newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীত অনাহাৰে মৃত্যুবৰণ কৰা তিনি কন্যা সন্তান সন্দৰ্ভত নতুন নতুন তথ্য পোবৰলৈ আহিব ধৰিছে। মৃত্যুৰ পূৰ্বে বাৰে বাৰে মাতৃৰ হাতত ধৰি সন্তানে কেইটা খাবলৈ বিচাৰিছিল। ৮ টা দিন অনাহাৰে আছিল তিনিগৰাকীয়ে কন্যাই। ২ বছৰীয়া, ৪ বছৰীয়া আৰু ৮ বছৰীয়া কন্যাৰ মৰ্মান্তিক দৃশ্য প্ৰত্যক্ষ কৰিও গুৰুত্ব দিয়া নাছিল ওচৰৰ লোকে। এই কথা আৰক্ষীৰ সন্মুখত নিজেই ব্যক্ত কৰিছে সুস্থ হৈ উঠা মাতৃগৰাকীয়ে। মাতৃয়ে কয় যে বহুত দিন তেওঁলোকে খোৱা নাছিল আৰু খাবলৈ দিবলৈ কৈছিল। কেৱল খাবলৈ দিবলৈ কৈছিল সন্তান কেইটাই। 

আনহাতে ডাক্তৰৰ মতে প্ৰায় ৮ দিনে অনাহাৰ আছিল তিনি শিশু। দিল্লীৰ লালবাহাদুৰ শাস্ত্ৰী হস্পিতালৰ অধ্যক্ষ অমিত চাক্সেনাই কয় যে মোৰ ১৫ বছৰীয়া কেৰিয়াৰত এনে ঘটনা দেখা নাই। তিনি সন্তানৰ শৰীৰত একোৱে নাছিল।পাকস্থলী শুকাই আছিল। পুষ্টিহীনতাত মৃত্যু হৈছে তেওঁলোকৰ। 

উল্লেখ্য যে, দেশৰ ৰাজধানী দিল্লীত তিনি শিশুৱে অনাহাৰে থাকি মৃত্যুক আকোৱালি ল’ব লগা হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি  হৈ আহিছে৷ কেইবাদিনো খাদ্য খাবলৈ নোপোৱাৰ ফলতেই তিনি শিশুৰ মৃত্যু হোৱা বুলি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে চিকিৎসকে৷ সোমবাৰে সন্ধিয়া পূব দিল্লীৰ মাণ্ডাৱালি এলেকাত তিনিটা শিশুৰ একেলগে মৃতদেহ উদ্ধাৰ হৈছিল৷

দেহত কোনো আঘাতৰ চিন চাব নথকাত সন্দেহজনক হৈ পৰে এই মৃতদেহ উদ্ধাৰৰ ঘটনা৷ লগে লগে আৰক্ষীক দিয়া হয় এই খবৰ৷ আৰক্ষীয়ে তিনিটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰে৷ আৰক্ষীয়ে তদন্ত কৰি হত্যাকাণ্ড বুলি তথ্য বিচাৰি নাপালে৷ 

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ওলোৱাৰ পিছতহে সকলো স্পষ্ট হৈ পৰে৷ অৱহেলা আৰু খাদ্যৰ অভাৱৰ পৰাই শিশুৰ মৃত্যু হোৱা বুলি চিকিৎসকে প্ৰতিবেদনত প্ৰকাশ কৰে৷ তেওঁলোকৰ পাকস্থলী শুকাই গৈছিল৷ পেট খালি থকাৰ লগতে মৃত্যুৰ প্ৰায় ১৮ ঘণ্টাৰ পিছতহে তেওঁলোকক চিকিৎসালয়লৈ অনা হয়৷  

জানিব পৰা মতে, মংগল নামৰ লোকজনে মেদিনীপুৰৰ পৰা কামৰ সন্ধানত ১০ বছৰ পূৰ্বে দিল্লীলৈ আহে৷ দিল্লীৰ বীণা নামৰ এগৰাকী যুৱতীক বিয়া কৰাই আৰু তেওঁলোকৰ ৩গৰাকী কন্যা সংসাৰলৈ আহে৷ দিল্লীৰ মধুবিহাৰত ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়া মংগলে উপাৰ্জন কৰা টকাৰে কোনোমতে পৰিয়াল চলাই৷ 

অভাৱৰ বাবে অনাহাৰে থাকিব লগা হয়৷ কিন্তু কেইসপ্তাহ পূৰ্বে মংগলৰ ৰিক্সা খন চুৰি হয়৷ ৰিক্সা চুৰি হোৱাৰ পিছতে বিপদত পৰে মংগলে৷ ফলত কাম কৰাৰ বাবে ঘৰৰ পৰা ওলাই যায় মংগলে৷ মংগলে কেইবাটাও দিন ঘৰলৈ নহাত দৰিদ্ৰতাৰ সৈতে যুঁজ দি পত্নী বীণাই মানসিক ভাৰসাম্য হেৰাই পেলায়৷ স্মৃতি শক্তি হেৰাই পেলায় পত্নীয়ে৷ তাৰ লগে লগে মংগলে পৰিয়ালৰ সৈতে যোগাযোগ কৰা নাছিল৷

মাতৃৰ মানসিক ভাৰসাম্য হেৰাই যোৱাৰ লগতে পিতৃয়ে ঘৰলৈ নহাত তিনি সন্তানে কেইদিনমান ৰাজপথত ভিক্ষা মাগিছিল৷ ৮ বছৰীয়া মানসী, ৪ বছৰীয়া পাৰৌ আৰু ২ বছৰীয়া সুখোৱে খাবলৈ জোগাৰ কৰি কেইটামান দিন তেনেদৰে চলে৷ কিন্তু সভ্য মানুহৰ এলেকাৰ কোনো লোকে সহায় কৰিবলৈ ওলাই নাহিল৷ অৱশেষত ভিক্ষা মাগিও খাবলৈ নোপোৱাত শিশুকেইটাই মাতৃৰ ওচৰতে পৰি ৰয় কেইবাটাও দিন৷ তাৰ পিছতে দেওবাৰে মাতৃৰ সমীপত তিনি শিশুৰ মৃতদেহ উদ্ধাৰ হয়৷ পিছত আৰক্ষীয়ে মাতৃগৰাকীক উদ্ধাৰ কৰি হস্পিতালত ভৰ্তি কৰাত ক্ৰমান্বয়ে সুস্থ হৈ উঠে মাতৃগৰাকীয়ে।