newsnextone.com। শিৱসাগৰঃ ৰাষ্ট্রীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থাই শুক্রবাৰ আৰু শনিবাৰে আয়োজন কৰা প্রৰ্থমিক শিক্ষাৰ ডিপ্লমা পাঠ্যক্রম(DLED)ৰ অন্তৰ্গত দ্বিতীয় পৰ্য্যায়ৰ পৰীক্ষাৰ প্রশ্ন কাকতত হোৱা বিসংগতি দেখি হতবাক হৈ পৰিছে সকলো শিক্ষাৰ্থী। এই ঘটনাক লৈ সচেতন মহলৰ মাজত প্ৰশ্ন উঠিছে যে, এইয়াই অসমীয়া ভাষাৰ শ্মশান যাত্রা নেকি? 

যি সকলে ভাষা আন্দোলনৰ কাৰণে নিজৰ প্রাণ আহুতি দিছিল সেই সকলক  জাতীয় দল সংগঠনে পাহৰি গ'ল নেকি?এসময়ত আমি নিজকে অসমীয়া বুলি পৰিচয় দিব নোৱাৰিম নেকি? কিয় অসমীয়া ভাষাত অত্যাধিক বাংলা ভাষাৰ প্রয়োগ।

হিন্দু বাংলাদেশী অসমলৈ অহাৰ আগতে অসমীয়াক বাংলা আওৰাবলৈ শিকাইছে নেকি ?এনে বহু প্রশ্নৰ উদয় হৈছে পৰীক্ষাৰ্থী সকলৰ মাজত ক'ত গ'ল সেই দিন, ক'ত হেৰাই গ'ল সেই হেমচন্দ্র বৰুৱাৰ হেমকোষ অভিধান,ক'ত হেৰাই গল চন্দ্রকুমাৰ অগৰৱালাৰ সুগন্ধি পখিলা,লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু , কিয় নিজৰ ভাষা সংস্কৃতি পাহৰি গ'ল মহান অনুষ্ঠান অসম সাহিত্য সভাই, সাহিত্য কাণ্ডাৰীৰ প্রকৃত স্বৰূপ এনে পৰ্যায় পালেগৈ নেকি ,পদবীক লৈ ৰাজনীতি, খোৱা কামোৰৰ ভাওনাই সামৰিছে নেকি কাণ্ডাৰী সকলে তেওঁলোকৰ কৰ্ম সংস্কৃতি ,এয়াই নেকি অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষা কৰাৰ প্রকৃত স্বৰূপ অসমৰ শিক্ষা বিভাগৰ । 

অসম সাহিত্য সভাৰ দৰে এটা মহান অনুষ্ঠানক কলংকিত কৰাৰ পাছত ভাষাৰ শ্মশান যাত্রাৰ সময়তো কুম্ভকৰ্ণ নিদ্রাতে বৰ্তমানৰ কাণ্ডাৰী সকল। এটা কথা সোঁৱৰিবই লাগিব যে ড০ ভূপেন হাজৰীকাৰ গীতৰ কথাৰে,

"আমি অসমীয়া নহওঁ দুখীয়া বুলি শান্তনা লভিলে নহব,
আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে ভগনীয়া হ'ব।"

এই কথা যেন এতিয়া আখৰে আখৰে ফলিয়াইছে যে অসমত অসমীয়া হৈ বৰ্তমান অসমতে ভগনীয়া হ'ব লগা হৈছে। বাংলা ভাষাই যেন অসমীয়াক সাৱটি ধৰিছে ,এয়া কিন্তু জাতিৰ অস্তিত্বৰ সময় ,এতিয়া সকলো সজাগ হবৰ হ'ল,ন'হলে নিঃশেষ হ'ব অসমীয়া ভাষা। হেৰাই যাব অসমীয়া জাতিৰ অস্তিত্ব।

 আকৌ সেই ভাষা আন্দোলনৰ পুনৰাবৃত্তি হ'ব লাগিব নেকি অসমত।আন্দোলন নকৰিলে একো কাম সিদ্ধি নহয়। পুনৰ বহু জনৰ প্রাণ আহুতিৰ ফলত হে এটা সমস্যাৰ সমাধান হব। তাক লৈয়ো চিন্তিত হৈছে সচেতন মহল।

এতিয়া আটাইতকৈ গুৰুত্ব পূৰ্ণ কথাটো হৈছে যে শিক্ষক সকলে শিক্ষাৰ্থীক  শুদ্ধ আৰু সুন্দৰকৈ শিক্ষা দিবৰ বাবে আৰম্ভ কৰা হৈছে এই পৰীক্ষা ,ভাষা শিক্ষাৰ ওপৰতো কেন্দ্র কৰি এই পৰীক্ষা অনুস্থিত কৰা হৈছে।

অসমীয়া মাধ্যমৰ প্রশ্ন কাকতত অত্যাধিক বাংলাৰ প্রয়োগে কি সূচাইছে, নে শিকাব বিচাৰিছে আমাৰ শিক্ষক সকলক বাংলা ভাষা, নে এই পৰীক্ষাত বাংলা ভাষা প্রয়োগ কৰি বুজাব বিচাৰিছে যিহেতু হিন্দু বাংলাদেশী আহাৰ লগে লগে অসমৰ বিদ্যালয়সমূহত বাংলা ভাষাৰ প্রয়োগ হ'ব এয়া তাৰেই ইংগিত।

যদি নহয় তেনেহ'লে অনভিজ্ঞ পৰীক্ষকৰ দ্বাৰা কিয় পৰীক্ষাৰ প্রশ্ন কাকক প্রস্তুত কৰিছে, এনে প্রশ্ন কাকত তৈয়াৰ কৰাই ভৱিষ্যতে ছাত্র-ছাত্রী সকলক শুদ্ধ শিক্ষাৰ পৰিবৰ্তে ভূল শিক্ষাৰেহে যে পৰিচালিত কৰিব সেয়া এতিয়া ধুৰূপ হৈ পৰিছে,অতি দূৰ্ভাগ্যজনক কথা যে এয়া অসমীয়া জাতিক কৰা চৰম অৱমাননা।

অসম ৰাজ্যিক শিক্ষা বিভাগো কিয় কুম্ভকৰ্ণ নিদ্রাত তাক লৈয়ো জাঙোৰ খাই উঠিছে এচাম সচেতন লোক। গতিকে এই সকলো প্রশ্নৰ উত্তৰ অসমৰ শিক্ষা বিভাগ আৰু অসম সাহিত্য সভাৰ পৰা উত্তৰ বিচাৰিছে অসমীয়া  হিচাপে পৰীক্ষাৰ্থী আৰু সচেতন মহলে। নহলে তীব্র আন্দোলন গঢ়ি তুলিব শিক্ষাৰ্থী সকলে ।এয়া সকলোৰে স্পষ্ট মতামত।