কোকৰাঝাৰঃ কোকৰাঝাৰৰ এগৰাকী কন্যা জিলিকি উঠিব ৰাষ্ট্ৰীয় পৰ্যায়ত৷ DIDৰ লিটিল মাষ্টাৰ ছিজন-৪ৰ মেগা ৰাউণ্ডৰ বাবে নিৰ্বাচিত হৈছে কোকৰাঝাৰ চহৰৰ হাদানপাৰাৰ নিবাসী বাবুল ব্ৰহ্ম আৰু নিশা ব্ৰহ্মৰ ১১ বছৰীয়া জীয়ৰী গৌৰী ব্ৰহ্মই৷

ডিআইডি লিটিল মাষ্টাৰ নৃত্য প্ৰতিযোগিতাত নিৰ্বাচিত হৈ মুম্বাইত অনুষ্ঠিত হব’লগীয়া ডিআইডি লিটিল মাষ্টাৰ ছিজন ৪ৰ মেগা প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱাৰ খবৰে বিটিএডিবাসীক আনন্দিত কৰে৷

গৌৰী ব্ৰহ্মৰ নিজৰ প্ৰচেষ্টাৰ বলত হেমপ্ৰভা ইলাৰী আৰু মনো বসুমতাৰীৰ তত্বাৱধানত নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি ছিজৰ ৪ৰ মেগা প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে নিৰ্বাচিত হোৱাত বুধবাৰে বিটিএডিৰ শাসকীয় দল বিপিএফৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্ম আৰু দনেশ্বৰ গয়াৰীয়ে গৌৰী ব্ৰহ্মক নগদ এক লাখ টকা প্ৰদান কৰে৷