newsnextone.com| ডিমাকুছিঃ নিস্ক্ৰীয় হৈ থকা ডিমাকুছি শাখা সাহিত্য সভাৰ নতুন সমিতি যোৱা ২৪ ছেপ্তেম্বৰত গঠন কৰা হয়৷ বৰঙাজুলি শংকৰ সত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ইলিচন দৈমাৰীক সভাপতি আৰু ধৰ্মকান্ত দাসক সম্পাদক হিচাপে লৈ শক্তিশালী সমিতি গঠন কৰা হয়৷ আনহাতে সভাত ডিমাকুছি সাহিত্য সভাৰ কাৰ্য্যলয় নিৰ্মাণৰ বাবে প্ৰস্তাৱ গ্ৰহন কৰা হয়৷ সভাত শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহেশ শৰ্মাই চা-চিনাকি আগবঢ়ায়৷ ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি দেৱৰাজ সাপকোটা পৰ্য্যবেক্ষক হিচাপে সভাত উপস্থিত থাকে বুলি জানিবলৈ দিয়ে সমিতিয়ে৷