা হিচাপে আদায় দিবলৈ নিৰ্দেশ দিয়ে৷ 

উল্লেখ্য যে, নিৰ্যাতিত ডাক্তৰ গৰাকীয়ে ইউটিউবৰ বিৰুদ্ধে আদালতৰ মজিয়াত তৰা গোচৰৰ পিছত এই পৰ্যন্ত আদালতে ৯ টা শুনানি গ্ৰহণ কৰে৷ আনহাতে, এই গোচৰৰ নিষ্পত্তি কৰি আদালতে দিল্লীৰ নিৰ্যাতিত ডাক্তৰগৰাকীকো ৫০ হাজাৰ টকা আদায় দিবলৈ ইউটিউব কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে৷ লগতে ইউটিউবক ১ লাখ টকা উচ্চ ন্যায়ালয়ৰ মধ্যস্থতা আৰু নিষ্পত্তি কেন্দ্ৰতো জমা দিবলৈ নিৰ্দেশ দিয়ে আদালতে৷