ঐক্যৱদ্ধ প্ৰতিবাদলৈ ভয় কৰে মোদী চৰকাৰে। ৰাজধানী কঁপোৱা কৃষকৰ ঐক্যবদ্ধ প্ৰতিবাদৰ পিছতে চৰকাৰে বাতিল কৰিছিল কৃষকক ডিঙি চেপা দিয়া তিনি ক’লা আইন। এইবাৰ ৰাজপথত কৃষক নহয়, এইবাৰ ৰাজপথত আন্দোলন চালকৰ। ইতিমধ্যেই ট্ৰাক, টেংকাৰ, টেক্সি চালকৰ গণ আন্দোলনে কঁপাইছে সমগ্ৰ দেশ। আজি আন্দোলনৰ চতুৰ্থ দিন। কিন্তু কৃষকৰ প্ৰতিবাদত সেও মানি তিনি ক’লা আইন প্ৰত্যাহাৰ কৰা মোদী চৰকাৰ এইবাৰো হ’বনে দেশৰ চালিকাশক্তি চালকৰ ওচৰত নতশিৰ? দেশৰ কোটি কোটি জনতাৰ মনত উত্থাপন হোৱা এই প্ৰশ্নৰ উত্তৰ অতি শীঘ্ৰেই লাভ হ’ব বুলি আশাবাদী সকলো।

ভাৰতীয় ন্যায় সংহিতাত মোদী চৰকাৰে কৰা সংশোধনেই সূচনা কৰিছে এই বিক্ষোভৰ। এই আইন সংশোধনৰ জৰিয়তে হিট এণ্ড ৰান গোচৰত চালকৰ শাস্তি ১০ বছৰলৈ বৃদ্ধি কৰাৰ লগতে ৭ লাখ টকা জৰিমণাৰ বিধান প্ৰৱৰ্তন কৰা হৈছে। কিন্তু চৰকাৰৰ এই নতুন আইন মানি ল’ব পৰা নাই দেশৰ লাখ লাখ চালকে। যাৰ বাবে এতিয়া এই আইন বাতিলৰ দাবীত ৰাজপথত নামিছে প্ৰায় প্ৰতিখন ৰাজ্যৰে ট্ৰাক, বাছ, টেক্সি, টেংকাৰ আদি চালকসকল। 

কেন্দ্ৰীয় চৰকাৰৰ মতে, দেশৰ ৰাজপথত সংঘটিত দুৰ্ঘটনা প্ৰতিৰোধৰ বাবেই প্ৰৱৰ্তন কৰা হৈছে এই আইন। কিন্তু চৰকাৰৰ এই যুক্তিত সৈমান নহয় চালকসকল। চালকৰ মতে দুৰ্ঘটনা কোনোৱে কৰো বুলি নকৰে, দুৰ্ঘটনা হৈ যায়। এনে ক্ষেত্ৰত দুৰ্ঘটনাৰ বাবে চালকৰ শাস্তি ১০ বছৰ যথেষ্ট বেছি। তদুপৰি মাহত ২০-২৫ হাজাৰ টকা উপাৰ্জন কৰা এজন চালকে ৭ লাখ টকা জৰিমনা ভৰিবই বা ক’ৰ পৰা?

‘কি ঔকাত এজন চালকৰ?’

ভাৰতৰ দৰে এখন দেশত চালকৰ বৃত্তিটোৱেই বহুতৰ দৃষ্টিত এটা হীন বৃত্তি। চালকৰ কোনো সন্মান নাথাকে, চালকৰ কোনো মৰ্যাদা নাথাকে। তথাকথিত আধুনিক সমাজত চালকক ‘আপুনি’ বুলি সম্বোধন কৰিবলৈও টান পায় অনেকে। এনে পৰিস্থিতিত এজন চালকৰ ঔকাত কি?

চালকৰ আন্দোলনক লৈ সমগ্ৰ দেশ উত্তাল হোৱাৰ সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এটা ২৮ ছেকেণ্ডৰ ভিডিঅ’ ক্লিপ। ভিডিঅ’ ক্লিপটো আছিল ট্ৰাক চালক আৰু জিলা কালেক্টৰৰ মাজৰ আলোচনাৰ সময়ৰ। য’ত কালেক্টৰগৰাকীয়ে উচ্চস্বৰত ট্ৰাক ড্ৰাইভাৰজনক প্ৰশ্ন কৰিছিল- ‘তোমাৰ কি ঔকাত?’ (তুম্হাৰী ঔকাত ক্যা হ্যে?)। ঘটনাটো ঘটিছিল মধ্যপ্ৰদেশত।

