ডিফুঃ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত জনগোষ্ঠীয় অধিকাৰ অক্ষুণ্ণ ৰখাৰ আহ্বান জনাই আজি কাৰ্বি আংলং জিলাৰ ডিফুত ২৪ টাকৈ সংগঠনে উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে। কাৰ্বিং আংলং স্বায়ত্বশাসিত পৰিষদখনত বৰ্তমান এজনো জনতাৰ প্ৰতিনিধি নথকা বুলি তীব্ৰ ক্ষোভ উজাৰি সংগঠনকেইটাই জিলাখনত সাংবিধানিক নীতি-নিয়ম একপ্ৰকাৰ ধোৱাচাঙত উঠা বুলি সংবাদমাধ্যমৰ আগত জনায়।

চৰকাৰে গা এৰা দিয়াধৰণৰ মনোভাৱ কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি হুংকাৰ দিয়া সংগঠনকেইটাই পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে নতুনকৈ ভোটাৰ তালিকা প্ৰস্তুতকৰণৰ বাবে দাবী জনায়। সমাগত নিৰ্বাচনৰ পূৰ্বে জনজাতীয় লোকৰ নাম অন্তৰ্ভুক্তিৰে নতুনকৈ ভোটাৰ তালিকা প্ৰস্তত কৰিলেহে পৰিষদীয় নিৰ্বাচন সম্ভৱ হ’ব বুলি জনায় সংগঠনকেইটাই।

ক্ৰুটিবিহীন ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ বাবে আইন আৰু নীতি-নিয়ম সলনি কৰাৰ বাবে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ ৰাজপথত উলংগ হৈ প্ৰতিবাদত নামি পৰে সংগঠনৰ সদস্যসকল। ৰাইজৰ প্ৰতিনিধি আইন ২০১৭ কাৰ্যকৰী কৰাৰ বাবে কোনোধৰণৰ পদক্ষেপ পৰিষদে নোলোৱাৰ পৰিপ্ৰেক্ষিততে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হোৱা বুলি জনায় সংগঠনকেইটাই।  

পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ ৰাজপথত এছ এছ আই চি, পি এফ পি, কে এফ কে, কে এ আৰ, কে এছ ভি অ, আৰু আৰ এন এউ এছ একেকে আদি কৰি ২৪ টা সংগঠনে এনেদৰে সম্পূৰ্ণ উলংগ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগে লগে এক অদ্ভুত পৰিস্থিতিৰ সৃষ্টি হয় চহৰখনত৷ খবৰ পোৱা মাত্ৰকে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে দণ্ডাধীশক লগত লৈ প্ৰতিবাদকাৰীসকলক বাটত আগুচি ধৰে৷

দীৰ্ঘদিন ধৰি চলি অহা কাৰ্বি স্বায়ত্ব পৰিষদৰ আসোঁৱাহপূৰ্ণ প্ৰশাসনিক ব্যৱস্থাৰ বাবে জিলাখনত বসবাস কৰা জনজাতীয় লোকসকলে তেঁওলোকৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ তুলি যোৱা ২৮ মাৰ্চতো উক্ত সংগঠনসমূহে সাব্যস্ত কৰিছিল প্ৰতিবাদ। অতি শীঘ্ৰে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২ আৰু ৭ অনুসৰি ষষ্ঠ অনুসূচীৰ অধীনত নতুন ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ দাবীত সংগঠনকেইটাই উলিওৱা উক্ত সমদলৰ অন্তত ৩ এপ্ৰিলৰ ভিতৰত তেওঁলোকৰ দাবীসমূহ মানি লবলৈ চৰম সীমা বান্ধি দিছিল।

কিন্তু দুসপ্তাহ পাৰ হৈ যোৱাৰ পিছতো পৰিষদৰ পৰা কোনোধৰণৰ সঁহাৰি নাপাই যোৱা ১০ এপ্ৰিলৰ পুৱা ৫ বজাৰ পৰা ১১ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈ ৩৬ ঘন্টীয়া কাৰ্বি আংলং বন্ধৰ আহ্বান জনাইছিল সংগঠনকেইটাই৷ ইয়াৰ পিছত আজি তৃতীয় প্ৰতিবাদী কাৰ্যসূচী হিচাপে সংগঠনসমূহে হঠাৎ উলংগ প্ৰতিবাদ সাব্যস্ত কৰে৷

সংগঠনসমূহে অভিযোগ কৰা মতে জিলাখনৰ জনজাতিসকলৰ সংবিধানপ্ৰদত্ত অধিকাৰ হৰণ কৰি অজনজাতিসকলে ভূমি ব্যৱসায়ত নিজৰ অধিকাৰ সাব্যস্ত কৰি আহিছে। ফলত জনজাতিসকলে নিজ মাতৃভূমিতে দৰিদ্ৰতাক আকোৱালি লৈ বিশেষ সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়াত পৰিছে৷

গ্ৰাম্য দুখীয়া জনজাতি লোকসকলৰ বাবে অাৱন্টিত পুঁজিৰ ধন পৰিষদৰ নেতৃবৰ্গই আত্মসাৎ কৰাৰ ফলত জনজাতিসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে৷ ষষ্ঠ অনুসূচিত জাতিৰ সুৰক্ষাৰ বাবে থকা আইন অসুৰক্ষিত হোৱাৰ বাবে প্ৰতিবাদকাৰীসকলে কঠোৰতম সিদ্ধান্ত গ্ৰহণ কৰি উলংগ প্ৰতিবাদৰ দৰে কাৰ্যসূচী ৰূপায়ণ  কৰিবলগীয়া হৈছে বুলি মন্তব্য কৰে৷

বহু সময় ধৰি উলংগ প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তত জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু দণ্ডাধীশৰ বুজনিত প্ৰতিবাদকাৰীসকলে বস্ত্ৰ পৰিধান কৰে। প্ৰতিবাদৰ অন্তত সংগঠনকেইটাই সকীয়াই দিয়ে যে যদিহে এইবাৰো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে তেওঁলোকে ইয়াতকৈও অধিক ভয়াৱহ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ব।