newsnextone.com | লিডুঃ বুধবাৰে উজনিৰ তিনিচুকীয়া জিলাত একাংশ নিবনুৱাই কৰ্ম সংস্থাপন বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ভাৰত চৰকাৰৰ অধিনৰ অইল ইণ্ডিয়া লিমিটেডে দীৰ্ঘ দিন ধৰি অসমৰ থলুৱাক বঞ্চিত কৰি বহুৰাজ্যৰ যুৱকক তৃতীয়-চতুৰ্থ-বৰ্গৰ পদত নিযুক্তি দি অহাত ক্ষোভিত যুৱকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।  

ডিগবৈত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য গেটত পুৱাৰে পৰা ডিগবৈৰ খেৰজান-ঢেকীয়াজন অঞ্চলৰ নিবনুৱাই অৰ্থনৈতিক অৱৰোধ ৰূপায়ন কৰি অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যালয় উত্তাল কৰি তোলে। 

সুদীৰ্ঘ সময় ধৰি অইল ইণ্ডিয়া লিমিটেডে স্থানীয় যুৱকক নিয়োগ নকৰাৰ লগতে ডিগবৈস্থিত অইল ফিল্ডত অইলৰ ঠিকাদাৰসকলে স্থানীয় নিবনুৱাক নিযুক্তি নিদি প্ৰতাৰণা কৰি অহাৰ লগতে অন্যান প্ৰান্তৰৰ পৰা অহা যুৱকক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰে।

ফলত অইলৰ সমীপৰ খেৰজান-ঢেকীয়াজন অঞ্চলৰ যুৱকসকলে ঘৰৰ পৰা ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সুদীৰ্ঘ সময় ধৰি খেৰজান-ঢেকীয়াজন অঞ্চলৰ যুৱকক কৰ্মৰ পৰা বঞ্চিত কৰাৰ যি কু-অভিপ্ৰায় বন্ধ কৰি অহা ২৪ ঘণ্টাৰ ভিতৰত স্থানীয় যুৱকসকলক ১০০ শতাংশ নিযুক্তি দিবলৈ দৈবী জনায়।

 অন্যথাই স্থানীয় যুৱকসকলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ পথ বাচি লবলৈ বাধ্য হব বুলি হুংকাৰ প্ৰদান কৰে৷ প্ৰায় ২ ঘণ্টীয়া প্ৰতিবাদৰ ফলত অইলৰ কাম কাজ স্থগিত হৈ পৰা পৰিলক্ষিত হয়l