দৰাচলতে কেন্দ্ৰীয় চৰকাৰে পথ দুৰ্ঘটনাক লৈ প্ৰৱৰ্তন কৰা নতুন আইনক লৈ অব্যাহত থকা বিক্ষোভৰ মাজতে মধ্যপ্ৰদেশৰ শ্বাহজাহাপুৰ জিলা কালেক্টৰ কিশোৰ কন্যালৰ সৈতে আলোচনাৰ বাবে গৈছিল ট্ৰাক চালকৰ এটা দল। সেই আলোচনাৰ মাজতে হঠাত্ ক্ষু্ব্ধ হৈ পৰে কালেক্টৰ কিশোৰ কন্যাল।

ট্ৰাক চালক পপ্পু আহিৰৱাৰে কালেক্টৰৰ আগত কৈ গৈছিল ট্ৰাক চালকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ কথা। কিদৰে একাংশ আৰক্ষী আৰু চৰকাৰী বিষয়াই ট্ৰাক চালকক হাৰাশাস্তি কৰে, কিদৰে একাংশ গ্ৰাহকে চোৰ বুলিও আখ্যা দিয়ে, কিদৰে সৰু ঘটনা এটা ঘটিলেও চালকসকলকে দোষাৰোপ কৰা হয়... এইবোৰ কথা কালেক্টৰৰ আগত কৈ সমাধানৰ আশা কৰিছিল পপ্পুৱে। কিন্তু তেওঁৰ কথাৰ মাজতে হঠাত্ ক্ষুণ্ণ হৈ পৰা কালেক্টৰে চিঞৰি ওলোটাই প্ৰশ্ন কৰে- তোমাৰ ঔকাত কি?

ট্ৰাক ড্ৰাইভাৰ পপ্পু আহিৰৱাৰে কয়, “আমাৰ কোনো ঔকাত নাই। সেয়াই আমাৰ সমস্যা। কালেক্টৰ চাহাবৰ কথা আমি মন দি শুনিছিলো, আৰু তাৰ পিছত মই মোৰ মত ৰাখিছিলো। কিন্তু কিয় জানো হঠাত্ তেওঁ ইমান খং কৰিলে! আমাৰ সংগ্ৰামেই আচলতে এইকাৰণে যে আমাৰ কোনো ঔকাত নাই।”

ইফালে এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে কালেক্টৰ কিশোৰ কন্যালক পদৰ পৰা অপসাৰণ কৰে। এই সন্দৰ্ভত তেওঁ কয়, "মোৰ দৃষ্টিগোচৰ হৈছে যে ট্ৰাক চালক আৰু জিলা প্ৰশাসনৰ মাজত হোৱা বৈঠকত চৰকাৰী বিষয়াগৰাকীয়ে ব্যৱহাৰ কৰা ভাষা উপযুক্ত নাছিল।" মুখ্যমন্ত্ৰীয়ে লগতে কয়, "এজন বিষয়া যিমানেই ডাঙৰ নহওক কিয়, তেওঁ দুখীয়াৰ কামৰ লগতে তেওঁলোকৰ অনুভৱকো সন্মান কৰিব লাগে। এজন মানুহ হিচাপে এই ভাষা আমাৰ চৰকাৰত সহ্য কৰা নহ'ব।"

দেশজুৰি বিক্ষোভ, অচল বাণিজ্যিক পৰিবহণ

নতুন আইনখন এতিয়াও কাৰ্যকৰী হোৱা নাই যদিও চালকসকলৰ মাজত এই আইনখনক যথেষ্ট শংকাই বিৰাজ কৰিছে। চালকসকলৰ মতে নতুন আইনখন কাৰ্যকৰী হোৱাৰ পিছত তেওঁলোকৰ বাবে গাড়ী চলোৱাটো কঠিন হৈ পৰিব। কিয়নো এজন চালকৰ বাবে দহ বছৰৰ কাৰাদণ্ড আৰু সাত লাখ টকাৰ জৰিমনা যথেষ্ট কঠোৰ সিদ্ধান্ত।

ভূপালৰ উপকণ্ঠ অঞ্চলত ধৰ্মঘট কৰা টেংকাৰ চালকসকলে এই আইনখনৰ বিৰোধিতা কৰি কয় যে তেওঁলোকে ইমান গধুৰ জৰিমনা ভৰিব পৰাকৈ দৰমহাই লাভ নকৰে। তদুপৰি নতুন আইনখনৰ পৰা তীব্ৰ হাৰাশাস্তিৰ সন্মুখীন হ’ব লাগিব বুলিও আশংকা ব্যক্ত কৰে তেওঁলোকে। এনে পৰিপ্ৰেক্ষিততে নতুন আইনখনৰ বিৰুদ্ধে ট্ৰাক, টেক্সি আৰু বাছ চালকসকলৰ ক্ষোভে ৰাজপথত হুংকাৰ তুলিছে। দেশজুৰি পথ অৱৰোধ কৰি ৰাখিছে ট্ৰাক আৰু বাছ চালকে। যাৰ বাবে দেশৰ বহু গুৰুত্বপূৰ্ণ ঘাইপথত এতিয়া পৰিলক্ষিত হৈছে ৰখাই থোৱা ট্ৰাকৰ দীঘলীয়া শাৰী। মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, গুজৰাট, হাৰিয়ানা, পঞ্জাৱ, উত্তৰ প্ৰদেশ, অসম, হিমাচল প্ৰদেশ, ৰাজস্থান, বিহাৰকে ধৰি দেশৰ প্ৰায় সকলো ৰাজ্যতে এই ধৰ্মঘটৰ প্ৰভাৱ দেখা গৈছে।

