♦ দীৰ্ঘদিন ধৰি অসমৰ বিহু মঞ্চত জাতীয় সাজপাৰ পৰিধান কৰা-নকৰাক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তেই এই বিতৰ্কত নতুনকৈ সাঙোৰ খাই পৰিছে ৰাজ্যিক কৰ্মচাৰীসকল। শেহতীয়াকৈ সৰ্বানন্দ সোণোৱালে অসামৰিক সেৱা দিৱসত বিষয়াসকলক জাতীয় পোছাক পৰিধান কৰিবলৈ আহ্বান জনাইছিল। অধিকাংশ বিষয়ববীয়াই ইয়াৰ প্ৰতি সঁহাৰি জনোৱা পৰিলক্ষিত হৈছিল। ইয়াৰ পিছতে, চৰকাৰে মাহটোৰ প্ৰথম আৰু তৃতীয় শনিবাৰৰ বাবে পৰম্পৰাগত পোছাকক ড্ৰেছ কোড হিচাপে নিৰ্ধাৰণ কৰি দিছে। এই অনুযায়ী কৰ্মচাৰী বিভাগৰ প্ৰধান সচিব পৱন কুমাৰ বৰঠাকুৰে ২৬ এপ্ৰিলত সাধাৰণ প্ৰশাসন বিভাগৰ প্ৰধান সচিব বি কে তিৱাৰী লৈ মেম’ নং পি কে বি/ পি এছ/মিছিলেনিয়াছ/২/২০১৬/২- এ শীৰ্ষক বিভাগীয় পত্ৰ প্ৰেৰণ কৰে। এনেদৰে চৰকাৰী কাৰ্যলয়ত বিষয়া-কৰ্মচাৰীৰ বাবে সুকীয়া ড্ৰেছ কোড প্ৰৱৰ্তন কৰিব খোজা কাৰ্যক লৈ ৰাজ্যৰ সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই বিষয়টোক লৈ যুগুতোৱা হৈছে newsnextone.comৰ আজিৰ মত-অমত।

ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, জ্যেষ্ঠ সাংবাদিক, বুদ্ধিজীৱি

• চৰকাৰৰ এই সিদ্ধান্তই জাতিটোক এখোজো আগুৱাই নিনিয়ে। অসমীয়া জাতিক আগুৱাই নিবলৈ চৰকাৰে যি নিৰ্দেশ জাৰি কৰিছে এনে ধৰণৰ সস্তীয়া সিদ্ধান্তই জাতিক সতেজ কৰিবৰ বাবে সামান্যও সহায় নকৰে। অসমৰ চৰকাৰী কৰ্মস্থানসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে বহুতো কৰ্মচাৰীয়ে সময়মতে কৰ্মস্থানলৈ নাহে অথবা যিমানখিনি সময় ৰাজ্যখনৰ বাবে দিব লাগে সেইখিনি সময় নিদিয়ে। লগতে একাংশই চৰকাৰৰ পৰা দৰমহা লয় যদিও ৰাজ্যৰ বাবে কৰিবলীয়া সামান্যতম শ্ৰমখিনিও নকৰে। চৰকাৰে এই সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰা উচিত। ইয়াৰ উপৰি আমাৰ ভাৰতবৰ্ষৰ লোকসকলে বিভিন্ন সাজ-পোছাক পৰিধান কৰে যদিও ধুতি-কুৰ্তাক জাতীয় পোছাক বুলি গ্ৰহণ কৰিব নোৱাৰি। কোনোবাই নিজ ইচ্ছা অনুসৰি পিন্ধাটো সম্পূৰ্ণ নিজৰ সিদ্ধান্ত। এইক্ষেত্ৰত সকলো মানুহৰে জাতীয় চেতনা থকা উচিত আৰু চৰকাৰে বৃহৎ জাতীয়তা গঢ়ি তোলাৰ ক্ষেত্ৰত খণ্ড জাতীয়তাক প্ৰথমে উন্নত কৰিব লাগিব। ইয়াৰ বাবে শিক্ষাক আগবঢ়োৱা উচিত তথা বৌদ্ধিক চিন্তাৰে উদ্বুদ্ধ কৰি জাতিক আগুৱাই নিয়া উচিত। 

ময়ূৰ বৰা, বিশিষ্ট লেখক

• চৰকাৰী কাৰ্যালয়ত মাহত দুটা দিন ধুতী-কুৰ্তা পিন্ধিবলৈ চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ জাৰি কৰা হৈছে যদিও এইটো সম্পূৰ্ণৰূপে ব্যক্তিগত স্বাধীনতাৰ কথা। এইক্ষেত্ৰত কেতিয়াও আবেগ জড়িত হ’ব নোৱাৰে। কৰ্মচাৰীসকলে নিজৰ সুবিধা-অসুবিধালৈ চাই এই নিৰ্দেশ মানি লোৱা-নোলোৱাটো সম্পূৰ্ণৰূপে ব্যক্তিগত। চৰকাৰে এইবোৰ নিৰ্দেশ দিয়াতকৈ আন কৰিবলগীয়া কাম বহুত আছে, সেইবোৰ কৰা উচিত।  

কেশৱ মহন্ত, জল সম্পদ মন্ত্ৰী

• এইটো সম্পূৰ্ণ দেশৰ সংবিধানৰ ওপৰত নিৰ্ভৰ কৰিব। পৃথিৱীৰ ভিতৰত অাটাইতকৈ দীৰ্ঘতম   সংবিধানখনেই যিহেতু অামাৰ অাৰু ইয়াত সন্নিবিষ্ট ব্যক্তিগত স্বাধীনতাৰ ওপৰত থকা দফাত উল্লেখ অাছে যে কোনেও জোৰ কৰি কিবা এটা জাপি দিয়াটো অনুচিত। জনগোষ্ঠীয় সাজপাৰ  পিন্ধাটো বেয়া কথা নহয় কিন্তু চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত বল প্ৰয়োগ কৰি জাপি দিয়াটো একেবাৰে প্ৰয়োজ্য নহয় বুলি মই ভাবো। চৰকাৰে সাজপাৰ প্ৰতিনিধিত্ব কৰাতকৈ চৰকাৰী কাৰ্যালয়সমূহৰ কৰ্মচাৰীসকলৰ সময়সূচীৰ ওপৰত অধিক গুৰুত্ব দিয়াটো মই ভাবো বেছি গ্ৰহণযোগ্য। যিকোনো চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰী নিয়োগ কৰোঁতে অামি বিচাৰ নকৰো তেওঁলোক কোন জাতি-জনগোষ্ঠীৰ মানুহ। কৰ্মচাৰীসকলক নিয়োগ কৰা হয় তেওঁলোকৰ যোগ্যতাৰ ওপৰতহে। অানহাতে জাতীয় সাজপাৰৰ নামত ধুতী-কুৰ্তা পিন্ধি যদি ব্ৰেণ্ডেড জোতা পিন্ধে তেতিয়া কি জাতীয় পোছাক সূচাব? তাতকৈ গুৰুত্বপূৰ্ণ কথা ধুতী কোন ঠাইৰ পোছাক। ধুতী-কুৰ্তা অামাৰ পূৰ্বৰ পৰা চলি অহা পৰম্পৰাগত সাজ হয়নে নহয় সেইটো লৈ এতিয়াও বিতৰ্কৰ ওৰ পৰা নাই। সেইবাবে এইক্ষেত্ৰত মই কম অামি সংবিধানৰ ফালৰ পৰা সকলো চাব লাগে। দেশৰ উন্নতিৰ বাবে জাতীয় পোছাক প্ৰযোজ্য নহয়। ৰাজ্যখন অাগশাৰীলৈ অানিবলৈ হ'লে কৰ্মচাৰীসকলে কেনেদৰে কৰ্মস্থানত সময় প্ৰয়োগ কৰিছে, নে কৰ্মচাৰীসকলৰ কামৰ অৱহেলাৰ বাবে বহুতো গুৰুত্বপূৰ্ণ ফাইল পৰি ৰৈছে যাৰ বাবে অামাৰ জনসাধাৰনে দুৰ্ভোগ ভুগিবলগীয়া হৈছে তাৰ ওপৰত পদক্ষেপ ল’লেহে প্ৰশংসনীয় হ'ব। নহ’লে অাবেগজনিত সিদ্ধান্ত লৈ লাভ নাই।  

মনোৰম গগৈ, বিশিষ্ট সাংবাদিক

• চৰকাৰখনে যদি থলুৱা-পৰম্পৰাগত সাজপাৰসমূহক বিশ্বদৰবাৰত স্থাপন কৰা তথা থলুৱা শিপিনীসকলৰ আৰ্থিক ক্ষেত্ৰখন উন্নত কৰাৰ বাবে এই নিৰ্দেশ জাৰি কৰিছে তেন্তে এই সিদ্ধান্ত নিশ্চয়কৈ প্ৰশংসনীয়। কিন্তু আন এটা দিশৰ পৰা চাবলৈ গ'লে এইক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যক্তি স্বাধীনতা জড়িত হৈ আছে। কৰ্মচাৰীসকলে পৰিমাৰ্জিত হ'লে কৰ্মস্থানলৈ যিকোনো সাজ পিন্ধি আহিব পাৰে। একেদৰে সাংস্কৃতিক দিশৰ পৰা চাবলৈ গ'লে পৰম্পৰাগত সাজ-পোছাকক বহিঃৰাজ্যত তথা বিশ্বত স্থাপন কৰাৰ ক্ষেত্ৰত চৰকাৰে কেতিয়াও শিপিনীসকলক উৎসাহিত কৰা নাই। বৰ্তমানেও অসমৰ গামোচা তথা চাদৰ-মেখেলা আদিৰ ৯০ শতাংশই বাহিৰৰ পৰা আহে। এই সম্পৰ্কে চৰকাৰখনে কেতিয়াও দৃষ্টি নিক্ষেপ কৰা নাই। ইয়াৰ উপৰিও ধুতী-কুৰ্তা অসমৰ থলুৱা সাজপাৰ হয়নে নহয় এই সম্পৰ্কে নানা বিতৰ্ক অব্যাহত থকাৰ লগতে ইয়াক লৈ আলোচনা, গবেষণা আদিৰ প্ৰয়োজন আছে। এই সকলোবোৰৰ আঁৰত থকা কথাবোৰ চালি-জাৰি নোচোৱাকৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা উচিত নহয়। 

ইছফাকুৰ ৰহমান, বাওপন্থী নেতা

• অসমৰ ইমানবোৰ জাতি-জনগোষ্ঠীৰ মাজত কৰ্মচাৰীসকলক জাতীয় পোছাক পৰিধানৰ কথাটো সম্পূৰ্ণ নীতিবিৰুদ্ধ। বিভিন্ন জনগোষ্ঠীৰ মাজৰ পৰা কোনযোৰ পোছাক জাতীয় পোছাক হিচাপে চৰকাৰে নিৰ্বাচন কৰে সেইটোহে ডাঙৰ কথা।

