হয়তো তীব্ৰ উৎকণ্ঠাৰে নিশাটো পাৰ হৈছিল! হয়তো ৰাতিয়েই ঘৰৰ কোনোবা এজনক কৈ থৈছিল- পুৱা সোনকালে জগাই দিবি, পিকনিক যাম।

এন্ধাৰ-পোহৰতে কিজানি উথপথপ বাঢ়িছিল। বাহিৰত চাগে তেতিয়া ঘন কুঁৱলীৰ আচ্ছাদন। কোনোবাই হয়তো ফোনতে কৈছিল- গাড়ী আহিল, ওলাইছনে? তাৰ পিছতে হয়তো লৰাঢপৰা আৰম্ভ হৈছিল। গা ধোৱা, কাপোৰ পিন্ধা, ল’ৰা-ছোৱালীকেইটাক উলিয়াই দিয়া আৰু তাৰ পিছত ঠেঁটুৱৈ ধৰা জাৰ নেওচি আহি বাছত উঠা...।

এইখিনি সময়তে হয়তো ডেকা কেইটাৰ ব্যস্ততা আৰু অধিক বাঢ়িছিল। বনভোজটোৰ নেতৃত্ব যিসকলে লৈছিল, তেওঁলোকে সকলোবোৰ চোৱা-চিতা কৰিবলগীয়া হৈছিল। দুদিন আগতেই কৰি থোৱা হিচাববোৰ আকৌ এবাৰ আওৰাবলগীয়া হৈছিল... ভাত বনোৱা বাচন বৰ্তনবোৰ লোৱা হ’ল নে নাই, খৰি আৰু বনভোজস্থলীত আঁৰিবলৈ আঁৰ কাপোৰখিনি ঠিকমতে বাছত তোলা হৈছে নে নাই, কোন কোন আহিল আৰু কোন কোন কোন আহিবলৈ বাকী আছে... সকলোবোৰ!

পুৱা সোনকালে ওলাই গ’লেহে সাজ ভঙাৰ পিছতে আহি ঘৰ সোমাব পাৰিব। চুটি দিনটোত তেওঁলোকৰ পৰিকল্পনা দীঘলীয়াই আছিল। প্ৰথমে টিলিঙা মন্দিৰলৈ গৈ তাৰ পিছত তেওঁলোকে বগীবিলত সকলোৱে মিলি এসাজ খোৱাৰ কথা!

আপুনিও কল্পনা কৰিব পাৰে, দেৰগাঁৱৰ দুৰ্ঘটনাত নিহত আৰু আহতসকলৰ আজিৰ পুৱাটো চাগে এনেদৰেই আৰম্ভ হৈছিল। কিন্তু অতি আনন্দৰ মাজেৰে আৰম্ভণি ঘটা দিনটো যে কান্দোন আৰু চিত্কাৰৰ মাজেৰে অন্ত পৰিব, সেয়া বাৰু কোনোবাই ভাবিব পাৰেনে?

এটা অভিশপ্ত দিন হৈ আহিল ৩ জানুৱাৰী!

আজি বছৰটোৰ তৃতীয়টো দিন আছিল! নৱবৰ্ষৰ উছাহ এতিয়াও মাৰ যোৱা নাই।  কিন্তু নতুন বছৰৰ তৃতীয় দিনটোৱে প্ৰতিগৰাকী অসমীয়াৰ বুকুত সিঁচি থৈ গ’ল ভাষাৰে বুজাব নোৱাৰা বিষাদ। অসমীয়াৰ বাবে এটা অভিশপ্ত দিন হৈ নামি আহিল ৩ জানুৱাৰী। এই অভিশপ্ত দিনটোতে ৰাজপথত মৃত্যুৰ কোলাত শুই পৰিল বনভোজৰ আনন্দ লভিবলৈ যোৱা ১২ গৰাকীকৈ অসমীয়াই৷ 

অপ্ৰত্যাশিত এক ভয়াৱহ পথ দুৰ্ঘটনাই সমগ্ৰ অসমখনকে স্তদ্ধ কৰি পেলালে আজি৷ বছৰৰ পহিলা দিনটো আৰু দ্বিতীয় দিনটো ভাল-কুশলে পাৰ হৈছিল৷ ৰাজ্যবাসীয়ে ধৰ্মীয় স্থান, পিকনিকস্থলীত এসাজ খাই ৰং-ধেমালিত বিভোৰ হৈছিল৷ কিন্তু ৩ জানুৱাৰীৰ পুৱা অসমৰ ৰাজপথত মৃত্যুৰ কিৰিলি শুনা গ’ল৷ শিশুসহ ১২গৰাকী লোকৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰি তুলিছে সকলোকে। কয়লা কঢ়িয়াই অনা ট্ৰাকৰ সৈতে পিকনিকলৈ বুলি ৰাওনা হোৱা এখন আল্ট্ৰা বাছৰ সংঘৰ্ষত নিমিষতে প্ৰাণ হেৰুৱায় এইসকল লোকে। এই ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ দেৰগাৱৰ বালিজানত৷ 

৩ জানুৱাৰীৰ পুৱা প্ৰায় ৪ বাজি ২০ মিনিটত বালিজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।  প্ৰত্যক্ষ দৰ্শীৰ মতে, ভুল পথেৰে আহি আছিল কয়লাভৰ্তি ১২ চকীয়া ট্ৰাকখন। সেই সময়তে বাছ আৰু ট্ৰাকখনৰ মাজত সংঘৰ্ষ ঘটাত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ পৰে বাছখন।  ইফালে বাছৰ সৈতে সংঘৰ্ষৰ পিছত ট্ৰাকখনে নিয়ন্ত্ৰণহীন ঘাইপথৰ দাঁতিৰ এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে।

