নতুন দিল্লীঃ উত্তৰ-পূব দিল্লীৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনাৰ সহায় ল’বলৈ দাবী জনাইছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথাও জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে দিল্লীৰ আৰক্ষী। 

বুধবাৰে এক টুইটযোগে কেজৰিৱালে দিল্লীৰ পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীক শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। 'গোটেই নিশা আমি বহু মানুহৰ সৈতে কথা পাতিছো। পৰিস্থিতি খুবেই উদ্বেগজনক। সকলোধৰণৰ চেষ্টা চলোৱা সত্বেও পৰিস্থিতি স্বাভাৱিক কৰি তোলাত ব্যৰ্থ হৈছে দিল্লী আৰক্ষী। সেয়ে স্পৰ্শকাতৰ অঞ্চলসমূহৰ দায়িত্ব সেনাক অৰ্পণ কৰিব লাগে আৰু সান্ধ্য আইন জাৰি কৰিব লাগে। আমি এই লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছো।’-টুইটটোত এইদৰে কয় কেজৰিৱালে।

উল্লেখ্য যে নাগৰিকত্ব আইনক লৈ বিগত কেবাদিনো ধৰি উত্তাল হৈ আছে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লীৰ উত্তৰ-পূব অঞ্চল। পক্ষ আৰু বিপক্ষৰ লগতে আৰক্ষীৰ সৈতে হোৱা সংঘাতত এই পৰ্যন্ত নিহত হৈছে অতি কমেও কুৰিজনকৈ লোক। আহত হৈছে দুই শতাধিক। মঙলবাৰে নিশাই ঘটনাস্থলীলৈ গৈ পৰিস্থিতিৰ বুজ লৈছে অজিত ডোভালৰ লগতে কেবাগৰাকী শীৰ্ষ বিষয়াই। আৰক্ষী আৰু গৃহ বিভাগৰ ক্ষমতা নিজৰ হাতত নাথাকিলেও মুখ্যমন্ত্ৰী কেজৰিৱাল আৰু উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়ায়ো আক্ৰান্ত অঞ্চলসমূহলৈ গৈ পৰিস্থিতি সম্পৰ্কে জানিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

আনহাতে, আজি পুৱা ১০.৩০ বজাত পৰিস্থিতিক লৈ বৈঠকত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীসভা। এই বৈঠকতে মন্ত্ৰীসভাৰ ওচৰত পৰিস্থিতিৰ বুজ লৈ যুগুত কৰা প্ৰতিবেদন দাখিল কৰে ডোভালে। মন্ত্ৰীসভাৰ এই বৈঠকৰ পূৰ্বে নিৰাপত্তা বিষয়ক কেবিনেট কমিটিয়েও আলোচনাত মিলিত হোৱাৰ বাতৰি পোৱা গৈছে।

ইয়াৰ পূৰ্বে মঙলবাৰেও আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দিল্লীৰ পৰিস্থিতি স্বাভাৱিক কৰিবলৈ যোৱা ২৪ ঘণ্টাত ৩খনকৈ বৈঠকত মিলিত হৈছে গৃহমন্ত্ৰীগৰাকী। এখন বৈঠকত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ সৈতেও বৈঠকত মিলিত হৈছে গৃহমন্ত্ৰীগৰাকী। আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে হোৱা বৈঠকতে আই পি এছ বিষয়া এছএন শ্ৰীবাস্তৱক বিশেষ আৰক্ষী অধীক্ষক হিচাপে নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

এনেদৰেই এতিয়া দেশৰ ৰাজধানী দিল্লীত ক্ৰমাৎ অৱনমিত হৈ পৰিছে আইন-শৃংখলাজনিত পৰিস্থিতি। উক্ত পৰিস্থিতিক লৈ ইতিমধ্যে আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি। বিৰোধী কংগ্ৰেছে সমগ্ৰ ঘটনাৰ বাবে বিজেপিৰ কপিল মিশ্ৰকে আদি কৰি কেবাজনো নেতাক জগৰীয়া কৰাৰ বিপৰীতে শাসকীয় বিজেপিয়ে আকৌ এনে ঘটনাৰ আঁৰত কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতি জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে।