newsnextone.com| ডিফুঃ অত্যাধিক লোড শ্বেডিং আৰু বিদ্যুতৰ অভাৱনীয় নাটনিৰ বাবে ডিফুৰ ৰাইজৰ মাজত হাহাকাৰ চলি থকা অৱস্থাত ডিফুৰ বিদ্যুত উপভোক্তা সকললৈ এক সুখবৰ৷ হয়, ডিফুৰ বিদ্যুত সংমণ্ডল এলেকাৰ ৰাইজৰ সুবিধাৰ্থে আজি ডিফুৰ পাৱাৰ হাউছত শুভ উদ্ধোধন কৰা হৈছে ভাৰত চৰকাৰৰ নগৰ বিদ্যুত যোগান উন্নয়নৰ বাবে থকা মহত্বপূৰ্ণ যোজনা ইণ্টিগ্ৰেটেড পাৱাৰ ডেভ'লপমেণ্ট স্কীম চমুকৈ আই পিডিএছৰ৷ 

যোজনাটোৰে শুভ উদ্ধোধন কৰে চিঅ' বিশ্বজিত কৰে৷ তেওঁৰ সহযোগ কৰে ডিফু বিদ্যুত উপ সংমণ্ডলৰ কেইবাগৰাকী বিষয়া কৰ্মচাৰী, ডিফু নগৰ সমিতিৰ দায়িত্ব থকা কাৰ্যবাহী বিষয়া, এজিএম কাকতি আৰু জনৈক ইংলেং, যোজনাটোৰ ৰূপায়ণ আৰু কামৰ দায়িত্ব লাভ কৰা এন্ কে প্ৰডাকছনৰ কাৰ্যবাহী কণ্ট্ৰেক্টৰ দীপক শৰ্মা আৰু ডিফু মহকুমাৰ দায়িত্বত থকা মহকুমা কাৰ্যাবাহী অভিযন্তা৷

জানিব পৰা মতে ৩ কোটি ৯৫ লাখ টকা ব্যয় সাপেক্ষে ১৫ মাহৰ সময়সীমাৰ ভিতৰত ৰূপায়িত হ’ব লগীয়া আঁচনিটোয়ে ডিফুৰ ৬ হাজাৰ পৰিয়ালক উপকৃত কৰিব বুলি আশা কৰা হৈছে৷ এই আঁচনিৰ জৰিয়তে নতুনকৈ ১১ কেভি লাইন আৰু এলটি লাইন নিৰ্মাণ কৰা হ'ব৷ পুৰণি ডীটি আৰৰ সম্প্ৰসাৰণ আধুনিকৰণে এই আঁচনিৰ মূল উদ্দেশ্য৷ এই উদ্দেশ্যে উদ্ধোধন থলীতেই হোৱা এক সভাত চিঅ' বিশ্বজিত কৰ আৰু ডিফু নগৰ যন্ত্ৰ দায়িত্বত থকা কাৰ্যবাহী বিষয়াই সাৰুৱা ভাষণ প্ৰদান কৰে৷ আনহাতে আঁচনিৰ সময়োচিত ৰূপায়ণৰ কাম-কাজৰ অগ্ৰগতি আৰু নিৰ্মাণ কাৰ্যত জড়িত বিষয়া কৰ্মচাৰীৰ লগতে যোগাযোগ ৰক্ষা কৰিবলৈ এটি হুৱাটচ এপ গ্ৰুপ সৃষ্টি কৰা হৈছে বুলি জানিবলৈ দিছে চিঅ' বিশ্বজিত কৰে ৷ 

উল্লেখযোগ্য উক্ত আঁচনিৰ ৰূপায়ণ হলে বৈদ্যুতিক নিৰাপত্তা পোৱাৰ লগতে অত্যাধিক লোডশ্বেডিঙৰ পৰা ৰক্ষা পোৱা যাব বুলি কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে৷