ভয়াৱহ দুৰ্ঘটনাটোত দুয়োখন বাহনৰে চালক দুজনৰো মৃত্যু ঘটে। লগতে মৃত্যুক সাৱটি লয় পুৱাই বনভোজলৈ ওলাই অহা বাছখনৰ ১২ জন আন যাত্ৰীৰ। নিহত সকলৰ পৰিচয় প্ৰিঞ্চিপ্ৰিয়া বৰা (৭), নীহাৰিকা শইকীয়া (১০), শুভংকৰ শইকীয়া (১৩), ৰিংকী বৰা (১৮), অনিমা শইকীয়া (৬০), দীপালী শইকীয়া (৩৭), নৱজিৎ শইকীয়া (৪০), পিংকী শইকীয়া (৪৮), বাছ চালক মৃদুল বৰা (৩০), নিত্যানন্দ বৰা (৪৮), সোমেশ্বৰ বৰা (৪৩), ট্ৰকা চালক নুৰ আলম বুলি জানিব পৰা গৈছে। ইফালে দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকসকলে ধুমুহাৰ গতিত উদ্ধাৰ অভিযান চলাই আহত সকলক যোৰহাট চিকিত্সা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। 

পুৱাৰ এই দুৰ্ঘটনাই কাল অমানিশা নমাই আনিলে গোলাঘাটৰ বছা ভৰলুৱা গাঁৱলৈ। সেই গাঁওখনৰ পৰাই পুৱা যাত্ৰা আৰম্ভ কৰিছিল ৪৫ জন লোকে। লক্ষ্য আছিল প্ৰথম তিনিচুকীয়াৰ টিলিঙা মন্দিৰ, তাৰ পিছতে ডিব্ৰুগড়ৰ বগীবিল দলঙৰ তলত বনভোজৰ এসাজ। বনভোজলৈ বুলি ওলোৱা দলটোক লৈ পুৱতি নিশা প্ৰায় ৩ বজাতেই বছা ভৰলুৱা গাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল  এএছ-০২-এচি-৫৩৮৩ নম্বৰৰ আল্ট্ৰা বাছখনে। আৰু তাৰ মাত্ৰ এঘণ্টাৰ পিছতে সংঘটিত হ’ল দুৰ্ঘটনা।

দেৰগাঁৱৰ বালিজানত এএছ-০১-পিচি-০৬৪৮ নম্বৰৰ ১২ চকীয়া ট্ৰাকখনৰ সৈতে যেতিয়া মুখামুখি সংঘৰ্ষ হৈছিল আল্ট্ৰা বাছখনৰ, সেই সময়ত দুয়োখন বাহনৰে গতিবেগ আছিল ৬০-৭০ কিলোমিটাৰ প্ৰতি ঘণ্টাত। সংঘৰ্ষৰ পিছতে চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছিল বাছখনৰ সন্মুখভাগ। বাছৰ ভিতৰত বাঢ়িবলৈ আৰম্ভ কৰিছিল মৃত্যুৰ আৰ্তনাদ। সংঘৰ্ষৰ প্ৰচণ্ড শব্দ শুনি কাষ চাপি অহা স্থানীয় নিৱাসীসকলে ততাতৈয়াকৈ আৰম্ভ কৰিছিল উদ্ধাৰ অভিযান। এঘণ্টাৰ ভিতৰত আহি উপস্থিত হৈছিল আৰক্ষী আৰু এম্বুলেন্সো। কিন্তু তেতিয়ালৈকে মৃত্যুৰ কোলাত শুই পৰিছিল ১০ জন লোকে। আহত সকলক হাস্পতাললৈ নিয়া হয় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই পুনৰ মৃত্যুক সাবতে আন ২ জনে।

নিউজ১৮ অসমৰ বাতৰি অনুসৰি এই দুৰ্ঘটনাতে নিঃশেষ হৈ যায় দুটা পৰিয়াল। বছা ভৰলুৱা গাঁৱৰ এটি পৰিয়ালৰ ৫ সদস্য আৰু আন এটা পৰিয়ালৰ ৪ সদস্যই একেলগে প্ৰাণ হেৰুৱায় এই ভয়ংকৰ দুৰ্ঘটনাত। এতিয়া গাঁওখনত কেৱল দুখৰ ছায়া। জানিব পৰা মতে, সন্ধিয়া মতৃদেহ আহি পোৱাৰ পিছতে বছা ভৰলুৱা গাঁৱত সৃষ্টি হয় এক শোকাকূল পৰিস্থিতিৰ। স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ সহযোগত নিশা গাঁওখনত দাউদাউকৈ একেলগে জ্বলি উঠে ১১ জন লোকৰ চিতা।


