গুৱাহাটীঃ উৎসৱ-পাৰ্বণত পৰম্পৰাগত পোচাক পিন্ধি যোৱাৰ আমেজেই সুকীয়া। সততে পিন্ধা পোচাকজোৰ খুলি পুৰুষে ধূতী-কুৰ্তা আৰু মহিলাই মেখেলা-চাদৰ পিন্ধি সহকৰ্মীৰ সৈতে আনন্দ কৰাৰ অভিজ্ঞতা অনন্য। কিন্তু যদি এনে পৰম্পৰাগত পোচাক পিন্ধি কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীয়ে সদায় যাবলগীয়া হ’লে কেনে লাগিব? 

হয়, এনেকুৱাই এক সিদ্ধান্ত গ্ৰহণৰ দিশে আগবাঢ়িছে অসম চৰকাৰ। অসম চৰকাৰৰ মুখ্য সচিব পি কে বৰঠাকুৰে এনেকুৱা বিষয় এটাতেই পৰামৰ্শ বিচাৰি প্ৰশাসন বিভাগৰ সচিব পি কে তিৱাৰীলৈ প্ৰেৰণ কৰিছে এক বিশেষ পত্ৰ। 

পত্ৰখনৰ বিষয়বস্তুয়েই হৈছে বিষয়া আৰু কৰ্মচাৰীৰ বাবে ড্ৰেছক’ড। চৰকাৰী কাৰ্যালয়ত পোচাকৰ ক্ষেত্ৰত অনুশাসন থাকিলে কাৰ্যালয়বোৰৰ শোভাবৰ্ধন হ’ব বুলি পত্ৰখনত উল্লেখ কৰিছে প্ৰশাসনিক বিষয়া বৰঠাকুৰে। 

উল্লেখ্য যে চলিত বৰ্ষৰ অসামৰিক সেৱা দিৱসৰ দিনটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অনুৰোধ মৰ্মে প্ৰায়ভাগ বিষয়া-কৰ্মচাৰীয়ে পৰম্পৰাগত পোচাক পৰিধান কৰি আহিছিল। মহিলা বিষয়া-কৰ্মচাৰীসকলে মেখেলা-চাদৰ পিন্ধি অহাৰ লগতে পুৰুষ বিষয়া-কৰ্মচাৰীয়েও অনুষ্ঠানটোলৈ ধুতী-কুৰ্তা পিন্ধি আহে।

ইয়াৰ পিছতে, এনে পোচাক অন্ততঃ সপ্তাহৰ প্ৰথম আৰু তৃতীয় শনিবাৰটোত বিষয়া-কৰ্মচাৰীয়ে পিন্ধি অহাটো কেনে হ’ব সেই বিষয়েই এক যথোচিত প্ৰস্তাৱ গ্ৰহণৰ বাবে বৰঠাকুৰে পিকে তিৱাৰীক নিৰ্দেশ প্ৰদান কৰিছে। পৰম্পৰাগত পোচাকে বিষয়া-কৰ্মচাৰীৰ মন উৎফুল্লিত কৰি ৰখাৰ লগতে কৰ্মস্পৃহা বৃদ্ধি কৰিব বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে।  

এই প্ৰস্তাৱক একাংশ ৰাজ্যিক কৰ্মচাৰীয়ে আদৰি ল’লেও বহুতে আপত্তি দৰ্শোৱাৰ কথা জানিব পৰা গৈছে। মানৱধিকাৰ সংগ্ৰাম সমিতিয়ে এই  প্ৰস্তাৱৰ বিৰোধিতা কৰি এনে প্ৰস্তাৱ বাস্তৱিক দৃষ্টিভংগীৰপৰা সমৰ্থনযোগ্য নহয় বুলি মন্তব্য কৰে। আনহাতে, কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ড্ৰেছক’ডে বিষয়া-কৰ্মচাৰীৰ মাজত বিভেদৰ সৃষ্টি কৰিব। 

'আমাৰ ৰাজ্যত প্ৰতিটো জাতি-জনগোষ্ঠীৰে সুকীয়া পৰম্পৰাগত পোচাক আছে। গতিকে সকলোৱে নিজা নিজা পৰম্পৰাগত পোচাক পিন্ধি আহিলে বিভেদ সৃ্ষ্টি হোৱাটো নিশ্চিত। সেয়ে আমি এই সিদ্ধান্তক একেষাৰে ভাল বুলি ক’ব নোৱাৰো।’ এইদৰে কয় কৰ্মচাৰী পৰিষদৰ সভাপতি কলিতাই।