গোৰেশ্বৰঃ বাগছা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত কেৰ্পাভিঠা গাঁৱৰ এটা দুখীয়া পৰিয়ালৰ এগৰাকী কন্যাৰ সৈতে বিবাহ ঠিক হৈছিল কামৰূপ জিলাৰ শুৱালকুছিৰ কলিতা মন্দিৰৰ ৰবীন কলিতাৰ পুত্ৰ কৰুণ কলিতাৰ। ২৩ এপ্ৰিলত নিশা বিবাহৰ বাবে শুৱালকুছিৰ পৰা প্ৰায় ৫০জন বৰযাত্ৰীৰ সৈতে কেৰ্পাভিঠাৰ খগেন ৰাজবংশীৰ চোতালত নিশা প্ৰায় ১. ৩০ বজাত উপস্থিত হয়।

সন্ধিয়া ৮ বজাত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতি দিয়া বৰযাত্ৰীসকল ১.৩০ বজাত আহি খৰখেদাকৈ কইনাঘৰক বিবাহ সম্পন্ন কৰাৰ বাবে হেঁচা দিয়ে। প্ৰায় ২.১৫ বজাত বিবাহ সমাপ্তিৰ পিছতে হঠাত দৰাৰ মুখেৰে ফেন আৰু তেজ ওলাবলৈ ধৰে। ইয়াকে লৈ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় কইনাঘৰত।

অৱশ্যে কিছু সময় পিছত দৰা নিজে নিজে সুস্থ হৈ উঠে। ঘটনাৰ অনুসন্ধানৰ অন্তত প্ৰকাশ পায় যে দৰা কৰুণজ্যোতি কলিতা এজন মদাহী৷ তেওঁ সমনীয়াৰ সৈতে প্ৰায়ে মদ্যপান কৰে। লগতে অসুস্থ হৈ থকা বাবে চিকিৎসকৰ ওচৰলৈও যাবলগীয়া হয় মাজে মাজে।

এনে অৱস্থাত ২৮ বছৰীয়া স্নাতক কইনাজনীয়ে এক কঠোৰ সিন্ধান্ত লয়। শিৰত সেন্দূৰ পিন্ধালেও মদাহী দৰাৰ সৈতে তাই সংসাৰ নপতাৰ সিদ্ধান্ত লয়৷ পিছত দৰা-কইনা দুয়োপক্ষৰ মাজত আলোচনাৰ অন্তত পুৱা প্ৰায় ১১ মান বজাত দৰাপক্ষ কইনা অবিহনে শুৱালকুছিলৈ ৰাওনা হয়।

ইপিনে এই বিষয়ে একাংশ সংবাদ মাধ্যমত পক্ষপাতমূলকভাৱে বাতৰি পৰিবেশন কৰি কইনাৰ নাম-পৰিচয় প্ৰকাশ কৰি কইনাৰ মৰ্যাদা আৰু মান হানি কৰা কাৰ্যত তীব্ৰ দুখ প্ৰকাশ কৰে কইনাৰ পৰিয়ালৰ লগতে গাঁওবাসীয়ে। আনহাতে একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে বৰযাত্ৰীক খুদকণো খাবলৈ নিদিয়া কথাটো সঁচা নহয়।

অৱশ্যে কইনা পক্ষই দৰাঘৰৰ পৰা ক্ষতিপূৰণ বিচাৰি এক সহমতত উপনীত হয়। আনহাতে কইনাপক্ষক মিছা কথাৰে প্ৰলোভিত কৰা আৰু সংবাদ মাধ্যমযোগে কইনাৰ মান হানি কৰাক লৈ এতিয়া আইনৰ কাষ চপাৰ সিদ্ধান্ত লৈছে কইনাপক্ষই। আজি গোৰেশ্বৰ আৰক্ষীক এই বিষয়ে লিখিতভাৱে জনাইছে কইনাৰ পৰিয়ালে। কইনাগৰাকীৰ এনে সাহসিক সিদ্ধান্তক ধন্যবাদ জনাইছে গোৰেশ্বৰৰ সচেতন মহলে।