ৰঙিয়াঃ অসম শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক দিগন্ত কুমাৰ শৰ্মা (৪২)ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। সোমবাৰে সন্ধিয়া ৫.৩০ বজাত ৰঙিয়া ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ সম্পাদক গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লাগে-লগে সমগ্ৰ ৰঙিয়াতে গভীৰ শোকৰ ছাঁ পৰে।

২০০৯ চনত অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিয়ে প্ৰয়াত শৰ্মাই অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৃত কৰাৰ বাবে তীব্র আন্দোলন আৰম্ভ কৰে।

ধাৰাবাহিক ভাবে তিনিবছৰ আন্দোলনৰ সফল নেতৃত্বত প্ৰদান কৰি ৰাজ্য চৰকাৰক হেঁচা প্ৰয়োগ কৰাত ২০১১ চনত অসম চৰকাৰে আঠ সহস্ৰাধিক অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৃত কৰিবলৈ বাধ্য হয়।

দীৰ্ঘদিনৰ পৰা দুৰাৰোগ্য ৰোগত ভূগি থকা সহযোগী অধ্যপকজনৰ মৃত্যুত অসম শিক্ষক কৰ্মচাৰী সন্থা, ৰঙিয়া প্ৰেছ ক্লাব, ৰঙিয়া ছোৱালী মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, হাইস্কুল শিক্ষক সন্থা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম যুৱ পৰিষদ, ছাত্ৰ মুক্তি, গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ লগতে বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।মৃত্যুৰ সময়ত শৰ্মই পিতৃ-মাতৃৰ লগতে পত্নীক ইহ:সংসাৰত এৰি থৈ যায়।