ইফালে ট্ৰাক-টেংকাৰ চালকসকলৰ ধৰ্মঘটৰ প্ৰভাৱ পৰিব বজাৰতো। এই ধৰ্মঘট অব্যাহত থাকিলে পেট্ৰ’ল-ডিজেল, ফলমূল, শাক-পাচলি আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত বৃহৎ ব্যাঘাত জন্মিব বুলি আশংকা ব্যক্ত কৰিছে বিভিন্ন সংগঠনে। পৰিবহণকাৰীৰ আটাইতকৈ পুৰণি সংগঠন অল ইণ্ডিয়া মটৰ ট্ৰেন্সপ’ৰ্ট কংগ্ৰেছৰ তথ্য অনুসৰি দেশৰ ৩৫ শতাংশ গধুৰ বাহন পেট্ৰ’ল আৰু এল পি জি আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণৰ কামত নিয়োজিত। সংগঠনটোৱে কয় যে মাত্ৰ এদিনৰ ধৰ্মঘটৰ ফলত কেৱল মুম্বাই মহানগৰীতে ১২০ৰ পৰা ১৫০ কোটি টকাৰ লোকচান হ’ব পাৰে।

বৃদ্ধি পাব শাক-পাচলি, ফল-মূলৰ দাম!

চালকৰ ধৰ্মঘটৰ বাবে এতিয়া তেল বিচাৰি পেট্ৰ’ল পাম্পত দেখা গৈছে দীঘলীয়া শাৰী। মুম্বাই অঞ্চলৰ বহু পেট্ৰ’ল পাম্পৰ পেট্ৰ’ল আৰু ডিজেল শেষ হৈ গৈছে। দেশৰ বহু ৰাজ্যৰ পেট্ৰ’ল পাম্পত মানুহৰ দীঘলীয়া শাৰী দেখা গৈছে। ইফালে চালক সকলে যদি কৰ্মলৈ উভতি নাহে, তেন্তে দুই এদিনতে প্ৰায় প্ৰতিখন ৰাজ্যৰ বজাৰতে শাক-পাচলি আৰু ফল-মূলৰ দাম বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। অৱশ্যে বজাৰৰ সুচলাৱস্থা বৰ্তাই ৰাখিবলৈ একাধিক ৰাজ্যৰ স্থানীয় প্ৰশাসনে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অব্যাহত ৰখাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। 

অন্যহাতে এই ধৰ্মঘটে অচলাৱস্থা নমাই আনিছে সাধাৰণ লোকৰ জীৱনলৈও। মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আদি ৰাজ্যত যাত্ৰীবাহী বাহনৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হৈছে সাধাৰণ যাত্ৰীয়ে। ওলা, উবেৰ আদি কেৱ সেৱাও বন্ধ হৈ পৰাত তীব্ৰ অসুবিধাৰ সৃষ্টি হৈছে যাতায়তত।  মধ্যপ্ৰদেশ পৰিবহণ সংঘই দাবী কৰিছে যে সোমবাৰে প্ৰায় দহ হাজাৰ ব্যক্তিগত বাছ, ট্ৰাক আৰু টেক্সি ৰাজপথত নমা নাছিল। ইফালে চালকৰ ধৰ্মঘটে প্ৰভাৱ পেলাইছে হিমাচল প্ৰদেশৰ পৰ্যটনতো। শিমলাকে ধৰি ৰাজ্যখনৰ বহু পৰ্যটনস্থলীৰ হোটেল বুকিং এইবাৰ অনাহূতভাৱে হ্ৰাস পাইছে। 

‘৭ লাখ টকা জৰিমণা ভৰিবলৈ থাকিলে মই কিয় গাড়ী চলাম?’

