গুৱাহাটীঃ ৰবীন্দ্ৰ ভৱনত কাইলৈ উন্মোচিত হ'ব দীনদয়াল উপাধ্যায়ৰ ৰচনাৱলীৰ হিন্দী সংস্কৰণ৷ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম শতবাৰ্ষিকী উপলক্ষে পণ্ডিত দীনদয়াল উপাধ্যায় জন্ম শতবাৰ্ষিকী উদযাপন সমিতিয়ে ৩০ জুলাইত বিয়লি ৩-৩০ বজাত ৰবীন্দ্ৰ ভৱনত এখন সভাৰো অায়োজন কৰিছে।

উক্ত সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় তথ্য প্ৰযুক্তিবিদ্যা অাৰু অাইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। অাজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল যোগে অাহ্বায়ক সমিতিয়ে এই কথা প্ৰকাশ কৰে৷ 

উল্লেখ্য যে, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ একাত্ম মানৱতাবাদ সমগ্ৰ দেশতে প্ৰচাৰৰ উদ্দেশ্যে ইতিমধ্যে ড০ মহেশ চন্দ্ৰ শৰ্মাৰ অধ্যক্ষতাত ‘একাত্ম মানৱ দৰ্শন অনুসন্ধান অাৰু বিকাশ’ নামৰ সংগঠন গঢ়ি উঠিছে। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৰচনাসমূহ এই সংগঠনে ১৫টা খণ্ডত প্ৰকাশ কৰি উলিয়াইছে।