newsnextone.com| লিডুঃ ডিগবৈত আজি ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। ডিগবৈৰ তিনিআলিৰ শ্বহীদ বেদীৰ সমীপতে থকা গেলামালৰ দোকান আৰু গাতে লাগি থকা এটা ঘৰ জুইত সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। সুনীল দেৱনাথ নামৰ এজন ব্যক্তি ঘৰৰ পৰাই জুই সূত্ৰ পাত হৈ কাষতে লাগি থকা গৌতম পাল আৰু চন্দন পালৰ গেলামালৰ দোকানত জুই সম্প্ৰহাৰিত হৈ সকলো সামগ্ৰী জুইত জাহ যায়। বিজুলী সংযুতিৰ ফলতে জুই লগা সন্দেহ স্থানীয় লোকৰ। 

বৰ্তমান দুৰ্ঘটনাটোত কোনো লোকে আহত হোৱা নাই। চাৰিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নুমোৱাবলৈ সক্ষম হয়। উল্লেখ্য যে অগ্নিকাণ্ডৰ ফলত বহু লক্ষাধিক টকাৰ সা-সম্পতি ক্ষতি হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