‘মোৰ লগত যদি জৰিমনা ভৰিবলৈ ৭ লাখ টকা থাকেই, তেন্তে মই কি কাৰণত গাড়ী চলাম? সেই টকাৰে মই বেপাৰ কৰিব পাৰিম বা একো নকৰিলেও জীৱনটো আৰামত শুই- বহি কটাব পাৰিম।’ – এই ভাষ্য ভূপালৰ এগৰাকী টেংকাৰ চালকৰ। চৰকাৰে প্ৰৱৰ্তন কৰা আইনৰ বিৰুদ্ধে নতুন বছৰৰ পহিলা দিনটোৰে পৰা ধৰ্মঘট পালন কৰিছে তেওঁৱো। টেংকাৰ চালকগৰাকীয়ে কয় যে তেওঁ টেংকাৰ চলাই মাহিলী ১০-১২ হাজাৰ টকাহে উপাৰ্জন কৰে। 

আন একাংশ চালকে কয় যে তেওঁলোকৰ মাহিলী দৰমহা ১০ হাজাৰ টকাও নহয়। এনে পৰিপ্ৰেক্ষিতত যদি তেওঁলোকক ১০ বছৰৰ বাবে জেলত ভৰাই থোৱা হয়, তেন্তে পৰিয়ালটো লঘোনে মৰিব লাগিব বুলিও মন্তব্য কৰে চালকসকলে। 

চালকসকলে কয় যে আৰক্ষী আৰু চৰকাৰী বিভাগে কয় যে দুৰ্ঘটনাৰ পিছত চালকসকলে পলাই যায়। ফোন কৰি খবৰ নিদিয়ে। চালকসকলে কয় যে যদি তেওঁলোকে ৰৈ যায় তেন্তে তেওঁলোকক গণ প্ৰহাৰৰ পৰা কোনে ৰক্ষা কৰিব।

অল ইণ্ডিয়া মটৰ ট্ৰেন্সপ’ৰ্ট কংগ্ৰেছ (উত্তৰ মণ্ডল)ৰ উপ-সভাপতি জছপাল সিঙে কয়, “কোনোৱেই ইচ্ছাকৃতভাৱে দুৰ্ঘটনা সংঘটিত নকৰে। চৰকাৰী বিভাগে কয় যে দুৰ্ঘটনা হ’লে চালকে ফোন নকৰে। কিন্তু আমি নাভাবো যে তেওঁ ফোন নকৰে। কাৰণ ৰাস্তাত ইমানবোৰ কেমেৰা আৰু টোল পইণ্ট আছে, কিয় তেওঁলোকৰ সহায় লোৱা নহয়?”

'কৃষকৰ আইনৰ দৰে পলম নকৰিব'!

জছপাল সিঙে কয়, “ভাৰতত চালকক সঘনাই আক্ৰমণ কৰা হয়। আঘাত পোৱা ব্যক্তিজনৰ প্ৰতি মানুহে কোনো গুৰুত্ব নিদিয়ে। ড্ৰাইভাৰক মাৰপিট কৰিবলৈ আৰম্ভ কৰে। বহুবাৰ চালকক মাৰপিট কৰি হত্যা কৰা হৈছে। তেওঁলোকৰ সামগ্ৰীৰ সৈতে জীৱন্তে জ্বলাই দিয়া হয়। কিন্তু এই কাম কৰাসকলৰ বিৰুদ্ধে কোনো গোচৰ নাই। এনে পৰিস্থিতিত চালকৰ নিৰাপত্তাহীনতা আৰু বৃদ্ধি পায়।"

পৰিবহণকাৰী সংগঠনসমূহে এতিয়াও আনুষ্ঠানিকভাৱে ধৰ্মঘটৰ আহ্বান জনোৱা নাই। সম্প্ৰতি বিভিন্ন চালক আৰু পৰিবহণ সংস্থাই অনানুষ্ঠানিকভাৱে এই ধৰ্মঘট অব্যাহত ৰাখিছে। অল ইণ্ডিয়া মটৰ ট্ৰেন্সপ’ৰ্ট কংগ্ৰেছৰ জছপাল সিঙে কয় “এই আইনখন চিন্তা নকৰাকৈ আৰু পৰিবহণকাৰীৰ সন্মতি অবিহনে অনা হৈছিল। যিসকল লোকৰ ওপৰত এই আইন কাৰ্যকৰী হ’ব তেওঁলোকৰ মতামতও সোধা হোৱা নাছিল।"

"আমি জানো যে প্ৰকৃত পৰিস্থিতি কি। আমাক কোৱা হ'লে আমি পৰামৰ্শ দিলোঁহেঁতেন যে কেনেকৈ আইন আনিব লাগে যাতে চালকসকলে ভয় নকৰে আৰু যাত্ৰীসকলেও পথত নিৰাপদে চলাচল কৰিব পাৰে। কিন্তু যদিহে সিদ্ধান্ত একপক্ষীয়ভাৱে কাৰ্যকৰী কৰা হয়, তেন্তে এই ধৰণৰ সমস্যা নিশ্চিতভাৱে উদ্ভৱ হ'ব।'' জছপাল সিঙে লগতে কয়। তেওঁ সংযোগ কৰে, "বিদেশত চালকৰ জীৱন ধাৰণৰ মানদণ্ড যথেষ্ট ভাল। ভাৰতত ইতিমধ্যে চালকসকল হতাশ হৈ পৰিছে। এনে পৰিস্থিতিত এই ভয়ংকৰ আইনসমূহ আনিলে তেওঁলোকে নিজৰ কাম কেনেকৈ কৰিব?"