ফটোঃ দুৰ্ঘটনাত পতিত বাছখন

ইফালে এই পৰ্যন্ত ২৮গৰাকী লোক যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসাধীন হৈ আছে৷ আহতসকলৰ একাংশৰ নাম হৈছে- প্ৰীতি শইকীয়া (৭) অভিজিৎ বৰা (৬), প্ৰাচুৰ্য শইকীয়া (৭), চিন্ময় বৰা (১২), নৱনীতা শইকীয়া (৩৪), চিত্ৰলেখা বৰা (২৬), বিজিত শইকীয়া (২৮), অৰূপ শইকীয়া (৩৭), বিতোপন বৰা (২৪), ধ্ৰুৱজ্যোতি বৰা (১৮), জোনালী বৰা শইকীয়া (৪৩), কৌশিক শইকীয়া (১৭), চিন্ময় বৰা (১২), বুলু শইকীয়া (৪৭), ৰুলী শইকীয়া বৰা (৩৫), দীপ্তি শইকীয়া (১৭), মৃদুল শইকীয়া (৪০), মাধুৰ্য শইকীয়া (২৫), ধ্ৰুৱজ্যোতি বৰা (২৭), কুলুমণি শইকীয়া (৩৪), অৰ্চনা শইকীয়া (৪১) ৷ 

নতুন বছৰৰ তৃতীয় দিনৰ পুৱা জোকাৰি যোৱা এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এক্স হেণ্ডেলৰ জৰিয়তে গভীৰ শোক প্ৰকাশ কৰি নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহত সকললৈ ৫০ হাজাৰ টকাকৈ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ কথা ঘোষণা কৰিছে। 

এই দুৰ্ঘটনাৰ কাৰণ কি?

ৰাজ্য জোকাৰি যোৱা এই দুৰ্ঘটনাৰ পিছত অনেকেই অনেক ধৰণে দুৰ্ঘটনাৰ কাৰণ ব্যাখ্যা কৰিছে। বহুতৰ মতে, পুৱতি নিশাৰ ঘন কুঁৱলীৰ বাবেই সংঘটিত হ’ল এই দুৰ্ঘটনা। আন একাংশই তীব্ৰ বেগকেই দুৰ্ঘটনাৰ কাৰণ বুলি জগৰীয়া কৰিছে। একাংশ সংবাদ মাধ্যম আৰু ব্যক্তিয়ে দুৰ্ঘটনাৰ পিছত মৃত্যুদুত আখ্যা দিছে ১২ চকীয়া কয়লাভৰ্তি ট্ৰাকখনক। 

দুৰ্ঘটনাস্থলীৰ স্থানীয় নিৱাসীৰ মতে, ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ বাবে বিগত কিছুদিন ধৰি নিশাৰ ভাগত বন্ধ কৰি ৰখা হৈছিল এটা লেন। সেই সময়ত ঘাইপথৰ এটা লেনেৰেই অহা-যোৱা কৰিবলগীয়া হৈছিল দুয়োটা ফালৰ বাহনসমূহে। কিন্তু মঙলবাৰে নিশা ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়োটা লেনেই খোলা আছিল, যাৰ বাবে স্বাভাৱিকভাৱে দুয়োটা লেনতে চলি আছিল বাহন। 

কিন্তু ভুল পথেৰে আহি আছিল ট্ৰাকখনে। স্থানীয় বাসিন্দাৰ মতে, সেই সময়ত ট্ৰাকখনৰ গতিবেগ আছিল ঘণ্টাত ৬০-৭০ কিলোমিটাৰ। একে সময়তে বাছখনেও সিমান গতিবেগেৰেই আগবাঢ়িছিল নিজৰ লক্ষ্যত। পৰিণতিত ভুল পথেৰে আহি থকা ট্ৰাকখনৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ ঘটে বাছখনৰ। স্থানীয় লোকৰ মতে, বুধবাৰৰ পুৱা দুৰ্ঘটনাৰ এলেকাটোত ঘন কুঁৱলীৰ আচ্ছাদন নাছিল। ২০০ মিটাৰ দূৰত্ব পৰ্যন্ত স্পষ্টভাৱে দেখা পোৱা গৈছিল পুৱাৰ ভাগত। এনে পৰিপ্ৰেক্ষিতত ঘন কুঁৱলীৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি একাংশই কৰা দাবীকো খণ্ডন কৰিব খোজে অনেকে।

দুৰ্ঘটনাৰ পিছতে কয়লাৰ অবৈধ সৰবৰাহক লৈয়ো চৰ্চা

গোলাঘাট জিলাৰ দেৰগাৱৰ বালিজানত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাৰ পাছতে অবৈধ কয়লাৰ চিণ্ডিকেটক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷ পিকনিকৰ বাছক ১২ চকীয়া কয়লা ভৰ্তি ট্ৰাকে খুন্দা মৰাৰ ফলত বাছখনৰ দুৰ্ভগীয়া ১২গৰাকী লোকে অকালতে প্ৰাণ হেৰুওৱা ঘটনাৰ পাছতে বিৰোধী ৰাজনৈতিক দল আৰু সংগঠনে মাৰ্ঘেৰিটাৰ অবৈধ কয়লাৰ ব্যৱসায়ক লৈ প্ৰশ্ন উত্থাপন কৰিছে৷ যিখন ট্ৰাকে কয়লা কঢ়িয়াই আনিছিল সেই ট্ৰাকখনে মাৰ্ঘেৰিটাৰ পৰা অবৈধভাবে কয়লা কঢ়িয়াই আনিছিল নেকি বুলিও চৰ্চা চলা দেখা গৈছে। আনহাতে, অসম আৰক্ষীয়ে ৰাজপথত দেখুৱাই অহা তথাকথিত তৎপৰতাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷ 

