ডিমৌঃ অসমীয়া বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী৷ বিহুটোক উলহ-মালহেৰে পালন কৰিবৰ বাবে সকলোতে এতিয়া প্ৰস্তুতিত ব্যস্ত ৷ ঠিক সেই দৰে ব্যস্ততা বাঢ়িছে ঢোল নিৰ্মাণ কৰা শিল্পীসকলৰ৷

প্ৰতিখন শালতে এতিয়া ব্যস্ত তেওঁলোক৷ ডিমৌৰ শান্তিপুৰৰ ঢোল নিৰ্মাণ কৰা শিল্পীৰ পৰিয়ালৰ গাত আনন্দ উল্লাস৷ কোনোৱে যদি ঢোলৰ খোলা তালি লগোৱাত ব্যস্ত, কোনোৱে আকৌ গৰু ছালৰ পৰা বৰতি কাটিছে ৷ ইফালে কোনোজনে যদি বৰতিবোৰ তালিত মাত তৈয়াৰ কৰা খোলাবোৰ শাৰী শাৰীকৈ শুকোৱাইছে আৰু অন্তিম পৰশ দি সাজু কৰি তুলিছে ঢোল৷

এওঁলোকৰ ব্যস্ততা বঢ়াটো স্বাভাৱিক, কিয়নো ডিমৌৰ এইসকল শিল্পীয়ে তৈয়াৰ কৰা ঢোলৰ সমগ্ৰ অসমতে নাম আছে৷ ঢোল তৈয়াৰ কৰা শিল্পী চন্দ্ৰ দাসে প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ পৰিয়ালে আজোককাৰ দিনৰেপৰা এইদৰে প্ৰতিবছৰে ঢোল তৈয়াৰ কৰি আহিছে ৷

এইবাৰ তেওঁলোকে এশতকৈ অধিক ঢোল তৈয়াৰ কৰিছে৷ ঢোল তৈয়াৰ কৰ্মত নিয়োজিত হৈ তেওঁলোকে গৌৰৱবোধ কৰে আৰু ঢোল ক্ৰয় কৰিবলৈ অহা ঢুলীয়া সকলেও সন্তুুষ্টি প্ৰকাশ কৰিছে৷ এনেদৰে এইসকল শিল্পীয়ে ঢোল শিল্পৰ জড়িয়তে ৰঙালী বিহুটি জীয়াই ৰখাত অৰিহণা যোগাইছে৷