নতুন দিল্লীঃ মধ্যপ্ৰদেশৰ উজ্জাইনৰ বাসিন্দা তথা বলাৎকাৰৰ বলি হোৱা ৩৪ বছৰ বয়সীয়া বৰ্ষা (নাম সলাই দিয়া হৈছে)ৰ বাবে 'সন্মান যাত্ৰা’ এটা সাধাৰণ প্ৰতিবাদ কাৰ্যসূচী নহয়, তেওঁ বিশ্বাস কৰে যে এয়া সন্মানজনকভাৱে জীয়াই থকাৰ সপক্ষে এক শক্তিশালী আহ্বান।

''মোক বলাৎকাৰ কৰাৰ পাছত যদি পুৰুষজনে লাজ নাপায়, মই মোৰ কাহিনীটো ৰাইজৰ আগত দাঙি ধৰাৰ পৰিৱৰ্তে ইয়াক কিয় লুকুৱাই ৰাখিম? মই কোনো ভুল কৰা নাই, অথচ মোক সমাজে এঘৰীয়া কৰিব, সেয়া কেনে কথা? সমাজৰ আনসকলৰ দৰে মোৰো সন্মানজনকভাৱে জীয়াই থকাৰ সম্পূৰ্ণ অধিকাৰ আছে।’’ সন্মান যাত্ৰাত অংশগ্ৰহণ কৰা বৰ্ষাই এনেদৰে সমাজ ব্যৱস্থাৰ বিৰুদ্ধে নিজৰ তীব্ৰ ক্ষোভ সাংবাদিকৰ আগত দাঙি ধৰে।     

সমগ্ৰ দেশৰ যৌন নিৰ্যাতনৰ বলি হোৱা পাঁচ সহস্ৰাধিক মহিলাই মুম্বাইৰপৰা যোৱা বছৰৰ ২০ ডিচেম্বতৰ আৰম্ভ কৰিছিল ১০,০০০ কিল’মিটাৰ পৰিক্ৰমাৰ এক দীঘলীয়া পদযাত্ৰা। এই পদযাত্ৰ আহি সন্মিলিত হৈছে দিল্লীৰ ৰামলীলা মৈদানত।

দ্যা নেচনেল নেটৱৰ্ক অব ছাৰ্ভাইভৰ্ছে দেশৰ ২৫ খন ৰাজ্যৰ ২৫০ খন জিলাৰ ২৫,০০০ যৌন নিৰ্যাতনৰ বলি মহিলাক একত্ৰিত কৰি এই ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হৈছে।