নতুন আৰু পুৰণি আইনৰ মাজত পাৰ্থক্য কি?

পথ দুৰ্ঘটনা আৰু গাফিলতিৰে গাড়ী চলোৱাৰ ফলত হোৱা মৃত্যু যেনে হিট এণ্ড ৰান গোচৰবোৰ গাফিলতিত হত্যাৰ আইনৰ অধীনত আহে। আই পি চি আইন সলনি হোৱাৰ পিছত অহা ভাৰতীয় ন্যায়িক সংহিতাত এই সন্দৰ্ভত দুটা বিধান আছে। ধাৰা ১০৪ৰ দুটা বিধানত কোৱা হৈছে যে গাফিলতিৰে গাড়ী চলোৱাৰ ফলত মৃত্যুৰ কাৰণ হ’লে সাত বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে।

দ্বিতীয়টো বিধানত উল্লেখ আছে যে অসাৱধানতাৰে গাড়ী চলোৱাৰ বাবে দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰা বা দুৰ্ঘটনাৰ পিছত আৰক্ষী বিষয়া বা দণ্ডাধীশক অৱগত নকৰাৰ বাবে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ৭ লাখ টকা জৰিমনা বিহা হব পাৰে। কিন্তু বৰ্তমানৰ আইন অনুসৰি হিট এণ্ড ৰাণ গোচৰত দুবছৰ কাৰাদণ্ডৰ ব্যৱস্থা আছে। অৱশ্যে এনে ক্ষেত্ৰত চালকসকলে জামিন লাভ কৰে।

অসমতো আন্দোলনৰ প্ৰভাৱ, ৫ জানুৱাৰীৰ পৰা স্তব্ধ হৈ পৰিব ৰাজপথ

কেন্দ্ৰীয় চৰকাৰৰ একনায়কত্ববাদী চৰিত্ৰৰ বিৰুদ্ধে সমগ্ৰ দেশত চালকসকলে কৰা আন্দোলনৰ প্ৰভাৱ ৫ জানুৱাৰীৰ পৰা অসমতো পৰিব৷ কিয়নো ৫ আৰু ৬ জানুৱাৰীত অসমৰ বাণিজ্যিক বাহনৰ চালকে চ’কা বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে৷ ৫ জানুৱাৰীৰ পুৱা ৫ বজাৰ পৰা ঘোষণা কৰা চ’কা বন্ধ কাৰ্যসূচীৰ সময়ত ৰাজ্যৰ বাণিজ্যিক বাহনৰ চালকে পথৰ দাঁতিত গাড়ী থিয় কৰাই ৰাখিব নতুবা চাবি মালিকক গতাই দি গাড়ী নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ 

এই বন্ধ যদি কোনো কাৰণত প্ৰত্যাহাৰ কৰা নহয় তেন্তে ৫ জানুৱাৰীৰ পুৱা ৫ বজাৰ পৰা ৯৯ শতাংশ বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব বুলি আশংকা কৰা হৈছে৷  আৰু তাৰ ফলত সমগ্ৰ অসমত ৰন্ধন গেছ, পেট্ৰল-ডিজেলৰ ব্যাপক নাটনি হোৱাৰ লগতে খাদ্য-সামগ্ৰীৰ ব্যাপক নাটনি হ’ব পাৰে৷ দুগ্ধ, ঔষধ, মেডিকেলত ব্যৱহৃত অক্সিজেন আদিৰ নাটনি হ’ব পাৰে৷ ইতিমধ্যে ৪ জানুৱাৰীৰ আবেলিৰ পৰা বিভিন্ন তেল ডিপোত বাহনৰ দীঘলীয়া শাৰী দেখা যায়৷ দুদিন ধৰি তেলৰ সৰবৰাহ বন্ধ হ’লে পৰৱৰ্তী তিনিদিন তেলৰ নাটনি হ’ব পাৰে৷ 

ইপিনে এই বন্ধৰ ফলত দিবা-নৈশ বাছসমূহো বন্ধ থাকিব৷ দিবা-নৈশ বাছত যাত্ৰা কৰা দূৰণিবটীয়া যাত্ৰীসকলে আহুকাল ভূগিব পাৰে৷ আনহাতে বাছ যোগে প্ৰতিদিনে চাকৰি তথা অন্যান্য কৰ্মলৈ আহ-যাহ কৰা লোকসকলেও বিপদত পৰিব৷ অসমৰ কিছু প্ৰান্তত খাদ্য-সামগ্ৰীৰ অভাৱ হ’ব পাৰে৷ গুৱাহাটী মহানগৰীতো এই বন্ধৰ ভয়াবহ প্ৰভাৱ পৰিব৷ গুৱাহাটী মহানগৰীত ওলা-উবেৰ, ব্যক্তিগত চিটিবাছো বন্ধ থাকিব৷ বাণিজ্যিক ট্ৰাকসমূহ বন্ধ থকাৰ ফলত বিভিন্ন সেৱা ব্যাহত হ’ব৷ ৰাজধানী গুৱাহাটীত ঔষধ, মেডিকেলত ব্যৱহৃত অক্সিজেন অত্যাধিক প্ৰযোজন৷ এই ক্ষেত্ৰতো প্ৰভাৱ পৰিব পাৰে৷ পৰ্যটকসকলক কঢ়িওৱা ব্যক্তিগত বাহনসমূহো বন্ধ থাকিব৷ ওলা-উবেৰ, ব্যক্তিগত চিটিবাছ বন্ধ হৈ পৰাৰ ফলত বিমান বন্দৰলৈ যাত্ৰা কৰা যাত্ৰীসকলে বিশেষ অসুবিধাত পৰিব৷ গুৱাহাটীত অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হোৱাটো খাতাং হৈ পৰিছে৷ 

ইপিনে গুৱাহাটীত খাদ্য-সামগ্ৰীৰো নাটনী হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷ বিগত কেইবাদিন ধৰি কেইবা লোখ চালকৰ জংগী আন্দোলনৰ ফলত সমগ্ৰ দেশত অচলাৱস্থাই বিৰাজ কৰিছে৷ চালকৰ আন্দোলনৰ ফলত বিভিন্ন প্ৰান্তত খাদ্য-সামগ্ৰীৰ তীব্ৰ নাটনীয়ে দেখা দিছে।

অসম মটৰ শ্ৰমিক সংঠনৰ যৌথ মঞ্চ মটৰ শ্ৰমিক যৌথ মঞ্চই আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি কয় ‘কেন্দ্ৰীয় চৰকাৰৰ নতুন আইনে আমাৰ ভৱিষ্যত ধ্বসং কৰিব৷এই আইন বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ কৰি যাম৷ বন্ধৰ প্ৰতি অসমৰ প্ৰতিটো মটৰ মালিকৰ সংগঠন আৰু চালকৰ সংগঠনৰ সহযোগিতা কামনা কৰিছো৷’

 ইফালে এই বন্ধক পূৰ্ণ সমৰ্থন জনাইছে চেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেৰ্টছ ইউনিয়নে৷ ইউনিয়নৰ সভাপতি যাদৱ কুমাৰ ইংতি আৰু সাধাৰণ সম্পাদক ইছমাইল আলীয়ে কয়, “আমি পৰ্যটকক উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণত যি সেৱা আগবঢ়াই আছিলো সেই সেৱা আজিৰে পৰা বন্ধ কৰিছো৷ গুৱাহাটী বিমান বন্দৰৰ পৰা যিসমূহ গাড়ীয়ে পৰ্যটকক অনা-নিয়া কৰে সকলো গাড়ীৰ চালকে সেৱা বন্ধ ৰাখিব৷” কেৱল বাণিজ্যিক বাহনৰ চালক-মালিকে নহয় ব্যক্তিগত বাহনৰ চালক আৰু মালিকক এই বন্ধক সফল কৰিবলৈ আহ্বান জনাইছে চেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেৰ্টছ ইউনিয়নৰ সাধাৰণ সম্পাদক ইছমাইল আলীয়ে৷ 

আনহাতে, আজি অসমৰ কেইবাঠাইত প্ৰতিবাদ আৰম্ভ কৰা দেখা গৈছে৷ আজি ধেমাজিৰ গোগামুখত মটৰ চালক সন্থাই তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰি অনিৰ্দিষ্ট কাললৈ বে-চৰকাৰী বাহনৰ চলাচল বন্ধ ঘোষণা কৰিছে৷ ফলত যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে৷ কেন্দ্ৰীয় চৰকাৰে মটৰ চালকৰ ওপৰত জাপি দিয়া কঠোৰ আইনৰ বিৰোধিতা কৰি গোগামুখত মটৰ চালক সন্থাই প্ৰতিবাদ কৰি যোৱাৰ হুংকাৰ প্ৰদান কৰি কয় ‘১০ লাখ টকাৰ জৰিমণা, ৭ বছৰ কাৰাবাসৰ দৰে আইন কেতিয়াও মানি লোৱা নহ’ব৷”

চৰকাৰে নতুন বছৰটোত দেশৰ লাখ লাখ চালকৰ ভৱিষ্যত অন্ধকাৰলৈ নমাই আনিছে বুলি অভিযোগ আনি গোগামুখত ডেৰ শতাধিক চালকে মালিকপক্ষক গাড়ীৰ চাবি গতাই দিয়ে। লাইচেন্সসমূহো পৰিবহণ বিভাগক জমা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। চৰকাৰে এই আইন বাতিল নকৰা পৰ্যন্ত ধেমাজি জিলাৰ প্ৰায় ১২০০ চালকে বে-চৰকাৰী বাহন নচলোৱাৰ ঘোষণা কৰে। 

নতশিৰ গৃহ সচিব, কিন্তু মানিবলৈ অস্বীকাৰ আন্দোলনকাৰী চালকৰ

নতুন বছৰৰ পহিলা দিনটোৰ পৰাই দেশ কঁপাই তোলা চালকৰ প্ৰতিবাদৰ পিছতে যেন আংশিকভাৱে নিজৰ স্থিতি সলনি কৰিবলৈ বাধ্য হৈছে মোদী চৰকাৰে। ‘হিট এণ্ড ৰান’ গোচৰত নতুন জৰিমনা ব্যৱস্থাৰ বিৰুদ্ধে ট্ৰাক চালকসকলে দেশজুৰি প্ৰতিবাদ কৰাৰ ফলত কেইবাখনো ৰাজ্যত ইন্ধন আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হয়৷ তাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে স্থিতি নমনীয় কৰি আলোচনাত বহিবলৈ বাধ্য হয়৷ কেন্দ্ৰীয় চৰকাৰে সৰ্বভাৰতীয় মটৰ পৰিবহন কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক মাতি নি এই আইন এতিয়াও কাৰ্যকৰী কৰা হোৱা নাই বুলি দাবী কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে কয় যে এই আইন এতিয়ালৈ কাৰ্যকৰী হোৱা নাই৷ মটৰ পৰিবহন সংগঠনৰ সৈতে আলোচনা কৰাৰ অন্ততহে এই আইন কাৰ্যকৰী কৰিব বুলি উল্লেখ কৰি চালকসকলক আন্দোলন পৰিহাৰ কৰিবলৈ আহ্বান জনায় গৃহ বিভাগে৷ 

জানিব পৰা মতে, গৃহ সচিব অজয় কুমাৰ ভল্লাৰ সৈতে সৰ্বভাৰতীয় মটৰ পৰিবহন কংগ্ৰেছে বৈঠকত মিলিত হয়৷ বৈঠকৰ আশ্বাস লাভ কৰি সৰ্বভাৰতীয় মটৰ পৰিবহন কংগ্ৰেছৰ সদস্য অমৰিক সিঙে কয় যে ইউনিয়নৰ দ্বাৰা ধৰ্মঘটৰ কোনো আহ্বান কৰা হোৱা নাই। চালকসকলে নতুন ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। বৈঠকৰ পিছত বিষয়টো সমাধান কৰা হৈছে। সমগ্ৰ দেশৰ পৰিবহনকাৰী সংগঠনবোৰে নতুন সংহিতাৰ ব্যৱস্থাৰ বিৰুদ্ধে যোৱা দুদিন ধৰি প্ৰতিবাদ কৰি আহিছে৷ নতুন সংহিতাত কোৱা হৈছে যে যদি চালক এজনে অৱহেলাপূৰ্ণভাবে গাড়ী চলোৱাৰ ফলত কোনো লোকৰ মৃত্যু হয় আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰে তেন্তে চালকক ১০ বছৰ কাৰাবাস বা ৭ লাখ টকাৰ জৰিমনা লৈকে কাৰাদণ্ড দিয়া হ’ব। পূৰ্বে ভাৰতীয় দণ্ডবিধিত (আইপিচি) হিট-এণ্ড-ৰাণ গোচৰৰ কোনো নিৰ্দিষ্ট কাৰাদণ্ডৰ ব্যৱস্থা নাছিল আৰু মৃত্যুৰ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল৷ যাৰ বাবে সৰ্বাধিক দুবছৰৰ কাৰাদণ্ড ব্যৱস্থা আছিল। 

বৈঠকৰ পাছতে সৰ্বভাৰতীয় মটৰ পৰিবহন কংগ্ৰেছৰ প্ৰতিনিধিসকলে বিভিন্ন ৰাজ্যৰ আন্দোলনকাৰীসকলক আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়৷ গৃহ সচিব অজয় কুমাৰ ভল্লাই সাংবাদিকক কয় ‘আমি বিএনএছ ১০৬(২)ত ১০ বছৰৰ শাস্তি আৰু জৰিমনা বিহা সম্পৰ্কে চালকসকলৰ মাজত থকা আশংকাক লৈ বিবেচনা কৰিছো৷ সৰ্বভাৰতীয় মটৰ পৰিবহন কংগ্ৰেছৰ প্ৰতিনিধিসকলৰ সৈতে বিষয়টো বিতংভাৱে আলোচনা কৰিছো। চৰকাৰে ক’ব বিচাৰে যে এই নতুন ব্যৱস্থা আৰু আইনসমূহ এতিয়াও কাৰ্যকৰী কৰা হোৱা নাই। বিএনএছ ১০৬(২) ৰূপায়ণ সম্পৰ্কীয় সিদ্ধান্ত সৰ্বভাৰতীয় মটৰ পৰিবহন কংগ্ৰেছৰ সৈতে আলোচনাৰ পিছতহে লোৱা হ’ব। আমি সৰ্বভাৰতীয় মটৰ পৰিবহন কংগ্ৰেছ আৰু সকলো চালকক কামলৈ উভতি যাবলৈ অনুৰোধ জনাইছো।” 