উল্লেখ্য যে, ৩১ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈকে ৰাজ্যৰ ভিন্ন স্থানত অসম আৰক্ষীয়ে মদ্যপান কৰি গাড়ী চলোৱা লোকক চিনাক্ত কৰি জৰিমনা বিহিবলৈ ব্যাপক অভিযান চলাইছিল৷ তেনে সময়তে এখন ১২ চকীয়া ট্ৰাকে অসম আৰক্ষীৰ চকুত ধুলি দি কেনেদৰে কয়লা কঢ়িয়াই আনি আছিল তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে৷ অসম আৰক্ষীয়ে কয়লা দেখিলে মূৰ পোলোকা মাৰি কয়লা ব্যৱসায়ৰ সৈতে জড়িত প্ৰভাৱশালী লোকক চালাম কৰা নীতিতে চলি আছে বুলি অভিযোগ উত্থাপন হৈছে৷ 

আনহাতে বিৰোধী দল অসম জাতীয় পৰিষদো এই ক্ষেত্ৰত সৰৱ হৈছে৷ এই দুৰ্ঘটনাৰ পাছতে অবৈধ কয়লাৰ ব্যৱসায়ক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি  গগৈয়ে৷ লুৰীণজ্যোতি গগৈয়ে মাৰ্ঘেৰিটাৰ পৰা দেৰগাঁৱলৈ প্ৰায় ২৫০ কিলোমিটাৰ জোৰা দৈৰ্ঘ্যৰ পথ কয়লা কঢ়িয়াই অনা কাণ্ডক লৈ প্ৰশ্ন উত্থাপন কৰিছে৷ 

গগৈয়ে ফেচবুকত দিয়া এটা পোষ্টত চৰকাৰক প্ৰশ্ন কৰি কয় যে দেৰগাঁৱৰ বনভোজ দলৰ বাছখনৰ সৈতে সংঘৰ্ষ হোৱা ১২ চকীয়া ট্ৰাকখনত কঢ়িয়াই অনা কয়লাখিনি মাৰ্ঘেৰিটাৰ চোৰাং কয়লা নেকি? পোষ্টটোত তেওঁ লিখিছে, “দেৰগাঁৱৰ বনভোজ দলৰ বাছখনৰ সৈতে সংঘৰ্ষ হোৱা ১২ চকীয়া ট্ৰাকখনত কঢ়িয়াই অনা কয়লাখিনি মাৰ্ঘেৰিটাৰ চোৰাং কয়লা নেকি? কয়লাখিনি যদি চোৰাং কয়লা, তেন্তে কাৰ আশীৰ্বাদপুষ্ট হৈ মাৰ্ঘেৰিটাৰ পৰা দেৰগাঁৱলৈ প্ৰায় ২৫০ কিলোমিটাৰজোৰা এই দীঘলীয়া পথছোৱা কয়লাবাহী ট্ৰাকখন পাৰ হৈ আহিল? অৰ্থাৎ, ইয়াৰ পৰাই ৰাজ্যত কয়লাৰ অবৈধ বেহা চলি থকাৰ কথাটো পুনৰবাৰ স্পষ্ট হৈ পৰিল৷ কয়লাৰ অবৈধ খননে অকল প্ৰাকৃতিক সম্পদৰ বিলুপ্তিকৰণ, জৈৱ-বৈচিত্ৰ্যকেই ধ্বংস কৰা নাই, এয়া এতিয়া মৃত্যুদূতলৈও পৰ্যবসিত হৈছে৷ অসমৰ জনগণৰ বৃহত্তৰ স্বাৰ্থত বিষয়টো মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক স্পষ্ট কৰিবলৈ আমি দাবী জনাইছো৷”

ফিটনেছ-ইঞ্চুৰেন্স নথকা বাছখনৰ গৰাকী কোন?

দুৰ্ঘটনাত পতিত এএছ-০২-এচি-৫৩৮৩ নম্বৰৰ 'ঈশান’ নামৰ আলট্ৰা বাছখনক লৈ পোহৰলৈ আহিছে ন ন তথ্য। ২০১৫ চনত নগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত পঞ্জীয়ন কৰা হোৱা বাছখনৰ নাছিল প্ৰয়োজনীয় নথি-পত্ৰ। ফিটনেছৰ লগতে আৰু ২০২৩ চনৰ এপ্ৰিল মাহৰে পৰা ইঞ্চুৰেন্স ফেইল হৈ আছিল বুলিও জানিব পৰা গৈছে। পৰিবহণ বিভাগ চৌদিশে অভিযান চলাই অহা বুলি দাবী কৰাৰ সময়তে ফিটনেছ আৰু ইঞ্চুৰেন্স নোহোৱাকৈ প্ৰায় ৯ বছৰ পুৰণি যাত্ৰীবাহী বাছখন কিদৰে ৰাজপথত চলাচল কৰি আছিল বুলিও এতিয়া প্ৰশ্ন উত্থাপিত হৈছে।

যাত্ৰীবাহী বাছখনে পৰিবহণ আইন ভংগ কৰি ৰাজপথত বিপদজনকভাৱে যাত্ৰী কঢ়িয়াই আছিল যদিও গাড়ীখনৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো ৰহস্যজনক হৈ পৰিছে। 'অসমীয়া প্ৰতিদিন’ত প্ৰকাশিত বাতৰি মতে বাছখনৰ চৰকাৰী নথিভুক্ত স্বত্বাধিকাৰী নৱ ভৰদ্বাজ যদিও চৰকাৰী নথিভুক্ত নোহোৱা প্ৰকৃত স্বত্বাধিকাৰী হৈছে দেৰগাঁৱৰ বিপিন দত্ত। নগাঁৱৰ নব ভৰদ্বাজে প্ৰথমে এই বাছখন ক্ৰয় কৰি দুবছৰৰ পিছত দেৰগাঁৱৰ বিপিন দত্তক গাড়ীখন বিক্ৰী কৰিছিল বুলি অসমীয়া প্ৰতিদিনৰ বাতৰিটোত কোৱা হৈছে।

