গুৱাহাটীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিতৌ সংঘটিত হ’ব ধৰিছে ধৰ্ষণ, যৌন নিৰ্যাতনৰ দৰে ঘটনা৷ সমাজখনত মাতৃ, ভগ্নীসকলে সুৰক্ষিত হোৱাটো দুৰৰ কথা নিজ ঘৰখনতে মহিলা-যুৱতী কন্যা শিশু  এতিয়া সুৰক্ষিত নহয়৷ মহিলা-যুৱতী কন্যা শিশু এতিয়া ক’তো সুৰক্ষিত নহয়৷

নিজ ঘৰ খনৰ লগতে ঘৰৰ পৰা ওলালেই নাৰী পদে পদে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আশংকাত পৰে৷ সেয়া বাছ, ৰেল, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় য’তেই নহওক কিয়৷ নাৰী এতিয়া পদে পদে লাঞ্চিত হ’ব লগা হৈছে৷

যোৱা কেইবাটাও দিনত বৰ্বৰ, পাশৱিক ধৰ্ষণ কাণ্ড সংঘটিত হৈছে অসমত৷ অসমত কেইবাটাও লজ্জাজনক ঘটনা সংঘটিত হৈছে৷ উজনি-নামনি-বৰাক উপত্যকাত কেইবাটাও ঘটনা সংঘটিত হোৱাৰ সময়তে এইবাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ত সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণ কাণ্ড৷ এটি প্ৰায় ৫ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে৷ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে অভিযুক্তক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ 

জানিব পৰা মতে, জিলা খনৰ সদৰ চহৰৰ সমীপৰ লক্ষ্মীনগৰ এলেকাত এই ঘটনা সংঘটিত হৈছে৷ লক্ষ্মীনগৰৰ এটি পৰিয়ালত যোৱা কিছুদিন ধৰি গোৱালপাৰা জিলাৰ পকা মিস্ত্ৰীৰ দল এটা বাহৰ পাতি আছিল৷ পকা মিস্ত্ৰীৰ দলৰ এগৰাকী ২২ বছৰীয়া সহযোগীয়ে এই কাণ্ড সংঘটিত কৰে৷

৫ বছৰীয়া শিশুটোক বাৰীত ফুচুলাই নি অমানবীয় কাণ্ড সংঘটিত কৰে৷ শিশুটোৱে পৰিয়ালৰ লোকক এই ঘটনা অৱগত কৰাত ২২ বছৰীয়া ৰবিউল ইছলাম নামৰ যুৱকজনে পলাই পত্ৰং দিব খোজে যদিও একাংশ লোকে বেয়াকৈ মাৰধৰ কৰে৷ মুমুৰ্ষ অৱস্থাত ধৰ্ষণৰ অভিযুক্ত ৰবিউলক আৰক্ষীয়ে উদ্ধাৰ কৰে৷ পাছত পৰিয়ালে ডিব্ৰুগড় সদৰ থানাত এজাহাৰ দাখিল কৰে৷

যোৱা ০১ এপ্ৰিলৰ দিনৰ প্ৰায় ১১ বজাত সংঘটিত হয় এই কাণ্ড৷ গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানা এলেকাৰ তৰঙগপুৰৰ ২২ বছৰীয়া ৰবিউল ইছলামৰ বিৰুদ্ধে ৪৩১/১৮ নম্বৰত ভাৰতীয় দণ্ড বিধিৰ ৩৭৬/১১০ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ 

উল্লেখ্য যে, এই কাণ্ড মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজ গৃহৰ পৰা মাথো ৭০০ মিটাৰ নিলগত সংঘটিত হৈছে৷ উক্ত ঠাই ডোখৰত মুখ্যমন্ত্ৰীৰ পৰিয়াল থকা হেতুকে নিৰাপত্তা ব্যৱস্থা কটকটীয়া হোৱাৰ লগতে আৰক্ষী গিজগিজাই থাকে৷ তাৰ মাজতে এই কাণ্ড সংঘটিত হোৱাত প্ৰশ্ন উঠিছে মুখ্যমন্ত্ৰীৰ ঘৰৰ সমীপতে যদি নাৰী-কন্যা শিশু সুৰক্ষিত নহয় আন ঠাইত সুৰক্ষা দিব কোনে৷