চাবুৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰা এটি পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি, অনিয়ম সংঘটিত হোৱাৰ লগতে শামূকীয়া গতিত পথ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ ডিব্ৰুগড়ৰ চাবুৱাত৷ খোদ মুখ্যমন্ত্ৰীৰ গৃহ জিলাত ৰাইজে বিভাগীয় নিয়ম মতে পথ নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপন কৰি চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাক স্মৰাক পত্ৰ প্ৰদান কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷

যোৱা ৩১ জানুৱাৰীত ৰাইজে পথ অৱৰোধ কৰি স্থানীয় বিধায়কক স্মাৰক প্ৰদান কৰিছিল৷ ক্ষোভিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি বিধায়কক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল যদিও ৰাইজৰ দাবীক তিলমানো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ ২০১৭ চনৰ ৫ জুনত সাংসদ প্ৰদান বৰুৱা আৰু স্থানীয় বিধায়ক বিনোদ হাজৰিকাৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজ জিলাৰ চাবুৱাৰ দিনজয় সত্ৰৰ পথটো নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল৷

অসম পথ মেৰামতি পূজি শিতানৰ ধনেৰে পথটো নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও স্থানীয় ৰাইজে ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন কৰে৷ ৩১০.০০ লাখ টকাৰে নিৰ্মাণ কৰা পথটোত চাইড বাম নিদিয়াৰ লগতে কেচা শিল ব্যৱহাৰ কৰা, নিম্নমানৰ ইটা ব্যৱহাৰ কৰা, শিলৰ পৰিবৰ্তে বালিৰ ওপৰত ইটা পাৰি দি পথ নিৰ্মাণ কৰাত স্থানীয়া ৰাইজ জাঙুৰ খাই উঠে৷

ডিব্ৰুগড় পথ সংমণ্ডলৰ বিষয়া কৰ্মচাৰীয়ে পথৰ কাম চোৱাচিতা নকৰাৰ ফলত ঠিকাদাৰে নিজ ইচ্ছামতে কাম কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ ব্যাপত দুৰ্নীতিৰ আশ্ৰয় লৈ কেৱল ধন ঘটাৰ বাবে পথটো নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজে চাবুৱাৰ দীনজয় গাঁৱত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে স্থনীয় বিধায়ক বিনোদ হাজৰিকাক স্মাৰক পত্ৰ প্ৰদান কৰি শীঘ্ৰে পথ নিৰ্মাণত গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনাইছিল যদিও বিধায়কে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