ফাইল ফটো, ইন্টাৰনেট

ডিজিটেল ডেস্কঃ মাতৃৰ বাবে সন্তান সৰ্বোচ্চ৷ সন্তানৰ বাবে সৰ্বোচ্চ হৈছে মাতৃ৷ দুখতে হওক বা সুখতে, সন্তানে যাক প্ৰথমেই সোঁৱৰে, সেয়াই হৈছে মাতৃ৷ সেইবাবেই কোৱা হয়- আইৰ সমান হ’ব কোন, নৈৰ সমান বব কোন৷

কিন্তু অৰ্থৰ লোভত মাতৃয়ে নিজ সন্তানক বিপথে পৰিচালিত কৰাৰ নজিৰো অনেক আছে৷ শেহতীয়াকৈ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ মন্তব্যৰ পিছতেই পুনৰ খোল খালে আন এগৰাকী অৰ্থলোভী মাতৃৰ মুখা৷ 

দিল্লীৰ এগৰাকী ১৬ বৰ্ষীয় কিশোৰীয়ে আৰক্ষীৰ আগত মন্তব্য কৰি কৈছে যে কিশোৰীগৰাকীৰ মাতৃয়ে টকাৰ লোভত কিশোৰীগৰাকীক দালালৰ ওচৰত বিক্ৰী কৰি দিয়ে৷ কিশোৰীগৰাকীৰ বিনিময়ত মাতৃয়ে মাহেকত ৪০ হাজাৰ টকা দালালৰ পৰা লাভ কৰে৷ কিশোৰীগৰাকীৰ এই অভিযোগৰ পিছতেই এক নাৰীদেহ ব্যৱসায়ী চক্ৰৰ ৰহস্য ফাদিল হয়৷

কিশোৰীগৰাকীয়ে আৰক্ষীৰ আগত জনোৱা মতে দুমাহ পূৰ্বে কিশোৰীগৰাকীৰ মাতৃয়ে তাইক দুজন দালালৰ হাতত বিক্ৰী কৰি দিয়ে৷ তাৰ পিছতে দালাল দুগৰাকীয়ে কিশোৰীগৰাকীক মানালিলৈ লৈ যায় আৰু দেহ ব্যৱসায়ত লিপ্ত কৰোৱাই৷

শনিবাৰে কিশোৰীগৰাকীক এজন কাষ্টমাৰৰ ওচৰলৈ পঠোৱাৰ সময়তে কিশোৰীগৰাকীয়ে কোনোমতে পলায়ন কৰি এখন বেচৰকাৰী হস্পিতালৰ সহায় বিচাৰে৷ পিছত হস্পিতালখনৰ কৰ্মচাৰীৰ সহযোগত আৰক্ষীক খবৰ দিয়াৰ আৰক্ষী উপস্থিত হৈ কিশোৰীগৰাকীৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে পস্কো আইনৰ অধীনত গোচৰ ৰুজু কৰে৷ 

ইফালে ঘটনা সন্দৰ্ভত কুলুৰ আৰক্ষী অধীক্ষক শালিনী অগ্নিহোত্ৰীয়ে জনোৱা মতে, কিশোৰীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে৷ আটকাধীন অভিযুক্তগৰাকী পঞ্জাৱৰ নিৱাসী বুলি জানিব পৰা গৈছে৷ ইফালে নাৰী ব্যৱসায়ৰ সৈতে জড়িত আন কেইজন অভিযুক্ত আৰু কিশোৰীগৰাকীৰ মাতৃক এচিয়াও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই৷ 

নিৰ্যাতিতা কিশোৰীগৰাকীয়ে দাবী কৰা অনুসৰি আন কেইবাগৰাকীও নাবালিকা তথা প্ৰাপ্তবয়স্ক নাৰীক এক দেহ ব্যৱসায়ী চক্ৰই দেহ ব্যৱসায়ৰ কাৰণে মানালিলৈ লৈ যায়৷ কিশোৰীগৰাকীৰ তথ্যৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে সেইসকল নাবালিকাৰো সন্ধান উলিয়াবলৈ তৎপৰ হৈ পৰিছে৷