প্ৰতীক ফটো
প্ৰতীক ফটো

নগাঁওঃ নগাঁৱৰ জাজৰি থানাৰ অন্তৰ্গত চকলাঘাটত দুই সুৰামত্ত যুৱকৰ আক্ৰমণত আহত হয় ৩জনকৈ লোক। সুৰামত্ত যুৱকদ্বয়ে বাহঁৰ লাঠিৰে মৰিয়াই গুৰুতৰভাৱে আহত কৰে মুক-বধিৰ মহিলাসহ তিনিজনকৈ লোকক।

জানিব পৰা মতে, চকলাঘাটৰ খাটোৱালগাঁৱৰ মৃদুল বৰা নামৰ ব্যক্তিজনৰ দুই পুত্ৰ পল্লৱজ্যোতি বৰা আৰু যদু বৰাৰ সৈতে প্ৰতিবেশী বীৰেণ বৰাৰ পুত্ৰ ৰিতু বৰাৰ ব’হাগ বিহুৰ দিনা সন্ধ্যা কোনো কথাক লৈ তৰ্কাতৰ্কি লাগে যদিও সেয়া সন্ধ্যাই অন্ত পৰে৷

কিন্তু সেইদিনা নিশাই প্ৰায় ১২ বজাত দুই ভাতৃ পল্লব আৰু যদু সম্পূৰ্ণ সুৰাৰ ৰাগীত মতলীয়া হৈ ৰিতুক বিচাৰি তাৰ ঘৰলৈ আহি চোতালৰ পৰাই তাৰ নাম ধৰি মতাৰ লগতে অশ্লীল ভাষাৰে চিঞৰ-বাখৰ কৰি তাণ্ডবৰ সৃষ্টি কৰে৷ এনে অৱস্থাত টোপনিৰ পৰা সাৰ পাই ৰিতুৰ পৰিয়ালৰ লোক চোতাললৈ ওলাই আহি দুই সুৰাসক্ত ভাতৃক 'ইমান ৰাতি কিয় হুলস্থুল কৰিছ ? কি হৈছে ?' বুলি প্ৰশ্ন কৰি দুয়োকে শান্ত হ’বলৈ দি বুজাবলৈ চেষ্টা কৰে।

তেনে বুজনিত তিলমানো কেৰেপ নকৰি দুই মাতাল ভাতৃয়ে পূৰ্বতকৈ অধিক তৰ্জন-গৰ্জনহে কৰাৰ লগতে ওচৰতে থকা বাঁহৰ লাঠিৰে বীৰেণ বৰাৰ লগতে তেওঁৰ পত্নী আৰু মুক-বধিৰ ভনীয়েকক খুব বেয়াকৈ প্ৰহাৰ কৰি পলায়ন কৰে৷ ফলত বীৰেণ বৰাৰ পত্নীৰ মূৰ ফাটি যোৱাৰ উপৰি পিঠি আৰু বাহুত জটিলভাবে আঘাত পায়। আনহাতে এই আক্ৰমত বীৰেণ বৰাৰ মুক-বধিৰ ভগ্নীৰ বুকু, ককাঁল, ভৰি আৰু হাতত তথা বীৰেণ বৰাৰ পিঠি আৰু বাহুত খুব বেয়া ধৰণে জখম হয়৷

লগে লগে নিশাই প্ৰতিবেশীলোকে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত তিনিওকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও মূৰত ১৪ টাকৈ চিলাই পৰা বীৰেণ বৰাৰ পত্নীক কালিহে চিকিৎসালয়ৰ পৰা ঘৰলৈ অনা হয় ৷ ইফালে, উক্ত ঘটনাৰ ন্যায় বিচাৰি ভুক্তভোগী পৰিয়ালটোৱে ঘটনাৰ সবিশেষ বিৱৰি যোৱা ১৬ এপ্ৰিলত স্থানীয় জাজৰি থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে আজিকোপতি বিষয়টোত গুৰুত্ব নিদি অভিযুক্ত দুই উদণ্ড ভাতৃক ৰক্ষণাবেক্ষণ দিয়াতহে নামি পৰিছে বুলি বীৰেণ বৰাৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে ৷

এতিয়ালৈকে মহিলাক মাৰধৰ কৰা দুই ভাতৃক আৰক্ষীয়ে আটক নকৰাৰ বিপৰীতে আঘাতপ্ৰাপ্ত কেইজনৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবেও অহা নাই জাজৰি আৰক্ষী ৷ আনকি দুই উতনুৱা যুৱকৰ পিতৃয়ে বীৰেণ বৰাৰ ঘৰৰ সন্মুখতে সকলোয়ে শুনাকৈ 'পুলিচে একো নকৰে ৷ মই মেনেজ কৰি থৈছো ' বুলি ডাংকোপ মাৰি ফুৰা কাৰ্যয়ো আৰক্ষীৰ ভূমিকাক লৈ সকলোৱে মনত সন্দেহ ভাৱ জগাই তুলিছে৷

দুই অভিযুক্তই নিবিঘ্নে ঘূৰি ফুৰাৰ বিপৰীতে জাজৰি আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰি ৰহস্যজনক ভূমিকাহে পালন কৰি অহা কাৰ্যই অভিযুক্তৰ পৰিয়ালৰ সৈতে গোপন বুজাবুজিৰে আৰক্ষীয়ে অভিযুক্ত দুই ভাতৃক একপ্ৰকাৰ ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলিছে ভুক্তভোগী বীৰেণ বৰাৰ পৰিয়াল তথা স্থানীয় একাংশ সচেতন লোকে৷ এই সন্দৰ্ভত উপযুক্ত ন্যায়ৰ বাবে জিলা আৰক্ষী অধীক্ষকৰ হস্তক্ষেপৰো দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে৷