ঋতুপৰ্ণ দাস, আকাশবাণী গুৱাহাটী

• চৰকাৰী কৰ্মচাৰীক ধুতি-কুৰ্তা পিন্ধাৰ নিৰ্দেশ দিলেই অসমীয়া জাতি উদ্ধাৰ হৈ নাযায়। মানুহে নিজে নিজে জাতীয় চেতনাক উপলব্ধি কৰিব লাগিব। সাম্প্ৰতিক কালত বিশ্বায়নৰ ফলত সকলো জাতিৰ সংস্কৃতি লুপ্ত হৈ আহিবলৈ ধৰাৰ সময়তেই এই নিৰ্দেশ জাৰি কৰাৰ ফলত অসমীয়া সংস্কৃতি আগবাঢ়ি যাব বুলি ভবাটো সম্পূৰ্ণ ভুল চিন্তা। এই নিৰ্দেশ জাৰি কৰাতকৈ চৰকাৰী কৰ্মচাৰীয়ে সময়মতে অফিচলৈ অাহি নিয়াৰকৈ নিজৰ কাম কৰিছেনে নাই এইবোৰ দিশত ভালদৰে চকু দি দুৰ্নীতিমুক্ত কৰি ভাল মনেৰে সংস্কৃতিক অাগবঢ়াই নিলেহে অসম অাগবাঢ়িব।  

কৰুণামোহন শৰ্মা, প্ৰবক্তা, বজালী কলেজ

• চৰকাৰৰ এই সিদ্ধান্তক স্বাগতম জনাবলগীয়া। অসমীয়া জাতিৰ পৰম্পৰা ৰক্ষাৰ বাবে এই নিৰ্দেশ প্ৰশংসনীয় যদিও আজিৰ যান্ত্ৰিকতাৰ যুগত কৰ্মচাৰীসকলে সময় আৰু পৰিস্থিতি সাপেক্ষে  নিজৰ সুবিধাৰ বাবে সাজ- পোছাক পিন্ধাটো নিতান্তই স্বাভাৱিক। যান্ত্ৰিকতাৰে পৰিপূৰ্ণ সমাজখনত  আজিৰ নতুন পুৰুষসকলে নিজৰ সাজ-পোছাক নিজৰ ধৰণে পৰিধান কৰি বেছি সুবিধাজনক অনুভৱ কৰে। চৰকাৰে অসমৰ পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত ধুতি-কুৰ্তা পিন্ধিলেই পৰম্পৰা ৰক্ষা হ'ব বুলি ভবাটো যুক্তিসংগত নহয়। কৰ্মচাৰীসকলৰ এইক্ষেত্ৰত আন্তৰিক আবেদন নাহিলে ইয়াক বলপূৰ্বকভাৱে জাপি দিয়াটো উচিত নহয়। লগতে ৰাজ্যৰ আন কৰ্মচাৰীসকলৰ লগতে মন্ত্ৰী-আমোলাসকলেও এই নিৰ্দেশ মানি চলাটো বাঞ্ছনীয়। সেইক্ষেত্ৰত মাননীয় মন্ত্ৰীসকলে কিদৰে নিজৰ সিদ্ধান্ত গ্ৰহণ কৰে সেইটো নিশ্চয়কৈ লক্ষণীয় হ'ব। হেঁচা প্ৰয়োগ কৰি এই সাজ পিন্ধিবলৈ কোৱাটো বৰ্তমান সময়ত সোঁতৰ বিপৰীতে যোৱা কথা।

অভিজিৎ বৰঠাকুৰ, প্ৰবক্তা, কটন কলেজ

• আমি চৰকাৰী কৰ্মচাৰী, গতিকে চৰকাৰৰ নিৰ্দেশ মানিবলৈ বাধ্য। চৰকাৰে যি বাট দেখুৱায় সেই বাটেৰেই গতি কৰিব লাগিব। কিন্তু এইক্ষেত্ৰত ব্যক্তিগতভাৱে কিছু আসোঁৱাহ নথকা নহয়।  

 

লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক, আছু

• ধুতী-কুৰ্তা অসমীয়া মানুহৰ জাতীয় পোছাক নহয়। চৰকাৰে কেতিয়াও চালি-জাৰি নোচোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব। লগতে এই সিদ্ধান্ত সম্পূৰ্ণৰূপে অসাংবিধানিক। চৰকাৰে এই নিৰ্দেশ জাৰি কৰি ১০০ শতাংশই বহিৰাগত বাণিজ্য বা উত্তৰ ভাৰতীয় সংস্কৃতিক অসমৰ কৰ্মচাৰীৰ ওপৰত জাপি দিব নোৱাৰিব। জাতি, মাটি আৰু ভেটিৰ শ্লোগান আওৰাই চৰকাৰে এই সিদ্ধান্ত গ্ৰহন কৰাটো কোনোপধ্যেই উচিত হোৱা নাই। অসমৰ সংস্কৃতিক আগুৱাই নিবলৈ চৰকাৰে বেলেগ ব্যৱস্থা গ্ৰহণ কৰক।  

সঞ্জু বৰুৱা, মুখপাত্ৰ, এ পি চি চি

• সম্পূৰ্ণ অসাংবিধানিক সিদ্ধান্ত এটা গ্ৰহণ কৰিছে। সংবিধানৰ ক’তো কৰ্মচাৰীৰ সাজ-পোছাক সম্পৰ্কে বাধ্যবাধকতা পোষণ কৰা হোৱা নাই। বৰ্তমানৰ চৰকাৰে সম্পৰ্ণ একনায়কত্ববাদেৰে জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে। অসমত বাস কৰা প্ৰতিটো জনগোষ্ঠীৰ সাজ- পোছাকৰ প্ৰতি লক্ষ্য ৰাখিব লাগিছিল। কিন্তু চৰকাৰখনে অহংকাৰী সিদ্ধান্ত এটা গ্ৰহণেৰে বৰ্তমানৰ চৰকাৰ যে জনতাৰ পৰিপন্থী সেই কথাকে প্ৰতিপন্ন কৰি দেখুৱালে।যিসকল লোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে নিজে জাতীয় পোছাক পৰিধান কৰি আদৰ্শ দেখুৱাওক। স্বয়ং মুখ্যমন্ত্ৰীকে ধৰি সকলোৱে এই পোছাক পৰিধান কৰি ৰাইজক আদৰ্শ দেখুৱালেহে ৰাইজে আদৰি ল’ব। অন্যথা বৰমূৰীয়াৰ নিৰ্দেশত বাধ্যত পৰি পোছাক পৰিধান কৰিলেও আন্তৰিকতাবিহীন এই কাৰ্যই জাতীয় পোছাকযোৰকহে অৱমাননা কৰা হ’ব।

নিৰংকুশ নাথ, এছ এফ আই

• প্ৰকাশিত বাতৰি মতে চৰকাৰে কৰ্মচাৰীৰ বিশেষ পোছাক নিৰ্ধাৰণ কৰিছে। অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিবলৈ ব্যৰ্থ হোৱা চৰকাৰে জনসাধাৰণৰ দৃষ্টি অন্য দিশলৈ নিয়াৰ বাবে বিভিন্ন কৌশল তৈয়াৰ কৰিছে। এই সিদ্ধান্তও তেনে এটা কৌশল। মানুহৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰা, কি খাবা, কি পিন্ধিবা, কাৰ লগত ফুৰিবা এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰা, নানা উৎসৱ সৃষ্টি কৰা আৰু এইবোৰক লৈ জনগণক ব্যস্ত ৰখা এয়াই এওঁলোকৰ নীতি। লগতে অসমবিৰোধী কাৰ্যকলাপ ঢাকিবলৈ 'জাতীয় পোছাকৰ' বিষয় উত্থাপন কৰিছে। কৰ্মচাৰীৰ ইউনিফৰ্ম নিৰ্ধাৰণ নহয়, চৰকাৰে ছাত্ৰ-ছাত্ৰীক সময়মতে ইউনিফৰ্ম আৰু কিতাপ যোগান ধৰক, মাতৃভাষাৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহ উন্নত কৰক, খালী শিক্ষকপদ পূৰণ কৰক, কৰ্মসংস্থান সৃষ্টি কৰক।