ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিলে কবিন্দৰ গুপ্তাই৷ বিজেপি নেতা নিৰ্মল সিঙৰ ঠাইত নতুন উপ-মুখ্যমন্ত্ৰী নিয়োগ কৰাৰ পিছতে বিশ্ব কঁপোৱা নাৰকীয় ঘটনাক সাধাৰণ ঘটনা আখ্যা দিয়ে গুপ্তাই৷ এইটো এটা সাধাৰণ ঘটনা ইয়াক বেছি বহলাব নালাগে বুলি কোৱাৰ পিছতে বিতৰ্কৰ সৃষ্টি হয়৷

মঙলবাৰে পুৱাই কবিন্দ্ৰ গুপ্তা সহ ৮ নতুন মন্ত্ৰীয়ে শপত লয়৷ কাঠুৱা কাণ্ডৰ পিছতে জম্মু কাশ্মীৰৰ পিডিপি আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দুগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে শিশু ধৰ্ষণ কাণ্ডৰ অভিযুক্তৰ মুকলি কৰি দিয়াৰ আহ্বান কৰা ৰেলীত অংশ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ তাৰ পিছতে চৰকাৰৰ মন্ত্ৰীসকলে পদত্যাগ কৰিছিল৷ তাৰ পিছতে বিজেপিৰ বিধায় নিৰ্মল সিঙৰ ঠাইকত মঙৰবাৰে পুৱাই উপ-মুখ্যমন্ত্ৰী হিচাপে কবিন্দ্ৰ গুপ্তাই শপত লয়৷