প্ৰকাশিত বাতৰি মতে ২০১৮ চনত দলিলত চুক্তি কৰি নৱ ভৰদ্বাজে দেৰগাঁৱৰ বিপিন দত্তক গাড়ীখন বিক্ৰী কৰিছিল। ৫ বছৰ পূৰ্বে গাড়ীখন বিক্ৰী কৰি নৱ ভৰদ্বাজে আৰক্ষী বা পৰিবহন বিভাগক অৱগত কৰা নাছিল। আজি পুৱাতে শোকাবহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে নগাঁও জিলা পৰিবহণ বিভাগক বাছখন বিক্ৰী কৰা দলিলৰ এটা কপি জমা দিবলৈ বাছখনৰ প্ৰথম মালিক নৱ ভৰদ্বাজ অহাত এই ঘটনা পোহৰলৈ আহে।

ট্ৰাকখনৰ গৰাকী কোন? অভয়াপুৰীত শোকৰ ছাঁ

দুৰ্ঘটনাটোত নিহত কয়লাৰ ট্ৰাকখনৰ চালক নুৰ আলম আহমেদৰ ঘৰ হৈছে অভয়াপুৰীত৷ এএছ ০১ পিচি ০৬৪৮ নম্বৰৰ ট্ৰাকখনৰ গৰাকী নুৰ আলম নিজেই আছিল আৰু গাড়ীখনো নিজেই চলাইছিল৷ মাৰ্ঘেৰিটাৰ পৰা ট্ৰাকখন চলাই আহি থকাৰ সময়তে বনভোজকাৰীক কঢ়িয়াই অনা বাছৰ সৈতে খুন্দা লাগি নুৰ আলমৰ মৃত্যু হয়৷ অভয়াপুৰীৰ বেহুলাপাৰাৰ নুৰ আলমে ভাড়াৰ বাবে উজনি অসমলৈ গৈছিল।

প্ৰাথমিক অনুসন্ধানৰ অন্তত ট্ৰাকখনৰ ফিটনেছ, ইঞ্চুৰেন্সকে ধৰি যাৱতীয় নথি-পত্ৰ ঠিকেই আছে বুলি আৰক্ষীয়ে জনাইছে। ট্ৰাকখন ২০২২ চনৰ এপ্ৰিল মাহত গুৱাহাটীৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত পঞ্জীয়ন কৰা হৈছিল। নুৰ আলমে পিতৃ আব্দুল বাৰেকৰ নামত ট্ৰাকখন পঞ্জীয়ন কৰিছিল বুলি স্থানীয় লোকসকলে জানিবলৈ দিছে। অৱশ্যে ট্ৰাকখনত কোন ব্যৱসায়ী বা ঠিকাদাৰৰ হৈ কয়লা বোজাই দি অনা হৈছিল সেয়া এই বাতৰি যুগুত কৰা পৰলৈকে জানিব পৰা হোৱা নাই (সেই খবৰ লাভ কৰিবলৈ চেষ্টা অব্যাহত আছে, লাভ কৰিলেই বাতৰিটোত সেয়া আপডেট কৰা হ'ব)। আৰক্ষীয়েও এই সন্দৰ্ভত তথ্য দিয়াৰ পৰা বিৰত আছে। পত্নী আৰু দুই সন্তানক এৰি যোৱা নুৰ আলমৰ মৃত্যুৰ পাছতে অভয়াপুৰীৰ বেহুলাপাৰাত শোকৰ ছাঁ পৰিছে৷ 

কিয় ঘটে পথ দুৰ্ঘটনা?

এটা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বহু কাৰণ থাকিব পাৰে। পথৰ দুৰাৱস্থা, তীব্ৰ গতিবেগ, সুৰাসক্ত হৈ বাহন চলোৱা, অনাভিজ্ঞ বাহন চলোৱা আদি অনেক কাৰণত ভাৰতত প্ৰতিদিনেই সংঘটিত হয় সৰু-বৰ একাধিক দুৰ্ঘটনা।  পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত ২০২১ চনত মুঠ পথ দুৰ্ঘটনা সংঘটিত হৈছিল ১,২৮,৮২৫টা। এই দুৰ্ঘ্টনাত প্ৰাণ হেৰুৱাইছিল ৫৬,০০৭ জন লোকে। একেদৰে ২০২২ চনত আৰু ২০২৩ চনত সংঘটিত মুঠ পথ দুৰ্ঘটনাৰ সংখ্যা আছিল ৪,৬৩,৩১২ টা আৰু ৫ লাখ। দুয়োটা বছৰত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিছিল ক্ৰমে- ১,৬৮,৪৯১ আৰু ১,৮০,০০০ জন লোকে। এই চৰকাৰী তথ্যলৈ লক্ষ্য কৰিলে এই কথা স্পষ্ট হৈ পৰে যে পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে চৰকাৰে যিমানেই পদক্ষেপ গ্ৰহণ নকৰক কিয়, বাস্তৱক্ষেত্ৰত দুৰ্ঘটনা আৰু নিহতৰ সংখ্যা পূৰ্বৰ তুলনাত ক্ৰমাগতভাৱে বৃদ্ধিহে পাইছে।

