গৰৈমাৰিঃ আধাৰশিলা স্থাপনক কেন্দ্ৰ কৰি এখন মহাবিদ্যালয়ৰ ছাত্ৰ আৰু প্ৰাক্তন বিধায়কৰ মাজত বাদ-বিবাদ অব্যাহত আছে৷ সোমবাৰে আধাৰশিলা স্থাপনক কেন্দ্ৰ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি হৈছিল দক্ষিণ কামৰূপৰ গৰৈমাৰী ফখৰুদ্দিন আলি আহমেদ মহাবিদ্যালয়ত৷ অগপ নেতা তথা ছয়গাঁৱৰ প্ৰাক্তন বিধায়কক অধ্যক্ষই নিজ ইচ্ছামতে আমন্ত্ৰণ কৰি মহাবিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ আধাৰ স্থাপন কৰিবৰ বাবে আমন্ত্ৰণ কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ ছাত্ৰই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

অগপ নেতা ডাঃ কমলা কলিতাই আধাৰশিলা স্থাপন কৰিবলৈ গৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বাধাৰ সন্মুখীন হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ দক্ষিণ কামৰূপৰ গৰৈমাৰী ফখৰুদ্দিন আলি আহমেদ মহাবিদ্যালয়ত একাংশ ছাত্ৰই অগপ নেতা গ'বেক ধ্বনি দয়ে৷ অগপ নেতা ডাঃ কমলা কলিতাই গৰৈমাৰী ফখৰুদ্দিন আলি আহমেদ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ ভাবে MSDP আঁচনিৰ অধিনত শ্ৰেণী কোঠা শুভ উদ্বোধন কৰিবলৈ উপস্থিত হোৱাৰ পিছতেই একাংশ ছাত্ৰই বাধা প্ৰদান কৰাৰ চেষ্টা কৰে৷

আধাৰশিলা স্থাপন কৰাৰ সময়ত একাংশ ছাত্ৰই বাধা প্ৰদান কৰাৰ চেষ্টা কৰে অগপৰ প্ৰাক্তন বিধায়কগৰাকীক৷ যদিও কিছু পিছতেই আধাৰশিলা স্থাপন কৰাৰ লগতে অগপ নেতাক সম্বৰ্ধনা জনাই মহাবিদ্যালয়ৰ অধ্যক্ষই। তাৰ পিছতেই ক্ষোভিত হৈ পৰে একাংশ ছাত্ৰ। কমলা কলিতা গ’ বেক, আধাৰশিলা স্থাপন মানি নলও, মহাবিদ্যালয়ত ৰাজনীতি নচলিব আদি ধ্বনিৰে উত্তাল কৰি তোলে মহাবিদ্যালয় চৌহদ৷

জানিব পৰা মতে, মহাবিদ্যালয়ত শ্ৰেণী কোঠাৰ আধাৰশিলা স্থাপনৰ বাবে অগপ নেতা কমলা কলিতাক আমন্ত্ৰণ কৰাৰ কথা কোনো লোকক অধ্যক্ষই জনোৱা নাছিল বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰ-ছাত্ৰীয়ে৷ যাৰ ফলত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নাৰাজ হৈ পৰে৷ অধ্যক্ষই ৰাজনৈতিক স্বাৰ্থত কমলা কলিতাক আমন্ত্ৰণ কৰা বুলি অভিযোগ উত্থাপন হয়৷