সৰ্বভাৰতীয় মটৰ পৰিবহন কংগ্ৰেছৰ সদস্য বাল মালকিত সিঙে কয় যে যিসকলে সুৰাপান কৰে আৰু গাড়ী চলায় বা যিসকলে খৰখেদাকৈ গাড়ী চলায় তেওঁলোকৰ সৈতে নম্ৰতাৰে মোকাবিলা কৰা উচিত বুলি আমি দাবী কৰা নাই। কিন্তু এনে বহু ঘটনা ঘটে য'ত চালকসকলে কোনো দোষ নোহোৱাকৈ দুৰ্ঘটনাৰ সময়ত ভুক্তভোগী হয়৷ মানুহৰ ভিৰে তেওঁলোকক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। কেতিয়াবা জনতাই আনকি বাহন জ্বলাই দিয়ে আৰু চালকসকলে জীৱন ৰক্ষা কৰিবলৈ দৌৰি পলাবলগীয়া হয় বুলিও কয় বাল মালকিত সিঙে৷ 

বাল মালকিত সিঙে আৰু কয় যে এখন ট্ৰাকৰ মূল্য ৫০ লাখ টকা৷ কিন্তু ই প্ৰায়ে কোটি টকাৰ সামগ্ৰী কঢ়িয়াই আনে৷ কোনো চালকে মূৰ্খৰ দৰে কাৰ্গো এৰি যাব বিচৰিব নেকি? চালকসকলে জানে যে দুৰ্ঘটনাৰ পাছত তেওঁলোকক বিচাৰি উলিয়াব পাৰি৷ বেছিভাগ সময়ত চালকসকলে ঘূৰি গৈ নিজেই আত্মসমৰ্পণ কৰে। চৰকাৰৰ এই সিদ্ধান্তৰ দ্বাৰা এটা কথা প্ৰমাণ হ’ল যে পূৰ্বৰ কৃষি আইনৰ দৰে এইখন আইনো চৰকাৰে নিজ ইচ্ছা মতে তৈয়াৰ কৰিছে৷ কোনো পক্ষৰ সৈতে বিচাৰ-বিবেচনা কৰা নাছিল৷ পূৰ্বে তিনি ক’লা কৃষি আইনো তেনেদেৰ সদনত গৃহীত কৰিছিল৷ কিন্তু কৃষকে দেশজুৰি বিশেষকৈ দিল্লী, হাৰিয়ানা, পঞ্জাৱত ১৮ মাহ প্ৰতিবাদ কৰাৰ অন্তত কেন্দ্ৰীয় চৰকাৰে এই আইন বাতিল কৰাৰ ঘোষণা কৰে৷ মুঠতে চৰকাৰে ঐক্যবদ্ধ আন্দোলনক ভয় কৰি নমস্কাৰ কৰিবলৈ বাধ্য হয়৷

ইফালে গৃহ সচিবে প্ৰদান কৰা আশ্বাসত ভোল যাব বিচৰা নাই দেশৰ অধিকাংশ চালকেই। সদনত গৃহীত কৰা  আৰু ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰা এখন আইন গৃহ সচিবে প্ৰত্যাহাৰ কেনেকৈ কৰিব পাৰে বুলি উভতি ধৰিছে একাংশ চালকে। যদি আইনখন কাৰ্যকৰী হোৱাই নাই, তেন্তে এই কথা প্ৰধানমন্ত্ৰীয়ে নিজেই কওক বুলিও দাবী কৰিছে অনেকে। অন্যহাতে গৃহ সচিবৰ সৈতে বৈঠকৰ অন্তত সৰ্বভাৰতীয় মটৰ পৰিবহন কংগ্ৰেছৰ প্ৰতিনিধি দলে বিভিন্ন ৰাজ্যৰ আন্দোলনকাৰী সকলক আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ জনোৱা আহ্বানো মানি ল’বলৈ অস্বীকাৰ কৰিছে বিভিন্ন ৰাজ্যৰ চালক সংস্থাসমূহে। তেওঁলোকৰ মতে, যেতিয়ালৈকে এই আইন সম্পূৰ্ণৰূপে বাতিল কৰা নহয় আৰু বাতিল কৰা বুলি প্ৰধামন্ত্ৰীয়ে নিজে প্ৰকাশ নকৰে, তেতিয়ালৈকে আন্দোলন অব্যাহত থাকিব।