একে পৰিস্থিতি অসমতো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত বৰ্ষত সদম্ভে ঘোষণা কৰিছিল যে অসমত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাইছে। কিন্তু প্ৰকৃত ক্ষেত্ৰত অসমৰো পথ দুৰ্ঘটনাৰ বাস্তৱ ছবিখন সম্পূৰ্ণ পৃথক। জি প্লাছ নিউজৰ তথ্য অনুসৰি, ২০২১ চনত অসমত সংঘটিত পথ দুৰ্ঘটনাৰ সংখ্যা আছিল ৭ হাজাৰ টা। এই দুৰ্ঘটনাত প্ৰাণহানি হৈছিল ৩০৪০ জন লোকৰ। একেদৰে ২০২২ চনত সংঘটিত ৬৯০০ টা পথ দুৰ্ঘটনাত মৃত্যু ঘটে ২,৬৩০ জনৰ। ২০২৩ চনত সংঘটিত হয় ৮১০০ টা দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিয়ে ৩২০০ জন লোকৰ। 

প্ৰতিটো ডাঙৰ দুৰ্ঘটনাৰ পিছতে দুৰ্ঘটনাৰ কাৰণ বিচাৰি জনতাক আশ্বস্ত কৰে চৰকাৰে। প্ৰতিশ্ৰুতি দিয়া হয় দুৰ্ঘটনা প্ৰতিৰোধৰ। ট্ৰেফিক আইন অধিক কঠোৰ কৰি আইন অমান্য কৰাসকলক জৰিমণাও বিহা হয়। কিন্তু পৰিণতি প্ৰতিবাৰেই একেই থাকে। দুৰ্ঘটনা প্ৰতিৰোধ নহয়, বৰং বাঢ়েহে।

সুদীৰ্ঘ ৩৩ বছৰ এগৰাকী বাছ চালক হিচাপে বাহন চালন সম্পৰ্কে যথেষ্ঠ অভিজ্ঞতা অৰ্জন কৰা তৰুণ শৰ্মাই দুৰ্ঘটনা সন্দৰ্ভত কয়, “চালক হোৱাটো সহজ নহয়। গাড়ী সকলোৱে চলাব জানিলেও প্ৰকৃত চালক সকলোৱে হ’ব নোৱাৰে। বিশেষকৈ এজন বাছ ড্ৰাইভাৰে তেওঁৰ গাড়ীত উঠা এক গাড়ী মানুহৰ জীৱন নিজৰ হাতৰ মুঠিত লৈ গাড়ী চলাবলগীয়া হয়। কিবা অঘটন ঘটিলে কেৱল তেওঁৰেই নহয়, তেওঁৰ ওপৰত ভৰষা কৰি যাত্ৰা কৰা সেইসকল লোকৰো জীৱনলৈ অমানিশা নামি আহিব পাৰে। গাড়ী চলোৱাটো এটা দায়বদ্ধতাৰ কাম। যিসকলে দায়বদ্ধতা নুবুজে, তেওঁলোকক গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰই দিব নালাগে।”

জীৱনৰ অৰ্ধেক সময় যাত্ৰীবাহী বাছৰ ষ্টিয়েৰিং সাৱটি পাৰ কৰা তৰুণ শৰ্মাই পুনৰ কয়, “মোৰ অভিজ্ঞতাৰ পৰা মই এই কথাই বুজিছো যে পুৱতি নিশা গাড়ী চলোৱাটো আটাইতকৈ মস্কিল কাম। সেইখিনি সময় চকুত টোপনি নমাৰ সময়। মই যি দেখিছো, এইখিনি সময়তে অধিকাংশ দুৰ্ঘটনা সংঘটিত হয়। এই সময়খিনিত টোপনি ভাঙিবলৈ আমি হেণ্ডিমেনৰ লগত কথা পাতো, বাৰে বাৰে ঠাণ্ডা পানীৰে মুখ-হাত ধুই টোপনিৰ জাল ভাঙো। পুৱতি নিশা ময়ো দুই- তিনিবাৰমান কোনোমতেহে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিলো।” 


ফটোঃ বছা ভৰলুৱা গাঁৱত দাউদাউকৈ জ্বলি উঠিছে ১১খনকৈ চিতা

ভাল পথ হ’ব পাৰে নেকি দুৰ্ঘটনাৰ বাবে কাল?

বাছ চালক তৰুণ শৰ্মাই কয়, “ভাল ৰাস্তাত গাড়ী চলোৱাটো সাধাৰণতকৈ বেছি বিপদজনক প্ৰমাণিত হ’ব পাৰে। সাধাৰণতে বেয়া ৰাস্তাত গাড়ী চলালে অলপ সতৰ্ক হৈ থকা যায়। টোপনি লাগি থাকিলেও ক্লাছ- এক্সেলেটৰ- ব্ৰেক- ষ্টেয়াৰিং চম্ভালোতে চম্ভালোতে টোপনিয়ে পলাই পত্ৰং দিয়ে। কিন্তু ৰাস্তা পকী হ’লে এটা নিৰ্দিষ্ট গতিত গৈ থকা হয়। তেতিয়া অন্যমনস্কতা বৃদ্ধি পায়, টোপনিৰ নিচাও লাগে। ফলত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা বেছি হৈ পৰে।” 

দৃষ্টিশক্তি কমি অহাৰ বাবে ২০১৬ চনত চালকৰ পেছা ত্যাগ কৰিছিল তৰুণ শৰ্মাই। ১৯৮৩ চনৰ পৰা সুদীৰ্ঘ কাল গাড়ীকেই জীৱিকা হিচাপে লোৱা শৰ্মাই কয়, “মোৰ চকুৰ নজৰৰ ওপৰত মোৰ গাড়ীত উঠা যাত্ৰীসকল কিমান সুৰক্ষিত সেয়া নিৰ্ভৰ কৰে। চকুৰ কিছু অসুবিধা হোৱাৰ পিছৰে পৰা মই গাড়ী চলোৱা নাই।”

পথ দুৰ্ঘটনাৰ কাৰণক লৈ চালক শৰ্মাৰ মন্তব্য যথাযথভাৱে প্ৰতিফলিত কৰে চৰকাৰী তথ্যইও। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২২ চনত ভাৰতত সংঘটিত হোৱা ৪,৬১,৩১২টা পথ দুৰ্ঘটনাৰ ভিতৰত ৫৯,৯২৫টা অৰ্থাৎ ১৩ শতাংশ পথ দুৰ্ঘটনাৰ কাৰণ আছিল পথৰ দুৰাৱস্থা। অন্যহাতে বাকী ৪,০১,৩৮৭টা অৰ্থাৎ ৮৭ শতাংশ দুৰ্ঘটনা সংঘটিত হৈছিল অন্য কাৰকৰ বাবে।

চৰকাৰী প্ৰতিবেদনত দুৰ্ঘটনাৰ ক্ষেত্ৰত পথৰ সুগম অৱস্থাৰ বাবে এটা সুকীয়া শ্ৰেণী দিয়া হোৱা নাই যদিও আন কাৰকৰ অধীনত হোৱা বেছিভাগ দুৰ্ঘটনা সুগম বা তুলনামূলকভাৱে ভাল পথত সংঘটিত হোৱা বুলি ধৰি ল’ব পাৰি। পথ যিমানেই মসৃণ হয়, চালকৰ আত্মবিশ্বাসো সিমানেই বৃদ্ধি পায়। সমান্তৰালভাৱে বৃদ্ধি পায় গাড়ীৰ গতিবেগ। পৰিণতিত সহজেই অনিয়ন্ত্ৰিত হৈ দুৰ্ঘটনাৰ কাৰণ হৈ পৰে। অৱশ্যে সুগম পথ দুৰ্ঘটনাৰ নিশ্চিতভাৱে একমাত্ৰ কাৰণ নহয়।

ভাৰতত দুৰ্ঘটনাত মৃত্যুৰ হাৰ কিয় অধিক?

জাপান, কানাডা, অষ্ট্ৰেলিয়া, চুইজাৰলেণ্ড আদি উন্নত ৰাষ্ট্ৰৰ তুলনাত প্ৰতি বছৰে পথ দুৰ্ঘটনাৰ নজিৰ গঢ়ি আহিছে ভাৰতে। ভাৰতত সৰু-বৰ প্ৰতিদিনেই সংঘটিত পথ দুৰ্ঘটনাত প্ৰতি বছৰে প্ৰাণ হেৰুৱায় লক্ষাধিক লোকে। দুৰ্ঘটনাত এজন লোকৰ মৃত্যু সেই ব্যক্তিজনৰ ওপৰত নিৰ্ভৰশীল তেওঁৰ পৰিয়ালৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হব পাৰে। 

তথ্য অনুসৰি ২০২২ চনত জাপানত সংঘটিত হৈছিল মুঠ ৩,৫৭,০০০টা পথ দুৰ্ঘটনা। যি দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ২,৬০০ জন লোকে। একেদৰে ৰাষ্ট্ৰখনত ২০২৩ চনত সংঘটিত ৩,৪৮,০০০টা পথ দুৰ্ঘটনাত মৃত্যু ঘটিছিল ২৫০০ জনৰ। অন্য এখন উন্নত ৰাষ্ট্ৰ কানাডাত ২০২২ত ১,২৪,০০০ টা পথ দুৰ্ঘটনাত মৃত্যু ঘটে ১,৮০০ জন লোকৰ আৰু ২০২৩ত ১,২০,০০০টা দুৰ্ঘটনাত  ১,৭০০জন লোকৰ মৃত্যু ঘটে। অষ্ট্ৰেলিয়াতো দুয়োটা বৰ্ষত সংঘটিত প্ৰায় ১ লাখ পথ দুৰ্ঘটনাত মৃত্যু ঘটে মাত্ৰ কিছু সংখ্যক লোকৰ। ইয়াৰ বিপৰীতে বছৰ দুটাত সংঘটিত পথ দুৰ্ঘটনাত ভাৰতত মৃত্যু ঘটা লোকৰ সংখ্যা আছিল প্ৰায় ১ লাখ ৬০ হাজাৰ আৰু ১ লাখ ৮০ হাজাৰ।

কিন্তু কিয় অন্য উন্নত ৰাষ্ট্ৰৰ তুলনাত ভাৰতত ইমান অধিক হয় দুৰ্ঘটনাত মৃত্যুৰ হাৰ? দ্য নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি উন্নত ৰাষ্ট্ৰত পথ দুৰ্ঘটনাত পতিতৰ সংখ্যা কম হোৱাৰ অন্যতম কাৰণ হৈছে তেওঁলোকৰ উন্নত প্ৰযুক্তি আৰু পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা পদক্ষেপ। প্ৰতিবেদন অনুসৰি কানাডা, জাপান আদিৰ দৰে ৰাষ্ট্ৰত আধুনিক পথ ব্যৱস্থাপনাৰ লগতে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে কঠোৰ যান-বাহন নিয়ম, দুৰ্ঘটনাত পতিত সকলৰ বাবে তাত্ক্ষণিক চিকিত্সা সঁহাৰি, বাহনত ব্যৱহৃত আধুনিক দুৰ্ঘটনা প্ৰতিৰোধী ব্যৱস্থা আদিয়ে দুৰ্ঘটনা হ্ৰাস কৰে কিম্বা দুৰ্ঘটনা হ’লেও মৃত্যুৰ সংখ্যা হাৰ কৰে।  


