newsnextone.com | দিল্লীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সোমবাৰে অসম আন্দোলন সংগ্ৰামী মঞ্চই দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ পৰা যোৱা কেইবা শতাধিক লোকে একপ্ৰকাৰ চৰকাৰ বিৰোধী শ্ল'গানেৰে দিল্লী কঁপাই তোলে।

অসম আন্দোলন সংগ্ৰামী মঞ্চৰ আহ্বানত দিল্লীৰ যন্তৰ মন্তৰত সোমবাৰে পুৱাই সমবেত হয় অসমৰ অসমৰ লোক। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ লগতে অসম চুক্তি ৰূপায়ন কৰাৰ দাবীত যন্তৰ মন্তৰৰ পৰা 'সংসদ যাত্ৰা' কৰে প্ৰতিবাদকাৰীসকলে। সমদল কৰি গৈ থকাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে যদিও আৰক্ষীয়ে আবদ্ধ কৰা ঠাইতে প্ৰতিবাদ সাব্যস্ত কৰে।

অসম আন্দোলন সংগ্ৰামী মঞ্চৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, মুখ্য আহ্বায়ক তথা সাংসদ কুমাৰ দীপক দাস, সাংবাদিক মণজিৎ মহন্ত অসম চুক্তিৰ স্বাক্ষৰকাৰী বিৰাজ শৰ্মা, সাংসদ বিশ্বজিৎ দৈমাৰী, বিধায়ক উৎপল দত্ত, প্ৰাক্তন বিধায়ক মুকুন্দৰাম চৌধুৰী, অসম সাহিত্য সভাৰ প্ৰতিনিধি, বৰাক উপত্যকা পাৰ্বত্য পৰিষদ, বৰাক উপত্যকা বিষ্ণুপ্ৰিয়া মণিপুৰী সন্থা, খিলঞ্জীয়া ঐক্যমঞ্চ, নতুন দিল্লীৰ অসম এছ'চিয়েচন আদিয়ে অংশ লৈ কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিব খোজা এই বিধেয়ক বাতিল কৰাৰ দাবী জনায়। জানিব পৰা মতে, নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মঙলবাৰে প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ প্ৰেক্ষাগৃহত দিনৰ ১১-৩০ বজাৰ পৰা এখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব।