ডিজিটেল ডেস্কঃ লঘুদোষতে গুৰু শাস্তি৷ পাকিস্তানত মৃত্যুদণ্ডৰ সন্মুখীন হ’ল এটা কুকৰ৷ দেশখনৰ পাঞ্জাব প্ৰদেশত সংঘটিত হয় এই ঘটনা৷

এটি শিশুক কামোৰাৰ বাবেই কুকুৰটোক সহকাৰী আয়ুক্তই মৃত্যুদণ্ডৰে দণ্ডিত কৰে। মানৱীয়তাৰ দিশটো বিচাৰ কৰিয়েই এই শাস্তি বিহা হৈছে বুলি দেশখনৰ টিভি চেনেল  জিঅ’ টিভিত প্ৰকাশ কৰিছে অঞ্চলটোৰ প্ৰশাসনে৷ তদুপৰি কুকৰটোৰ মালিকৰ বিৰুদ্ধেও আদালতত এক গোচৰ ৰুজু কৰা হৈছে৷

আনহাতে এই বিচাৰ মানি ল’বলৈ টান পাইছে কুকুৰটোৰ গৰাকীয়ে৷ গৰাকীৰ মতে উক্ত গোচৰত এক সপ্তাহ জেল খাটিছিল দোষী কুকুকটোৱে৷ ইয়াৰ পিছতো মৃত্যুদণ্ডৰ ৰায় অন্যায় বুলি অভিহিত কৰিছে গৰাকীজনে।