ফটোঃ দুৰ্ঘটনাত নিহতসকল

দুৰ্ঘটনাত পতিতৰ মৃত্যুৰ হাৰ প্ৰতিৰোধ কৰাটোও এক গুৰুত্বপূৰ্ণ বিষয়। দুৰ্ঘটনাৰ পিছত প্ৰদান কৰা চিকিত্সা সেৱাই নিৰ্ধাৰণ কৰে এজন ভুক্তভোগীৰ জীৱন- মৰণ।  কিন্তু ভাৰতত দুৰ্ঘটনাৰ পিছৰ চিকিৎসা সেৱাৰ বাবে প্ৰয়োজনীয় গড় সময় অনুমান কৰাটো সহজ নহয়, কিয়নো ই বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। দুৰ্ঘটনাৰ স্থান আৰু ভয়াৱহতা, জৰুৰীকালীন সেৱাৰ উপলব্ধতা আৰু সুলভতা, ওচৰৰ চিকিৎসালয়খনৰ মানদণ্ড আৰু ক্ষমতা, আৰু উদ্ধাৰ আৰু চিকিৎসা প্ৰক্ৰিয়াৰ সৈতে জড়িত বিভিন্ন সংস্থাসমূহৰ মাজত সমন্বয় আৰু যোগাযোগে নিৰ্ধাৰণ কৰে কিমান ক্ষীপ্ৰতাৰে প্ৰদান কৰা হয় চিকিৎসা সেৱা।

দিল্লীত কৰা এটা অধ্যয়নত দেখা গৈছে যে দুৰ্ঘটনাৰ পিছত এম্বুলেন্স সেৱাৰ গড় সঁহাৰি সময় হৈছে ১৯.৩ মিনিট, আৰু প্ৰাক-হাস্পতাল চিকিত্ সেৱাৰ বাবে দিল্লীত প্ৰয়োজন হয় গড় ৩৪.৫ মিনিট সময়ৰ। অন্যহাতে মুম্বাইত কৰা আন এটা অধ্যয়নত দেখা গৈছে যে এম্বুলেন্স সেৱাৰ গড় সঁহাৰি সময় হৈছে ২৪.৮ মিনিট, আৰু প্ৰাক-হাস্পতাল চিকিৎসা সেৱাৰ গড় সময় হৈছে ৫১.৮ মিনিট। 

লক্ষণীয়ভাৱে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি দুৰ্ঘটনাৰ পিছত এম্বুলেন্স সঁহাৰিৰ গড় সময় হৈছে ৮-১০ মিনিট আৰু প্ৰাক-হাস্পতাল চিকিৎসা সেৱাৰ গড় সময় হৈছে ২০ মিনিট। কিন্তু ভাৰতত প্ৰয়োজনীয় হোৱা গড় সময় আন্তঃৰাষ্ট্ৰীয় মানদণ্ডতকৈ বহু বেছি। অৰ্থাৎ ভাৰতত এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত এম্বুলেন্স হৈ আঘাতপ্ৰাপ্তক হাস্পতাললৈ লৈ যাবলৈ বা প্ৰাথমিক চিকিৎসা প্ৰদান কৰিবলৈ প্ৰয়োজন হয় যথেষ্ট সময়ৰ। ভাৰতত পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ অধিক হোৱাৰ এয়াও এক অন্যতম কাৰণ বুলি ক’লে নিশ্চয় ভুল কোৱা নহয়।

দুৰ্ঘটনাৰ পাছত নতুন এছঅ’পি

চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি৷ এই আপ্তবাক্যশাৰী অসম চৰকাৰৰ সৈতে যেন পোনে পোনে মিলি গৈছে৷ দেৰগাঁৱৰ ট্ৰেজেডিৰ পাছতে শুই থকাৰ পৰা জাগিছে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ৷ অভিশপ্ত পথ দুৰ্ঘটনাৰ পাছতে পথচাৰীক সুৰক্ষিত কৰিবলৈ চৰকাৰে উপায় বিচাৰি পিকনিকলৈ যোৱাৰ ক্ষেত্ৰত জাৰি কৰিছে এছঅ’পি৷ নিতৌ আৰক্ষীয়ে ৰাজপথত তাণ্ডৱ চলোৱা চালকক নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰি আহিছে যদিও সকলো যেন বিফল৷ তাৰ ফলতে অভিশপ্ত ৩ জানুৱাৰীত ১২ গৰাকীকৈ লোকে অকালতে প্ৰাণ হেৰুৱায়৷ তাৰ পাছতে ৰাজ্য চৰকাৰে বনভোজকাৰীক লৈ নতুন এছঅ’পি জাৰি কৰিছে৷ নতুন এছঅ’পি মতে, পিকনিক বাছসমূহ সূৰ্য্যোদয়ৰ পাছত যাত্ৰা কৰিব পাৰিব আৰু সূৰ্যাস্তৰ আগতে গন্তব্যস্থানলৈ ঘূৰি আহিব লাগিব৷