নতুন দিল্লীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ সৃষ্টি হোৱা হিংসাত্মক ঘটনাৰ ফলত দেশৰ ৰাজধানী দিল্লীত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে অতি কমেও ২৭ জনকৈ লোকে। ৰাজধানী চহৰখনত দেখা দিয়া এনে অভাৱনীয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত বুধবাৰে ক্ষতিগ্ৰস্থ অঞ্চলসমূহ পৰিদৰ্শন কৰে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে। দিল্লী উচ্চ ন্যায়ালয়ে সমগ্ৰ ঘটনাৰ বাবে দিল্লী আৰক্ষীক ভৎসৰ্না কৰাৰ সময়তে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাগৰাকীয়ে ভালেসংখ্যক লোকৰ সৈতে মত-বিনিময় কৰে।

সংবাদ প্ৰতিষ্ঠান এএনআই আৰু বিবিচিত প্ৰকাশিত বাতৰি অনুযায়ী মত-বিনিময়ৰ সময়তে এজন ইছলামধৰ্মী লোকে ডোভালৰ আগত যমুনাৰ পাৰত বাস কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ওপৰত আতিশয্যা চলোৱা বুলি জনায়। লোকজনে উক্ত ঘটনা সম্পৰ্কে বৰ্ণনা কৰিবলৈ গৈ আৰএছএছ আৰু অমিত শ্বাহৰো নাম লয়। লগে লগে ডোভালে লোকজনক বাধা প্ৰদান কৰে। 

'মুছলমান কমকৈ থকা ঠাইবোৰত এনেকৈ অত্যাচাৰ চলিছে। কিন্তু আমিতো কোনো হিন্দুৰ ওপৰত তেনে কৰা নাই। তাৰপিছতো আমাক এনে কৰিছে কিয়? আৰএছএছ আৰু অমিত শ্বাহৰ কথা মতেই এইবোৰ কৰিছে।’-ডোভালৰ আগত এইদৰে ক্ষোভ উজাৰে লোকজনে। আৰএছএছ আৰু অমিত শ্বাহৰ নাম উচ্চাৰণ কৰাৰ লগে লগে ডোভালে লোকজনক কথা কোৱাত বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰে যদিও লোকজনে কৈয়ে থাকে। এনে পৰিস্থিতিত ডোভালে 'যিমানখিনি প্ৰয়োজন সিমানখিনিহে কোৱা’ বুলি কৈ সেই ঠাইৰ পৰা প্ৰস্থান কৰে।  

ইয়াৰ পিছতে ডোভালৰ কাষ চাপি আহে এগৰাকী মুছলমান যুৱতী। কান্দি কান্দি যুৱতীগৰাকীয়ে ডোভালৰ আগত কয়, 'আমি ইয়াত মুঠেই সুৰক্ষিত নহয়। মই এগৰাকী শিক্ষাৰ্থী আৰু এনে পৰিস্থিতিত আমি পঢ়া-শুনা কৰিব পৰা নাই। আৰক্ষীয়ে নিজৰ কাম ঠিকমতে কৰা নাই। আমি বহুত ভয়ৰ মাজেৰে দিন কটাইছো। আমি নিশাও শুব পৰা নাই ছাৰ। কিবা এটা কৰক ছাৰ।’

ক্ৰন্দনৰত যুৱতীগৰাকীক তেতিয়া আশ্বাস প্ৰদান কৰাৰ চেষ্টা চলাই ডোভালে। 'তুমি মুঠেই ভয় নাখাবা। আৰক্ষীয়ে এতিয়া ঠিকমতেই কাম কৰিব। মই গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত ইয়ালৈ আহিছো। তুমি বিশ্বাস ৰাখা। সকলো ঠিক হৈ যাব। টেনশ্যন লোৱাৰ কাৰণ নাই। আমি সমস্যাবোৰ সমাধান কৰিবই লাগিব।’-ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাগৰাকীৰ আশ্বাসবাণী।

এনেদৰেই হিংসা প্ৰভাৱিত কেবাটাও অঞ্চলত উপস্থিত হৈ স্থানীয় লোকসকলক ভয় নকৰিবলৈ আহ্বান জনায় ডোভালে। তেওঁ কয়, 'মই সকলোকে আশ্বাস দিব বিচাৰিছো। ইয়াত কোনো কাৰো শত্ৰু নহয়। যিয়ে নিজৰ দেশক ভাল পায়, সমাজৰ প্ৰতি ভালপোৱা আছে, ওচৰ-চুবুৰীয়াৰ ভাল হোৱাতো বিচাৰে, সেই সকলোৱে প্ৰেম আৰু মিলাপ্ৰীতিৰে থাকিব লাগে। ইয়াত সকলোৱে ঐক্যৱদ্ধ হৈ আছে আৰু কোনো কাৰো শত্ৰু নহয়। অৱশ্যে এক সমাজবিৰোধী শক্তি নথকা নহয় আৰু সেই অপশক্তিক আমি প্ৰতিহত কৰিমেই। আৰক্ষীয়ে নিজৰ কাম কৰি আছে। ভগৱানে সকলোৰে মংগল কৰিব।’

অজিত ডোভালে উত্তৰ-পূব দিল্লীৰ আন এটা স্থানৰ লোকসকলক আশ্বাস প্ৰদান কৰি কয় যে আৰক্ষীয়ে ড্ৰোনেৰে সকলো নিৰীক্ষণ কৰি আছে। 'প্ৰেমৰ ভাৱনাৰে আগবাঢ়ক। এইখন আমাৰ দেশ আৰু আমি সকলোৱে মিলাপ্ৰীতিৰে থাকিব লাগিব। দেশখন মিলা-প্ৰীতিৰেহে আগবাঢ়িব লাগিব।’-ডোভালে কয়। আজিৰ এই পৰিদৰ্শনকালত ডোভালক সংগ দিয়ে দিল্লী আৰক্ষীৰ কেবাগৰাকী শীৰ্ষ বিষয়াই। পৰিদৰ্শনৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ডোভালে পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অহা বুলি উল্লেখ কৰাৰ লগতে বাসিন্দাসকলৰ মনৰ পৰা ভয়ৰ ভাৱ আতৰিছে বুলিও জানিবলৈ দিয়ে।

উল্লেখ্য যে বুধবাৰৰ দিনটোত দিল্লীৰ প্ৰায়বোৰ অঞ্চলতে পূৰ্বৰ তুলনাত শান্তিপূৰ্ণ পৰিৱেশ দেখা গৈছিল। অৱশ্যে ভজনপুৰা অঞ্চলত এখন দোকান জ্বলাই দিয়াৰ খবৰ পোহৰলৈ আহিছে। সংবাদ প্ৰতিষ্ঠান পিটিআইৰ বাতৰি মতে কোনো কোনো অঞ্চলত শিলাবৰ্ষণৰ ঘটনাও সংঘটিত হয়।